অসম

assam

ETV Bharat / state

আগৰ দিন নাই ! অৱসৰ গ্ৰহণৰ পিছদিনাই পেন্সনৰ সা-সুবিধা - Felicitation of five teachers - FELICITATION OF FIVE TEACHERS

Felicitation of five teachers: আপুনি অৱসৰৰ পিছত পেঞ্চনৰ বাবে হামৰাও কাঢ়িবলগীয়া হৈছে নেকি ? দিনৰ পাছত দিন ধৰি চৰকাৰী কাৰ্যালয়ত এখনৰ পাছত আনখন টেবুললৈ দৌৰি থাকিবলগীয়া হৈছে নেকি ? এতিয়া আৰু চিন্তা নাই । জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Felicitation of five teachers who retired in Morigaon and providing all the benefits of getting pension
মৰিগাঁৱত অৱসৰ গ্ৰহণ কৰা পাঁচ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 10:43 PM IST

ধিং,৩ ছেপ্টেম্বৰ: আগৰ দিন নাই ৷ অৱসৰৰ লগে লগে শিক্ষকক অৱসৰকালীন সা-সুবিধা প্ৰদান কৰিব লাগিব বিভাগে । অৱসৰৰ লগে লগে পেন্সনৰ সা-সুবিধা প্ৰদান কাৰ্যসূচীৰ অংশ হিচাপে মৰিগাঁও জিলাত শিক্ষা বিভাগৰ দ্বাৰা যোৱা ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰা পাঁচগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক মঙলবাৰে সম্বৰ্ধনা জনোৱাৰ লগতে অৱসৰকালীন সা-সুবিধা যেনে জমা-ছুটী বেতন, বীমা ধনৰ মঞ্জুৰী পত্ৰ আদি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ।

পেঞ্চন লাভৰ যাবতীয় সুবিধা প্ৰদান (ETV Bharat Assam)

অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই এনে পদক্ষেপৰ বাবে শিক্ষা বিভাগক ভূয়সী প্ৰশংসা কৰাৰ লগতে অৱসৰী শিক্ষকসকলক সৃষ্টিমূলক আৰু গঠনমূলক কামত জড়িত হৈ থাকিবলৈ আহ্বান জনায় । তেওঁ বুনিয়াদী স্তৰত শিক্ষাৰ্থীৰ পঠন দক্ষতা বৃদ্ধিৰ বাবে মৰিগাঁৱৰ শিক্ষা বিভাগে লোৱা 'পঢ়াৰ আনন্দ' কাৰ্যসূচীৰ প্ৰসংগ উত্থাপন কৰি কয় যে এনে কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মহৎ উপকাৰ সাধন কৰাৰ উপৰিও ৰাজ্যখনত মাতৃভাষাৰ উত্তৰণতো সহায়ক হ'ব ।

পেঞ্চন লাভৰ যাবতীয় সুবিধা প্ৰদান (ETV Bharat Assam)

মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোত ধপাঁত বিৰোধী অভিযানত নিষ্ঠাৰে সেৱা আগবঢ়াই অহা এগৰাকী নিষ্ঠাবান বিষয়া ডাঃ জয়া বড়ো আৰু অসম উন্নতি সভাৰ সম্পাদক তথা সমাজকৰ্মী অতনু কুমাৰ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

পেঞ্চন লাভৰ যাবতীয় সুবিধা প্ৰদান (ETV Bharat Assam)

উল্লেখ্য যে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ উদ্যোগত লোৱা এই আশাশুধীয়া প্ৰচেষ্টাৰ প্ৰথম অনুষ্ঠানটো যোৱা এপ্ৰিল মাহত মৰিগাঁও জিলা আয়ুক্তৰ দ্বাৰা শুভাৰম্ভণি কৰা হৈছিল আৰু তেতিয়াৰ পৰা প্ৰতিমাহে অবিৰতভাৱে এই কাৰ্যসূচী অনুষ্ঠিত অহা হৈছে । অনুষ্ঠানত অৱসৰী শিক্ষকসকলৰ উপৰিও ভালেসংখ্যক শিক্ষক তথা শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।

লগতে পঢ়ক:ঐতিহাসিক চতিয়া থানাত নিৰ্মাণ হ’ব স্মৃতিশৌধ: মুখ্যমন্ত্ৰীৰ ঘোষণা - Sootea Police station

ঘৰলৈ উভতিব ৰিপুণ বৰা: অভিমান এৰি সাজু হৈছে কংগ্ৰেছত যোগদানৰ বাবে - Ripun Bora

ABOUT THE AUTHOR

...view details