অসম

assam

ETV Bharat / state

এডভাণ্টেজ আছাম: মুখ্যমন্ত্ৰীৰ পূৰ্বে বিদেশলৈ বিনিয়োগ বিচাৰি মন্ত্ৰীবৃন্দ - ADVANTAGE ASSAM SUMMIT

ছিংগাপুৰ-থাইলেণ্ডত মন্ত্রী কেশৱ মহন্ত । ফ্রান্স, ইংলেণ্ড আৰু সংযুক্ত আৰব গণৰাজ্য অভিমুখে যাব মন্ত্রী বিমল বড়া । মুখ্যমন্ত্রী যাব দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰলৈ ।

ADVANTAGE ASSAM SUMMIT
ছিংগাপুৰ-থাইলেণ্ডত মন্ত্রী কেশৱ মহন্ত (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 9:25 PM IST

গুৱাহাটী: এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণকলৈ এতিয়া ব্যস্ত মুখ্যমন্ত্রীকে ধৰি একাংশ মন্ত্রী আৰু আমোলা-বিষয়া । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুম্বাই আৰু দিল্লীত প্ৰচাৰ চলাই অহাৰ পিছত বিদেশলৈ গৈছে এজনৰ পাছত আনজন মন্ত্রী । মুখ্যমন্ত্ৰীয়ে বিনিয়োগকাৰীৰ সন্ধানত বিদেশ অভিমুখে ৰাওনা হোৱাৰ পূর্বেই ৮ জানুৱাৰীত থাইলেণ্ডলৈ গৈছে মন্ত্ৰী কেশৱ মহন্ত । অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছাম-২.০ লৈ থাইলেণ্ডৰ পৰ্যটন আৰু আতিথ্য খণ্ডৰ প্ৰতিনিধি আৰু বিনিয়োগকাৰীক আমন্ত্ৰণ জনোৱাৰ বাবে বেংককত উপস্থিত হৈছে মন্ত্ৰী কেশৱ মহন্ত ।

থাইলেণ্ডত ভাৰতৰ ৰাষ্ট্রদূত নাগেশ সিং, ৰয়েল থাই চৰকাৰৰ পৰ্যটন আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ সচিব ক্ৰিছদা টেণ্টাডটিট, থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ উপ-বৈদেশিক মন্ত্ৰী ৰাছ জালিচন্দ্ৰ, থাইলেণ্ড বিনিয়োগ বৰ্ডৰ উপ-সচিব উইৰাট টাটছাৰিং কানছকুলক সাক্ষাৎ কৰি এডভান্টেজ আছাম-২.০ লৈ আমন্ত্ৰণ জনাই মন্ত্রীগৰাকীয়ে । মন্ত্রী কেশৱ মহন্তই থাইলেণ্ড চৰকাৰৰ বাণিজ্য মন্ত্ৰী ভাৰাৱাঙদা ৰামাংকুৰাজেক সাক্ষাৎ কৰে ।

মন্ত্ৰীজনৰ সৈতে থাইলেণ্ড ভ্ৰমণলৈ গৈছে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যম বিভাগৰ সচিব ডাঃ এছ লক্ষ্মনন, পর্যটন সঞ্চালক ৰণোজ বৰকটকী আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ যুটীয়া সচিব অভিষেক জৈন । থাইলেণ্ড ভ্রমণ সামৰি মন্ত্ৰী কেশৱ মহন্ত সদলবলে মালয়েছিয়া অভিমুখে ৰাওনা হ'ব ।

ইফালে মন্ত্ৰী কেশৱ মহন্তৰ সমান্তৰালভাৱে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়া ১১ জানুৱাৰীত ৰাওনা হ’ব ফ্রান্স, ইংলেণ্ড আৰু সংযুক্ত আৰব গণৰাজ্য অভিমুখে । সাতদিনীয়া এই ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰী বিমল বৰাই ৰাষ্ট্ৰকেইখনত বিনিয়োগকাৰীক সাক্ষাৎ কৰি অসমলৈ বিনিয়োগৰ বাবে আমন্ত্ৰণ জনাব ।

উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগকাৰীৰ সন্ধানত আৰু এডভান্টেজ আছাম ২.০ লৈ আমন্ত্রণ জনোৱাৰ উদ্দেশ্যেৰে ১৯ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ সদলবলে দক্ষিণ কোৰিয়া আৰু জাপান আৰু ১০ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ ছিংগাপুৰ ভ্ৰমণ কৰিব । তদুপৰি অসম কেবিনেটৰ অন্য একাংশ মন্ত্রীও বিনিয়োগকাৰী বিচাৰি শীঘ্ৰে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ যাব ।

বেংককত থাইলেণ্ডৰ দুই মন্ত্ৰীক সাক্ষাৎ মন্ত্ৰী কেশৱ মহন্তৰ :

'এডভাণ্টেজ আছাম ২.০'ৰ প্ৰচাৰৰ বাবে অসম চৰকাৰৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দলক নেতৃত্ব দি বৃহস্পতিবাৰে বেংককত উপস্থিত হোৱা অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে থাইলেণ্ডৰ দুগৰাকী গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ কৰি উদ্যোগ আৰু বাণিজ্যৰ শীৰ্ষ সন্মিলনখনলৈ আমন্ত্ৰণ জনায় ।

