অসম

assam

বানত জুৰুলা ৰাজ্যবাসী ; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 9:51 AM IST

Flood situation in Assam: বৰ্তমানেও ৰাজ্যত উন্নত হোৱা নাই বান পৰিস্থিতিৰ ৷ কেবাস্থানতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে । মাজুলী, বাক্সা, বঙাইগাঁও, নলবাৰী যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ বহু পৰিয়াল এতিয়াও বানৰ কবলত ।

floods in different parts of assam have caused disruption in life
বানত জুৰুলা ৰাজ্যবাসী; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ (ETV Bharat)

নিউজ ডেস্ক, 1 জুলাই : জটিল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে ৷ পূৰ্বতকৈ ৰাজ্যৰ কিছু কিছু প্ৰান্তত পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু স্থানত বৰ্তমানেও বানে নৈপৰীয়া ৰাইজৰ জীৱন-জীৱিকাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি অহা পৰিলক্ষিত হৈছে ৷

বানত জুৰুলা ৰাজ্যবাসী; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ (ETV Bharat)

ধেমাজি জিলা

নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰো বিভিন্ন ঠাই প্লাৱিত হৈছে ৷ বিশেষকৈ বিগত বছৰৰ দৰে এইবাৰো ধেমাজি জীয়াঢল নদীৰ কাংকু সুঁতিটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰা বাবে এইবেলিও তিনিদিন ধৰি ধেমাজিৰ জীয়াঢল চাৰিআলিৰ পৰা ভজু গাঁওলৈকে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত 1 কিঃমিঃ পৰ্যন্ত পানী বাগৰি আছে ৷

বানাক্ৰান্তৰ কাষত মন্ত্ৰী সঞ্জয় কিষান (ETV Bharat)

দেওবাৰে সন্ধিয়া ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষানে জিলাখনৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহি পানীয়ে জলমগ্ন কৰা ভজু গাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো পৰিদৰ্শন কৰে ৷

বঙাইগাঁও জিলা

বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত 2 নং বাশবাৰি আই নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । হঠাৎ পানী বৃদ্ধি পোৱাত জলমগ্ন হৈ পৰিছে কুৰিখনৰো অধিক গাঁও । 4, 5 আৰু 6 নং ভাণ্ডাৰা, বালাৰপেট, টেন্টনপুৰ, বাশবাৰী, তিলপুখুৰীকে আদি কৰি কুৰিখনৰো অধিক ৰাজহ গাঁও বৰ্তমান প্লাবিত হৈ পৰিছে ।

বৃহত্তৰ অঞ্চলটোৰ যাতায়তৰ একমাত্ৰ পকী পথ ডাঙাইগাঁও-কীৰ্ত্তনপাৰা পথটো ডুব যোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে । হাহাকাৰ লাগিছে বানাক্ৰান্ত ৰাইজৰ মাজত । আক্ষেপজনিত বিষয় যে এতিয়ালৈকে জিলা প্ৰশাসনে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

বানত জুৰুলা ৰাজ্যবাসী; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ (ETV Bharat)

নলবাৰী জিলা

নলবাৰী জিলাৰ নৱগঠিত টিহু বিধানসভা সমষ্টিৰ কৈঠালকুছিৰৰ গড়বেৰত মৰা পাগলদিয়াৰ সুঁতিয়ে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । এই ক্ষেত্ৰত কাণষাৰ নাই স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ । প্ৰাণৰ মমতাত এতিয়া নিজ ঘৰ এৰি নিৰাপদ স্থানলৈ যাবলৈ বাধ্য হৈছে নৈপৰীয়া ৰাইজ ।

স্থানীয় বিধায়কৰ লগতে চৰকাৰলৈ আহ্বান ৰাইজৰ যাতে অতি শীঘ্ৰে গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা হাতত লয় ৷ বান সমস্যা সমাধানৰ বাবে স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৷

যোৰহাট জিলা

নিমাতী আৰু হাতীশালৰ ব্ৰহ্মপুত্ৰ শ্লুইছ গেটৰ প্লেন চি বিধস্ত । বৃহৎ অঞ্চল প্লাৱিত হোৱা আশংকাত আতংকিত হৈ পৰিছে স্থানীয় লোক । যোৰহাটৰ ৰক্ষা কৱচ স্বৰূপ বৰআলিৰ প্ৰতি তীব্ৰ ভাবুকি ৷

বানত জুৰুলা ৰাজ্যবাসী; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ (ETV Bharat)

লগতে পঢ়ক:বানত এতিয়াও ককবকাই আছে সাতখন জিলাৰ লক্ষাধিক লোক; মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি - ASSAM FLOOD 2024

পূৰ্বৰ বছৰবোৰৰ তুলনাত এইবাৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বহু পৰিমাণে বৃদ্ধি পোৱাৰ বাবে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিমাতীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহ বুৰাই পেলাইছে ৷ জিলাখনৰ টীয়ক মেলেং, হাতীশালত ভয়ংকৰ বানৰ আশংকা কৰা হৈছে । ইতিমধ্যে প্ৰশাসনে সকলো নৈপৰীয়া ৰাইজক সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে ।

ধেমাজিজিলা

অৰুণাচল প্ৰদেশৰ পৰা চিলাপথাৰ অঞ্চলৰ মাজেৰে বৈ অহা ডিমৌ নদীয়ে সৃষ্টি কৰিছে তীব্ৰ আতংকৰ । ফে‍নেফোটোকাৰে বৈ অহা নদীখনৰ ভয়াৱহ সোঁতে দেওবাৰে 4 টাকৈ ঘৰ উটুৱাই লৈ গ'ল বুলি জানিব পৰা গৈছে । ঘৰ-বাৰী, মূল্যৱান গছ-গছনি, শস্যৰ ভঁৰাল আদি সকলো হেৰুৱাই মূৰে-কঁপালে হাত দিবলগীয়াত পৰিছে গঞাই ।

লগতে পঢ়ক:জোনাইত লালী-ব্ৰহ্মপুত্ৰৰ কালৰূপ, ২৮ শ গাঁও বানৰ কবলত - ASSAM FLOOD 2024

অৱশিষ্ট বয়-বস্তু, ধন-মাহ লৈ নিৰাপদ স্থান বিচাৰি বানাক্ৰান্তসকলে যাত্ৰা কৰিছে বুলি জানিব পৰা গৈছে । উন্নত প্ৰতিৰোধী ব্যৱস্থাৰ অভাৱত প্ৰতিটো বছৰে এনে দুৰ্যোগৰ সন্মুখীন হৈ আহিছে নৈপৰীয়া ৰাইজ ।

ইতিমধ্যে স্থানীয় বিধায়ক ভূৱন পেগুৱে খহনীয়া তথা ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি অচিৰেই নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰিছে ।

লগতে পঢ়ক:383 খন গাঁও আজিও পানীৰ তলত ; 32 জনলৈ‌ বৃদ্ধি মৃতকৰ সংখ্যা - Assam flood 2024

জীয়াঢলৰ কাংকু সুঁতিৰ বাঢ়নী পানীত বুৰিল ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ - Assam Flood 2024

বান নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূবত সৃষ্টি কৰিব লাগে বৃহৎ পুখুৰী: পৰ্যালোচনা বৈঠকত অমিত শ্বাহৰ পৰামৰ্শ - HM Amit Shah

আহাৰৰ বলিয়া বানত জুৰুলা ৰাজ্যৰ জনতা - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details