অসম

assam

ETV Bharat / state

গুটিয়া ফেৰীৰে বিপদসংকুল যাত্ৰা মাজুলীবাসীৰ; যন্ত্ৰচালিত নাৱেৰে মাজুলীত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত

বিগত তিনি মাহে পুঁজিৰ অভাৱত মেৰামতি হোৱা নাই তিনিখন কৈ চৰকাৰী জাহাজৰ । বালিচৰে বাধা দিছে জাহাজ চলাচলত । হাহাকাৰ যাত্ৰীৰ মাজত ।

Ferry service suspended at Kamalabari Nimati ghat due to drying up of Brahmaputra water
গুটিয়া ফেৰীৰে বিপদসংকুল যাত্ৰা মাজুলীবাসীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

মাজুলী: ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে বন্ধ হৈ আছে কমলাবাৰী নিমাতি পাৰঘাট । মাজুলীৰ সাধাৰণ জনসাধাৰণৰ দক্ষিণ পাৰৰ লগত সংযোগৰ একমাত্ৰ পাৰঘাট হৈছে অফলামুখ-নিমাতি পাৰঘাট । নিমাতি কমলাবাৰী পাৰঘাট বন্ধ হোৱাৰ লগে লগেই অফলামুখ নিমাতি পাৰঘাটত যাত্ৰীৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে । এই পৰিস্থিতিৰ মাজতে পোহৰলৈ আহিছে আন এক তথ্য ।

বিগত তিনি মাহে পুঁজিৰ অভাৱত মেৰামতি হোৱা নাই তিনিখনকৈ চৰকাৰী জাহাজ ৷ যাৰ ফলশ্ৰুতিত আজিৰ তাৰিখত গুটিয়া ফেৰীৰে বিপদসংকুল যাত্ৰা যাত্ৰীৰ । জানিব পৰা মতে ১৪ লাখ টকাৰ অভাৱত তিনি মাহে বিকল হোৱা ৰ'পেক্সকে ধৰি আন দুখন ফেৰীৰ হোৱা নাই মেৰামতি । পুঁজিৰ অভাৱত এনেদৰে চৰকাৰী ফেৰী কেইখন বন্ধ হৈ থকাৰ ফলত সাধাৰণ ৰাইজৰ যথেষ্ট অসুবিধা সন্মুখীন হৈছে ।

গুটিয়া ফেৰীৰে বিপদসংকুল যাত্ৰা মাজুলীবাসীৰ (ETV Bharat Assam)

এই সম্পৰ্কে সাংবাদিকে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অভিযন্তাক সোধা প্ৰশ্নৰ উত্তৰত অভিযন্তাগৰাকীয়ে কয় পুঁজিৰ অলপ অসুবিধা হৈ আছে যাৰ বাবে ফেৰী কেইখন চলোৱাত অসুবিধা হৈছে । চৰকাৰী এই ঘাটসমূহ লোকচানৰ সন্মুখীন হৈ চলা বুলি সংবাদ মাধ্যমত মন্তব্য এগৰাকী আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অভিযন্তাৰ । ফেৰী ঘাটত চলি থকা ছিণ্ডিকেত সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে অভিযন্তাগৰাকী ।

আনহাতে মাজুলীৰ বিধায়ক ভূৱন গামক চৰকাৰী ফেৰী বন্ধ হৈ থকাক লৈ প্রশ্ন কৰাত বিধায়কগৰাকীয়ে কয়, "ব্ৰহ্মপুত্ৰত জলস্তৰ হ্ৰাস পাইছে এতিয়া জাহাজ চলা পৰিৱেশ নাই জলপথত । গুটিয়া ফেৰীৰেই যাতায়ত কৰিব লাগিব ।"

মাজুলীত কেশৱ মহন্ত:

কমলাবাৰী-নিমাতি ফেৰী সেৱা বন্ধ হৈ থকাৰ কথা গম পাই মাজুলীত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত । যন্ত্ৰচালিত নাৱৰে মাজুলীৰ বিধায়কগৰাকীক লগত লৈ মন্ত্ৰী কেশৱ মহন্তই বুজ ল'লে কি কাৰণে ফেৰী সেৱা বন্ধ ৰাখিবলগীয়া হৈছে । ব্ৰহ্মপুত্ৰৰ ফেৰী অহা যোৱা অংশ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় "ব্ৰহ্মপুত্ৰৰ এটা সৰু অংশত বালিচৰ পৰিছে যাৰ বাবে ফেৰী সেৱা বন্ধ কৰিব লগা হৈছে । সেই বালিচৰতো খান্দি দিয়াৰ ব্যৱস্থা কৰিছোঁ । তাৰ বাবে ড্ৰেজাৰ আহি আছে । কালিলৈৰ পৰা ড্ৰেজাৰে বালি খননৰ কাম আৰম্ভ কৰিব ।"

আগন্তুক মাজুলীৰ ৰাস পালনামৰ পূৰ্বেই ফেৰী চলাচলৰ বাবে ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে । ইফালে নিমাতি আৰু মাজুলীৰ মাজত যি কেইখন জাহাজ বেয়া হৈ আছে তাৰ বাবে বিভাগে জনাইছে গতিকে তাৰ বিকল্প ব্যৱস্থা কৰিবৰ বাবে চিন্তা কৰি থকা হৈছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ।

লগতে পঢ়ক:কিয় বন্ধ হ'ল কমলাবাৰী-নিমাতী পাৰঘাট ?

নিমাতি ঘাটত জাহাজত খুন্দা গুটীয়া ফেৰীৰ

ABOUT THE AUTHOR

...view details