গুৱাহাটী, 12 মে’: গুৱাহাটী মহানগৰীৰ সাতগাঁৱত দেওবাৰে বিয়লি ভাগত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা । সাতগাঁও প্ৰাথমিক চিকিৎসালয়ৰ সমীপত এটা খালী চৌহদত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ খালী গেছৰ পাইপত আকস্মিকভাৱে জুই লগাৰ ফলত অঞ্চলটোত সৃষ্টি হয় হুৱা-দুৱা ৷
ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে বিয়লি প্ৰায় ৩.৩০ মান বজাত হৰিচন্দ্ৰ দাস নামৰ লোকজনৰ চৌহদটোত মজুত কৰি ৰখা বৃহৎসংখ্যক গেছৰ পাইপত আকস্মিকভাৱে জুই লগাৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয় ৷
পৰৱৰ্তী সময়ত এই জুইৰ লেলিহান শিখাই চৌদিশে আগুৰি ধৰাত অঞ্চলটোত এক হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হয় ৷ ততালিকে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ এই খবৰ লাভ কৰি কিছুসময়ৰ পিছতে অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ 5 খনকৈ বাহন ৷ অৱশেষত অগ্নিনিৰ্বাপক বাহিনীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত এই জুই নিৰ্বাপণ হয় ৷ যাৰ বাবে সাম্ভাব্য বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো ৷