অসম

assam

ETV Bharat / state

ভাওনাৰ তত্ব লোৱা মানে গুৰুজনাৰ আদৰ্শক আঁকোৱালি লোৱা: ড৹ পীতাম্বৰ দেৱ গোস্বামী - ASSAM BHAONA SAMMELAN

৬ ডিচেম্বৰৰ পৰা যোৰহাটৰ টীয়কত অসম ভাওনা সন্মিলনৰ প্ৰথম অভিৱৰ্তন । প্ৰদৰ্শিত হ'ব চাৰিখন ভাওনা ।

First convocation of Assam Bhaona Sammelan at Teok from December 6
অসম ভাওনা সন্মিলনৰ প্ৰথম অভিৱৰ্তন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 2, 2024, 3:39 PM IST

যোৰহাট: "ভাওনাৰ তত্ব লোৱা মানে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শক আঁকোৱালি লোৱা । গুৰুজনাৰ আদৰ্শ অবিহনে আমাৰ জীৱন সম্পূৰ্ণ হৈ নুঠে । আমাৰ উদ্দেশ্য নৱ-প্ৰজন্মৰ যিসকলে ভাওনাৰ তত্ব এতিয়াও লোৱা নাই, তেওঁলোকক এই তত্ব সম্পৰ্কে জ্ঞান দি এক সফল জীৱন যাপন কৰাৰ ক্ষেত্ৰত পথ দেখুওৱা । কিয়নো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শত আছে বহল মন, উদাৰ মন, সকলোকে আঁকোৱালি লোৱাৰ প্ৰৱণতা । এই বাৰ্তা দিছে আমাক ভাওনাই । এই কথা আমি নৱ-প্ৰজন্মৰ মাজত প্ৰচাৰ কৰা উচিত ।"-এই মন্তব্য মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা সদৌ অসম ভাওনা সন্মিলনৰ সভাপতি ড৹ পীতাম্বৰ দেৱ গোস্বামীৰ ।

যোৰহাটৰ টীয়কৰ কলীয়াপানীস্থিত আউনীআটী শাখা সত্ৰত ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া সদৌ অসম ভাওনা সন্মিলনৰ প্ৰথম অভিৱৰ্তন উপলক্ষে আজি যোৰহাটৰ হোটেল মেনৰত আয়োজিত এক সংবাদমেলত এইদৰে উল্লেখ কৰাৰ লগতে সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে লগতে কয়,"বৰ্তমান তথ্য প্ৰযুক্তিৰ যুগ । সকলোৱে এক বিশেষ ধৰণৰ জীৱন যাপন কৰে । সকলো নিজ কামত ব্যস্ত । কিন্তু ধাৰণা হয় যেন আমাৰ মাজত আধ্যাত্মিকতা কমি গৈছে । বাহ্যিকভাৱে আমি আধ্যাত্মিক । কিন্তু যেন আন্তৰিক ভাবে আমি আধ্যাত্মিক নহয় । নহ'লে আমাৰ সমাজত কিয় অপ্ৰীতিকৰ পৰিবেশ সূচনা হৈছে ।"

অসম ভাওনা সন্মিলনৰ প্ৰথম অভিৱৰ্তন (ETV Bharat Assam)

তেওঁ লগতে কয়,"মহাপুৰুষ গুৰুজনাই আমাক নাম, ভাওনাৰ জৰিয়তে একত্ৰিত কৰিছিল । নামঘৰ, সত্ৰত নাম ল'লে বিভিন্ন উপাধি, ধৰ্মৰ মানুহ একত্ৰিত হয় । আমি কিন্তু তেওঁলোকক সম্বোধন কৰো ভকত হিচাপেহে আৰু এই ভকত সংজ্ঞাৰ মাজত আছে আধ্যাত্মিক চেতনা, সমন্বয়ৰ বাৰ্তা । শিক্ষা পোনে পোনে কবলৈ গলে আমাক ভাওনাই দিছে । সমাজৰ সকলো স্তৰৰ ৰাইজ বহি থাকিব পৰাটো হৈছে ভাওনাৰ ধৰ্ম, আদৰ্শ । হয়তো পৃথিৱীৰ কোনো স্থানত এনে অনুষ্ঠান নাই আৰু এই সকলো দিশৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ আজিৰ পৰা ডেৰ বছৰ পূৰ্বে গঠিত হৈছিল সদৌ অসম ভাওনা সন্মিলন ।"

সন্মিলনৰ উদ্দেশ্য বাখ্যা কৰি সত্ৰাধিকাৰগৰাকীয়ে কয়,"এই সন্মিলনৰ উদ্দেশ্য হৈছে প্ৰকৃত ৰূপত ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰ । ইয়াৰ প্ৰথমখন অভিৱৰ্তন বিভিন্ন কাৰ্যসূচীৰে অহা ৬, ৭, ৮ ডিচেম্বৰত যোৰহাটৰ টীয়কত অনুষ্ঠিত হ'ব । এই অভিৱৰ্তনত চাৰিখন ভাওনা প্ৰদৰ্শন কৰা হ'ব । সেই অনুসৰি এখন সত্ৰৰ পৰম্পৰাগত ভাওনা, এখন অংকীয়া ভাওনা, এখন পূৰ্বৰ আৰ্হিৰ ভাওনা আৰু এখন বৰ্তমান প্ৰচলিত ধাৰাৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব । লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হ'ব কেইবাখনো আলোচনা চক্ৰ । সেই অনুসৰি যুৱ সন্মিলন, ভাওনাৰ বিচাৰক, অভিনয় শিল্পীৰ সন্মিলন, অনুষ্ঠিত কৰাৰ লগতে অন্তিম দিনা অনুষ্ঠিত হ'ব বিশেষ সমাৱৰ্তন কাৰ্যসূচী ।"

আনহাতে সংবাদমেলত সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে কয় ,"মহাপুৰুষ গুৰুজনাই আমাক যি ভাওনা সংস্কৃতি দিলে তাৰ জৰিয়তে অসমৰ ৰাইজে সাংস্কৃতিক, শৈক্ষিক, আধ্যাত্মিক জীৱনৰ সৌধ ৰচনা কৰিব পাৰে আৰু এই সৌধ মিনা কৰা সৌধ । নৈতিক আধ্যাত্মিক জ্ঞান অবিহনে মানৱ জীৱন পৰিচালিত হ'ব নোৱাৰে আৰু এই সকলো শিক্ষা আমি লাভ কৰো ভাওনাৰ পৰা । ভাওনাই অধৰ্মীক ধাৰ্মিক কৰে, নিস্তেজজনক তেজ দিয়ে, অজ্ঞানীক জ্ঞান দিয়াৰ শিক্ষা দিয়ে । আমি ভাবো যে মৃত্যুৱে আমাক পৰিত্ৰাণ দিয়ে । কিন্তু আমি বাস্তৱ জীৱনতো পৰিত্ৰাণ বিচাৰো আৰু এই পথ আমাক প্ৰদৰ্শন কৰে ভাওনাই ।"

লগতে পঢ়ক:শ্ৰীশ্ৰীমাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে কলিয়াবৰত 'পিতা-পুত্ৰৰ যুদ্ধ' প্ৰদৰ্শন - Bhaona in Kaliabor

সফল সামৰণি পৰিল কলিয়াবৰৰ হাজাৰী ভাওনা ২০২৪ - Assam Historic Hazari Bhauna

ABOUT THE AUTHOR

...view details