অসম

assam

ETV Bharat / state

আজিৰে পৰা এডভাণ্টেজ আছাম ২.০ : গুৱাহাটীত দেশী-বিদেশী বিনিয়োগকাৰী সমাগম - ADVANTAGE ASSAM 2

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰিব এডভাণ্টেজ আছাম ২.০ ৷ বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, শিল্পপতি আৰু বিনিয়োগকাৰীৰে ভৰি পৰিছে গুৱাহাটী ৷

ADVANTAGE ASSAM 2
গুৱাহাটীত দেশী-বিদেশী বিনিয়োগকাৰী সমাগম (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 10:46 AM IST

গুৱাহাটী :প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱানিশা আনুষ্ঠানিকভাৱে প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰাৰ পাছত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ'ব বহু চর্চিত এডভাণ্টেজ আছাম ২.০ । আজি পুৱা ১০.৩০ বজাত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব এডভাণ্টেজ আছাম ২.০। এডভাণ্টেজ আছাম ২.০ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে বিশ্বৰ ৪৫ খন দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত আৰু প্ৰতিনিধিৰ দল অসমত উপস্থিত হৈছে । ইয়াৰে প্ৰায় সংখ্যকে সোমবাৰে বিয়লি ঝুমুৰ নৃত্যৰ মেগা অনুষ্ঠান উপভোগ কৰে ।

উল্লেখ্য যে, দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্রী এছ জয়শংকৰৰ নেতৃত্বত ঘানাৰ পৰা আয়াৰলেণ্ডলৈকে ৪৫ খন দেশৰ ৮১ জনীয়া প্রতিনিধি দলটোক সোমবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনায় মন্ত্ৰী অতুল বৰাই । দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্রী এছ জয়শংকৰৰ নেতৃত্বত ভাৰতৰ লগতে অষ্ট্ৰিয়া, ভূটান, জাপান, বাংলাদেশ, জার্মানী, জর্জিয়া, ফিনলেণ্ড, ইটালী, ইৰাক আদি কৰি প্ৰায় ৪৫খন দেশৰ ৰাষ্ট্রদূত, উচ্চায়ুক্ত, প্ৰতিনিধিৰ ৮১ জনীয়া দলটো দেওবাৰৰ নিশা কাজিৰঙাত উপস্থিত হৈছিল । নিশা প্রায় ৯ বজাত ৰয়েল দিকাছা আৰু বৰগছত নিশা কটাই পুৱা দলটোৱে ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল ।

আজিৰে পৰা এডভাণ্টেজ আছাম ২.০ (ETV Bharat Assam)

প্ৰতিনিধিৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত প্ৰথমতে হাতী ছাফাৰী কৰিছিল । ইফালে এডভাণ্টেজ আছাম ২.০ত ভাগ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে আদানি গ্রুপৰ অধ্যক্ষ গৌতম আদানি, জে এছ ডব্লিউৰ অধ্যজ্ঞ সজ্জন জিন্দাল, জিন্দাল গ্ৰুপৰ অধ্যক্ষ সাবিত্রী জিন্দাল, ৰিলায়েন্স গ্রুপৰ অধ্যক্ষ মুকেশ আম্বানি, বেদান্ত লিমিটেডৰ অধ্যক্ষ অনিল আগৰৱালা, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটি কমিচনাৰ ৰবি শংকৰ, অ’ এন জি চিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অৰুণ কুমাৰ সিং, এছ আৰ গ্ৰুপৰ অধ্যক্ষ প্ৰশান্ত বৰুইয়া, টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰ শেখৰণ সমন্বিতে প্রায় ৩০০ শিল্পপতি আৰু বিনিয়োগকাৰী ।

গুৱাহাটীত ৰিলায়েন্স গ্রুপৰ অধ্যক্ষ মুকেশ আম্বানি (ETV Bharat Assam)

উল্লেখ্য যে, সোমবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ‘ঝুমুইৰ বিনন্দিনী’ অনুষ্ঠানত ভাগ লোৱাৰ পাছত নিশা উদ্বোধন কৰে এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ প্ৰদৰ্শনী । ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপৰি অভ্যাগতৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভাণ্টেজ আছাম ২.০ৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে । তেওঁ এডভাণ্টেজ আছাম ২.০ৰ বিভিন্ন বিপনী, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ কক্ষও পৰিদৰ্শন কৰে ।প্ৰধানমন্ত্রীয়ে অংশগ্ৰহণকাৰীসকলৰ লগত মত বিনিময়ো কৰে ।

এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ প্ৰদৰ্শনী পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ (ETV Bharat Assam)

প্ৰধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ পাছতে আজিৰে পৰা এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন আজিৰে পৰা আৰম্ভ হ'ব । ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটে ১ লাখ ২২ হাজাৰ কোটি টকাৰ ২৫০ খন বুজাবুজিৰ চুক্তিৰ বাবে অনুমোদন জনাইছে । ইফালে দেশৰ শীৰ্ষ উদ্যোগপতিয়ে অংশগ্ৰহণ কৰা সন্মিলনত উপস্থিত থাকিব দেশী-বিদেশী ৩০০ৰো অধিক শিল্পপতি । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৯ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী । সন্মিলনত কেন্দ্ৰীয় মন্ত্রীৰ নেতৃত্বত কেইবাটাও বিষয়ত কেইবাখনো ছেচন অনুষ্ঠিত হ'ব ।

আজিৰে পৰা এডভাণ্টেজ আছাম ২.০ (ETV Bharat Assam)

লগতে পঢ়ক:ঝুমুৰৰ বিনন্দীয়া সুৰধ্বনিৰে মুখৰিত হ'ল সৰুসজাইৰ আকাশ-বতাহ

দুভৰিৰ ছন্দ প্ৰাণভৰি উপভোগ কৰিবলৈ গুৱাহাটীত প্ৰধানমন্ত্ৰী: বৰঝাৰৰ পৰা পোনে পোনে সৰুসজাইলৈ

ABOUT THE AUTHOR

...view details