অসম

assam

ETV Bharat / state

ধন দাবীৰ অভিযোগত প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল - FIR against Luit Kumar Barman

Luit Kumar Barman: ধন দাবীৰ অভিযোগত জিলা আয়ুক্তৰ এজাহাৰৰ ভিত্তিত নলবাৰী সদৰ থানাত নিশালৈকে জেৰাৰ সন্মুখীন চলচ্চিত্ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মন । এই প্ৰসংগত বৰ্মনে কয় যে, "মোক যেনেকৈ নলবাৰী থানালৈ আনিছে, ময়ো বৰ্ণালী ডেকাক উচ্চ ন্যায়ালয়লৈ নিম" ৷

By ETV Bharat Assamese Team

Published : May 13, 2024, 1:02 PM IST

FIR WAS FILED AGAINST PRODUCER LUIT KUMAR BARMAN ON CHARGES OF EXTORTION BY NALBARI DC
Etv Bharat (Etv Bharat Assam)

লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল (etv bharat assam)

নলবাৰী, 13 মে’:বিগত কিছুদিনৰে পৰা সংবাদ চৰ্চাত আছে নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ নাম ৷ পুনৰ এবাৰ সংবাদ শীৰ্ষ দখল কৰিছে জিলা আয়ুক্তগৰাকীয়ে ৷ এইবাৰ পিছে জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে উত্থাপিত হোৱা নাই কোনো গোচৰ ৷

বিপৰীতে খোদ আয়ুক্তগৰাকীয়েহে ধন দাবীৰ অভিযোগত নলবাৰী থানাত দাখিল কৰিলে এজাহাৰ ৷ এই অভিযোগ উত্থাপিত হৈছে চলচিত্ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে চলচ্চিত্ৰ নিৰ্মাতা লুইত কুমাৰ বৰ্মনে ধাৰাবাহিকভাৱে ছ'চিয়েল মিডিয়া ফেচবুকযোগত ভিন্ন কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি দিছিল বহু বিস্ফোৰক পোষ্ট ৷ যি সমূহ ততালিকে ভাইৰেল হৈ পৰাত চৰ্চিত হৈছিল সকলোৰে মাজত ৷

পৰৱৰ্তী সময়ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিনটোত গৰ্ডন স্কুলত অৱস্থিত ষ্ট্ৰং ৰুমত জিলা আয়ুক্তক কোনোবাই লুইত কুমাৰ বৰ্মনৰ মানুহ বুলি কৈ দহ লাখ টকা দাবী কৰে ৷ এই অভিযোগতে জিলা আয়ুক্ত বৰ্ণালী ডেকাই নলবাৰী সদৰ আৰক্ষী থানাত প্ৰযোজকগৰাকীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰুজু কৰে এক গোচৰ ৷ এই কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে স্বয়ং প্ৰযোজকগৰাকীয়ে ৷

উল্লেখ্য যে, দেওবাৰে আবেলি এই গোচৰৰ ভিত্তিতে নলবাৰী সদৰ আৰক্ষী থানাত হাজিৰ হৈছিল লুইত কুমাৰ বৰ্মন ৷ আৰক্ষীয়ে বৰ্মনক প্ৰায় 3 ঘণ্টা সময়ধৰি জেৰা চলায় ৷ জেৰাৰ অন্তত থানাৰ বাহিৰলৈ আহি জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে লুইত কুমাৰ বৰ্মন ৷

তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, এই অভিযোগ ভিত্তিহীন ৷ কিয়নো ষ্ট্ৰং ৰুমৰ দৰে যথেষ্ঠ নিৰাপত্তা থকা এটা স্থানত বাহিৰৰ লোকে কেনেকৈ প্ৰৱেশ কৰি এগৰাকী জিলা আয়ুক্তক ধন দাবী কৰিব পাৰে?

যদিহে সঁচাকৈ কোনো লোকে বৰ্ণালী ডেকাক ধন দাবী কৰিছে, তেন্তে তেওঁক আটক কৰা নহ’ল কিয় বুলিও জিলা আয়ুক্তগৰাকীক সংবাদ মাধ্যমৰ জৰিয়তে পোনপটীয়া প্ৰশ্ন কৰে প্ৰযোজক বৰ্মনে ৷ সমান্তৰালকৈ যিগৰাকী লোকে লুইত কুমাৰ বৰ্মনৰ নামত ধন দাবী কৰিছে, সেইজন লোকক আটক কৰিব লাগিবই বুলিও দাবী উত্থাপন কৰে প্ৰযোজকগৰাকীয়ে ৷

আনহাতে, জিলা আয়ুক্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ প্ৰদান কৰে প্ৰযোজকগৰাকীয়ে ৷ এই প্ৰসংগত বৰ্মনে কয় যে, "মোক যেনেকৈ নলবাৰী থানালৈ আনিছে, ময়ো বৰ্ণালী ডেকাক উচ্চ ন্যায়ালয়লৈ নিম" ৷

লগতে পঢ়ক:চক্ৰ বিষয়াক মানসিক হাৰাশাস্তিৰ অভিযোগ, নলবাৰী জিলা আয়ুক্তৰ বিৰুদ্ধে এজাহাৰ - Fir Against DC

DC Varnali Deka Apologized : উপায়ুক্ত বৰ্ণালী ডেকাই খুজিলে ক্ষমা; ভুক্তভোগীৰ এজাহাৰ প্ৰত্য়াহাৰ

Kokrajhar DC Thrashes Employee : উপায়ুক্ত বৰ্ণালী ডেকাৰ প্ৰহাৰত চিকিৎসাধীন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী

ABOUT THE AUTHOR

...view details