গুৱাহাটী,২৬ মাৰ্চ:অসমত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে মঙলবাৰে শাসকীয় দল বি জে পি আৰু বিৰোধী দল কংগ্ৰেছৰ ক্ৰমে দুগৰাকী শক্তিশালী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । বি জে পিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বি জে পিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আজি মনোনয়ন পত্ৰ দাখিল কৰে । ইপিনে সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে আজি যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে ।
আনহাতে কংগ্ৰেছৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে আৰু লখিমপুৰৰ বি জে পিৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰে । উল্লেখ্য যে, ডিব্ৰুগড়ৰ ফুলবাগানস্থিত পুৰণি হাইস্কুল খেলপথাৰৰ পৰা বৃহৎ পদযাত্ৰা কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত সোণোৱালে মনোনয়ন দাখিল কৰে । মনোনয়ন দাখিলৰ সময়ত সোণোৱালক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলী আদিয়ে সংগ দিয়ে ।
ইপিনে যোৰহাটত বৃহৎ পদযাত্ৰা কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ গৌৰৱ গগৈয়ে দাখিল কৰে । মনোনয়ন দাখিলৰ সময়ত গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, ৰকিবুল হুছেইন আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংগ দিয়ে । আনহাতে সোণোৱালৰ বিৰুদ্ধে যুজত অৱতীৰ্ণ হোৱা ডিব্ৰুগড় সমষ্টিৰ বিৰোধীৰ শক্তিশালী প্ৰাৰ্থী অজাপৰ লুৰীণজ্যোতি গগৈয়েও আজি ব্যাপক সংখ্যক সদস্য-সমৰ্থকক লৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে । মনোনয়ন দাখিলৰ সময়ত লুৰীণজ্যোতি গগৈক প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু অখিল গগৈয়ে সংগ দিয়ে ।