বাক্সা, ১৮ জুলাই: পূৰ্বৰ বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা বৰ্তমানৰ নৱগঠিত টিহু সমষ্টিৰ সন্ধেলী মাক্ৰাপাৰাৰ আদৰ্শ খেতিয়ক তপন ডেকাৰ ঘৰত হাহাকাৰ অৱস্থা ৷ নহ’বইনো কিয় ? চলিত বছৰৰ বানে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিলে আদৰ্শ খেতিয়কগৰাকীৰ জীৱন জীৱিকাৰ সম্বলসমূহ ৷
আদৰ্শ খেতিয়ক হিচাপে পৰিচিত তপন ডেকাই নিজ ঘৰতে গোবৰ গেছ, কেঁচুসাৰৰ লগতে কৃষিৰ বাবে প্ৰয়োজনীয় অন্যান্য জৈৱিক খেতি কৰি বছৰি উপাৰ্জন কৰিছিল লক্ষাধিক টকা ৷ কিন্তু শেহতীয়াকৈ নলবাৰী জিলাৰ পশ্চিম প্ৰান্তত হোৱা বানে খেতিয়কগৰাকীৰ সকলো সপোন তচনচ কৰে ৷
লগতে পঢ়ক:বুঢ়াদিয়াই ছিগিলে মথাউৰি, প্লাৱিত শতাধিক পৰিয়াল - Assam Flood 2024
মাত্ৰ চাৰি বিঘা মাটিত বছৰি বিভিন্ন ধৰণৰ খেতিৰে ডেকাই উৎপাদন কৰে কেইবালক্ষাধিক টকা ৷ যি সময়ত এটা সাধাৰণ চাকৰিৰ বাবে বহু নিৱনুৱা যুৱক-যুৱতীয়ে বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়তে সন্ধেলী মাক্ৰাপাৰৰ বাসিন্দা তপন ডেকাই চাকৰিৰ আশা বাদ দি কেঁচুসাৰ উৎপাদনৰে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শনো যুৱপ্ৰজন্মৰ আগত দাঙি ধৰিছে ৷