অসম

assam

ETV Bharat / state

লখিমপুৰত দুৰ্বৃত্তই ফালিলে পোষ্টাৰ, এজাহাৰ দাখিল জিলা কংগ্ৰেছৰ - Miscreants tear up congress poster

Lakhimpur incident: লখিমপুৰত ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে দুৰ্বৃত্তই কংগ্ৰেছৰ বেনাৰ, পোষ্টাৰ ফালি চুৰমাৰ কৰিলে । কংগ্ৰেছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি । ঘটনাক লৈ লখিমপুৰ সদৰ থানাত এজাহাৰ জিলা কংগ্ৰেছৰ ।

Lakhimpur incident
লখিমপুৰত দুৰ্বৃত্তই ফালিলে পোষ্টাৰ, এজাহাৰ দাখিল জিলা কংগ্ৰেছৰ

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 7:03 PM IST

Updated : Jan 23, 2024, 10:45 AM IST

লখিমপুৰত দুৰ্বৃত্তই ফালিলে পোষ্টাৰ, এজাহাৰ দাখিল জিলা কংগ্ৰেছৰ

লখিমপুৰ, ২০ জানুৱাৰী :কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা শনিবাৰে লখিমপুৰ জিলাৰ মাজেৰে পাৰ হৈ যায় । ইয়াৰ মাজতে জিলাখনত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । দুৰ্বৃত্তই কংগ্ৰেছৰ বেনাৰ, পোষ্টাৰ ফালি পেলোৱাৰ পাচতে ক্ষোভিত হৈ পৰিছে লখিমপুৰ জিলা কংগ্ৰেছ । থানাত এজাহাৰো দাখিল কৰিছে কংগ্ৰেছ দলে ।

উল্লেখ্য যে মণিপুৰৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰা শনিবাৰে লখিমপুৰ জিলাৰ মাজেৰে পাৰ হৈ যায় । দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে ব্যাপক প্ৰস্তুতি চলাইছিল । কংগ্ৰেছ নেতাগৰাকীক আদৰণি জনোৱাৰ উদ্দেশ্যে ঠায়ে ঠায়ে বেনাৰ, পোষ্টাৰ, তোৰণ আদি স্থাপন কৰিছিল । কিন্তু শুকুৰবাৰে নিশা লখিমপুৰ নগৰকে ধৰি বিভিন্ন স্থানত লগোৱা এই বেনাৰ, পোষ্টাৰ আদি কিছুমান দুৰ্বৃত্তই ফালি পেলায় । পুৱা সেই দৃশ্য দেখি কংগ্ৰেছৰ নেতা-কৰ্মীসকল হতবাক হৈ পৰে ।

আনকি বিষয়টোৱে ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন দল-সংগঠনে এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণাও দিছে । কিন্তু এই ঘটনা কোনে সংঘটিত কৰিলে ? একাংশ কংগ্ৰেছীয়ে শাসকীয় পক্ষ এই ঘটনাত জড়িত আছে বুলি অভিযোগ কৰিছে যদিও সেয়া এতিয়াও স্পষ্ট নহয় । যাৰ বাবে শনিবাৰে বিয়লি ঘটনাটোৰ উচিত তদন্তৰ দাবীত লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰাই সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

লগতে ঘটনাটোত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰো দাবী তোলে জিলা কংগ্ৰেছে । জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দাবী কৰা মতে সমগ্ৰ ঘটনাটোৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে । সেয়েহে তাৰ আধাৰত আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী ।

লগতে পঢ়ক :নিৰাপত্তাৰ খাতিৰত ৰাহুল গান্ধীৰ যাত্রাৰ সময়ত লখিমপুৰত ড্ৰোণৰ উৰণ নিষিদ্ধ

Last Updated : Jan 23, 2024, 10:45 AM IST

ABOUT THE AUTHOR

...view details