ইফালে ৰাজ্যিক দুৰ্যোগ প্রশমন কৰ্তৃপক্ষৰ হিচাপ অনুসৰি বিগত ৯ বছৰৰ বানৰ ফলত কৃষি খণ্ডৰ ক্ষয়-ক্ষতি এনে ধৰণৰ -২০১৫ চনত ১০৫ কোটি টকা, ২০১৬ চনত ৮৫ কোটি টকা, ২০১৭ চনত ১০০.১২ কোটি টকা, ২০১৮ চনত ২৩.৪৮ কোটি টকা, ২০১৯ চনত ১৫৭.৫৪ কোটি টকা, ২০২০ চনত ১৪৫.৮৬ কোটি টকা, ২০২১ চনত ৮.৫৫ কোটি টকা, ২০২২ চনত ১৫৪.৫৮ কোটি টকা আৰু ২০২৩ চনত ১৭.৯৯ কোটি টকা । চলিত বৰ্ষত এই পর্যন্ত ৬৮৪৩২.৭৫ হেক্টৰ কৃষিভূমিৰ ক্ষয়-ক্ষতি হৈছে ।
কৃষিখণ্ডৰ ক্ষতি (ETV Bharat)
উল্লেখ্য যে কৃষি বিভাগৰ ক্ষতিৰ পৰিমাণ আৰু দুৰ্যোগ প্রশমন বিভাগৰ ক্ষতিৰ পৰিমাণৰ তাৰতম্যৰ বাবেই ক্ষতিগ্রস্ত কৃষকসকল বঞ্চিত হৈ আছে । যাৰ বাবে বানত প্ৰতি বছৰে কৃষকৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হয় । বানে শস্যৰ ব্যাপক ক্ষতিসাধন কৰে । কিন্তু ক্ষতিগ্ৰস্ত কৃষকে সময় মতে আৰু সঠিকভাৱে ক্ষতিপূৰণ নাপায় । এনেদৰে বছৰ বছৰ ধৰি কৃষকে উপযুক্ত ক্ষতিপূৰণ নোপাৱাৰ বাবে কৃষকৰ আৰ্থিক অৱস্থা বেয়াৰ দিশে গতি কৰিছে ।
এই সন্দৰ্ভত কৃষি বিভাগ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য সদৰী কৰি নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সভাপতি টিকেন দাসে কয় যে ২০২৩ চনত কৃষি বিভাগে সমস্ত ক্ষতিৰ তথ্য সামৰি প্ৰায় ১০০ কোটি টকা বিচাৰিছিল । কিন্তু দুৰ্যোগ প্রশমন বিভাগৰ হিচাপ মতে, ক্ষতিৰ পৰিমাণ মাত্র ১৭.৯৯ কোটি টকা । দুর্যোগ প্রশমন বিভাগৰ নিয়ম অনুসাৰে বানত প্লাৱিত এটা অঞ্চলৰ ৩৩ শতাংশতকৈ বেছি ক্ষতিসাধন হ'লেহে তাক ক্ষতিৰ তালিকাত সন্নিৱিষ্ট কৰা হয় । অন্যথা ক্ষতিৰ ধন লাভ নকৰে ।
তেওঁ লগতে কয় যে দুর্যোগ প্রশমন বিভাগৰ এই আসোঁৱাহপূর্ণ নিয়মৰ বাবেও বছৰি বহু লোক ক্ষতিৰ ধন লাভৰ পৰা বঞ্চিত হৈ আহিছে । কিয়নো ৩৩ শতাংশতকৈ কমকৈ প্লাৱিত হোৱা বহু অঞ্চলৰ ৰাইজৰো যথেষ্ট ক্ষতি সাধন কৰে বানে । দুৰ্যোগ প্রশমনৰ এই বিসংগতিপূৰ্ণ নিয়মৰ বাবে প্রতি বছৰে অসমত বানত কৃষি খণ্ডৰ হোৱা ক্ষয়-ক্ষতি যথেষ্ট কম পৰিমাণে দেখুওৱা হয় । সেই কম ধনো লাভ নকৰে কৃষকে ।