বেংককস্থিত ভাৰতীয় দূতাবাসৰ উপ-ৰাষ্ট্ৰদূত পৌলমী ত্ৰিপাঠীৰ লগতে অসমৰ পৰা প্ৰতিনিধি দলটোৰ সদস্য হিচাপে যোৱা উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যম বিভাগৰ সচিব ডাঃ এছ লক্ষ্মনন, পৰ্যটন সঞ্চালক ৰণোজ বৰকাকতী, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব অভিষেক জৈন আৰু ফিক্কিৰ চিংগাপুৰ অঞ্চলৰ সঞ্চালক নভিতা মায়েৰৰ সৈতে মন্ত্ৰী মহন্তই শুকুৰবাৰে থাইলেণ্ডৰ পৰ্যটন আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সচিব আৰু থাইলেণ্ড বিনিয়োগ পৰিষদৰ (বোৰ্ড অব ইনভেষ্টমেণ্ট) উপ-সচিব প্ৰধানৰ সৈতেও সুকীয়া বৈঠকত মিলিত হৈ অসমত বিনিয়োগৰ বাবে থাই বিনিয়োগকাৰীসকলক উৎসাহিত কৰাত থাইলেণ্ড চৰকাৰৰ সহযোগিতা বিচাৰে ।

দুপৰীয়াৰ ভাগত মন্ত্ৰী মহন্তই ভাৰতৰ উপ-ৰাষ্ট্ৰদূত ত্ৰিপাঠী আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াত্ৰয় আৰু ফিক্কিৰ ছিংগাপুৰৰ সঞ্চালকগৰাকীৰ সৈতে বেংককস্থিত থাইলেণ্ডৰ বাণিজ্য মন্ত্ৰালয়ত উপস্থিত হৈ ৰয়েল থাই চৰকাৰৰ উপ-বাণিজ্য উপমন্ত্ৰী ভাৰাভংচা ৰামাংকুৰাৰে এখন বৈঠকত মিলিত হয় । বৈঠকত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য 'এডভান্টেজ আছাম ২.০' শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনখনত এছিয়ান ৰাষ্ট্ৰ হিচাপে থাইলেণ্ডৰ অংশগ্ৰহণৰ বাবে অনুৰোধ জনোৱাৰ লগতে বাণিজ্য উপমন্ত্ৰী ৰামাংকুৰাক অসম চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায় ।

এই সাক্ষাৎকালত থাইলেণ্ডৰ সম্ভাৱ্য বিনিয়োগকাৰী আৰু শীৰ্ষ উদ্যোগপতিসকলক গুৱাহাটীত অনুষ্ঠিতব্য উদ্যোগ আৰু বাণিজ্য সন্মিলনখনত অংশগ্ৰহণৰ বাবে ৰয়েল থাই চৰকাৰৰ তৰফৰ পৰা উদগণি যোগাবলৈও দেশখনৰ বাণিজ্য উপমন্ত্ৰীগৰাকীক মন্ত্ৰী মহন্তই অনুৰোধ কৰে ৷ ইয়াৰ পূৰ্বে মন্ত্ৰী মহন্তই বেংককস্থিত থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত ৰয়েল থাই চৰকাৰৰ উপ-বৈদেশিক মন্ত্ৰী ৰাছ জালিচন্দ্ৰৰ সৈতেও এক বৈঠকত অংশগ্ৰহণ কৰে ।

আনহাতে মন্ত্ৰী কেশৱ মহন্তসহ অসমৰ উচ্চস্তৰীয় প্ৰতিনিধি দলটোৱে বেংককত থকা থাইলেণ্ডৰ 'বোৰ্ড অব ইনভেষ্টমেণ্ট'ৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি দেশখনৰ উদ্যোগ আৰু বাণিজ্য খণ্ডত মহত্বপূৰ্ণ ভূমিকা গ্ৰহণকাৰী বিনিয়োগ পৰিষদখনৰ উপ-সচিব প্ৰধান উইৰাট টাটছাৰিংকানছাকুল আৰু তেওঁৰ সহযোগীসকলে সৈতে আন এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

আলোচনা কালত দক্ষিণ পূৱ এছিয়াৰ লগতে আছিয়ান দেশসমূহৰ বাবে অসমখন ভাৰতৰ মূল প্ৰৱেশদ্বাৰ হোৱাৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰি অসম শেহতীয়াকৈ বৈদেশিক পুঁজি বিনিয়োগৰ বাবে অতি আকৰ্ষণীয় কেন্দ্ৰ ৰূপে উদ্ভাষিত হ'বলৈ ধৰাৰ বিষয়ে থাইলেণ্ডৰ বিনিয়োগ বোৰ্ডৰ শীৰ্ষ কাৰ্যবাহী সকলক অৱগত কৰে মন্ত্ৰী মহন্তৰ লগতে উপ-ৰাষ্ট্ৰদূত ত্ৰিপাঠী আৰু অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা উদ্যম বিভাগৰ সচিব ডাঃ লক্ষ্মননে । তদুপৰি ডাটা চেণ্টাৰ বিকাশ, ইলেক্ট্ৰনিক উদ্যোগ আৰু সেউজ শক্তিৰ উৎপাদন তথা প্ৰেৰণৰ ক্ষেত্ৰত অসম আৰু থাইলেণ্ডৰ পাৰস্পৰিক সহযোগিতাৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় ।

লগতে পঢ়ক:এডভাণ্টেজ আছাম ২.০: বিনিয়োগকাৰীৰ সন্ধানত বিদেশলৈ যোৱাৰ যো-জা মুখ্যমন্ত্রীৰ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ জোৰদাৰ প্ৰচাৰ: দিল্লীত ৩৭ খনৰো অধিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, বাণিজ্য প্ৰতিনিধিক সাক্ষাৎ মুখ্যমন্ত্রীৰ

এডভাণ্টেজ অসমৰ প্ৰচাৰৰ বাবে মুম্বাইত ব্যস্ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

বিদেশী বিনিয়োগৰ ক্ষেত্রত অসমৰ স্থান ২৬ : এইবাৰ এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

ABOUT THE AUTHOR

...view details