লখিমপুৰ, 1 জুলাই:লখিমপুৰত পাঁচটা স্থানত জিলা আয়ুক্তৰ পৰ্যালোচনা সভা । লখিমপুৰত দুই জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া জিলা আয়ুক্তসকলৰ সন্মিলনখন ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বাবে স্থগিত ৰখা হয় । আজি চৰকাৰীভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । পিচে মূল সন্মিলনখন স্থগিত ৰাখিলেও আজি লখিমপুৰত পাঁচখন পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায় ।
লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়কে ধৰি পাঁচটা স্থানত এই পৰ্যালোচনা সভাসমূহ অনুষ্ঠিত হয় । লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা পৰ্যালোচনা সভাখনত শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ জিলা আয়ুক্তসকল উপস্থিত থাকে । এই পৰ্যালোচনা সভাখনত মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে ।
ইফালে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা পৰ্যালোচনা সভাখনত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু মাজুলী জিলাৰ আয়ুক্তসকলে অংশগ্ৰহণ কৰে । এইখন সভাত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।
লগতে পঢ়ক:প্ৰবল বানৰ কবলত লখিমপুৰ জিলা : স্থগিত জিলা আয়ুক্ত সন্মিলন - Assam floods 2024
নৱ নিৰ্মিত লখিমপুৰ সন্মিলন কেন্দ্ৰত আয়োজিত পৰ্যালোচনা সভাখনত কামৰূপ, কামৰূপ মেট্ৰ’, নলবাৰী, বৰপেটা, বজালী, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমৰা জিলাৰ আয়ুক্তসকলে অংশগ্ৰহণ কৰে । সভাখনত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ।