গুৱাহাটী, ২৩ জুন :অৰণ্য মানৱ যাদৱ পায়েং, হাড়গিলা আৰ্মীসহ অসমৰ ১৫ ব্যক্তি, সংগঠনলৈ ২০২৪ বৰ্ষৰ 'সেউজ সন্ধান বঁটা' প্ৰদান । শনিবাৰে সন্ধিয়া প্ৰকৃতি সংৰক্ষণ আৰু সজাগতাৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি অহা অসমৰ ১৫ গৰাকীকৈ বিশিষ্ট ব্যক্তি আৰু সংগঠনলৈ 'মেঘমল্লাৰ আৰ্ট ফাউণ্ডেছনে' ২০২৪ বৰ্ষৰ 'সেউজ সন্ধান' বঁটা আগবঢ়ায় ।
'মেঘমল্লাৰ আৰ্ট ফাউণ্ডেছন’ৰ ২০২৪ বৰ্ষৰ 'সেউজ সন্ধান' বঁটাসমূহ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় অৰণ্য মানব যাদৱ পায়েং, হাড়গিলা ৱ’মেন খ্যাত পূৰ্ণিমা দেৱী বৰ্মন, আৰণ্যক, বালিপাৰা ফাউণ্ডেছন, ড৹ আব্দুল ৱাকিদ, এল ৰাইনো, অক্ষৰ ফাউণ্ডেছন, গছ বিহু উৎসৱ, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, পৰিৱেশ কৰ্মী তথা বিশিষ্ট পৰিৱেশ সাংবাদিক মুবিনা আখতাৰ, কিশোৰ চৌধুৰী, হাতীবন্ধু প্ৰদীপ ভূঞা, দেৱজিৎ মৰাণ আৰু দ্য মিড ৱে জাৰ্ণিক ।
লগতে পঢ়ক:লোকশিল্পী ধনদা পাঠকলৈ বাণ থিয়েটাৰ লোকশিল্পী বঁটা - Baan Theatre Loksilpi Award 2024