অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

কেতিয়াবা আৰ পি এফ, আন কেতিয়াবা চি আৰ পি এফ; ভিন্ন ৰূপধাৰী যুৱকৰ ঠিকনা হ’লগৈ লক আপ - Fake police officer

Fake police officer arrested: আৰক্ষী বিষয়া হিচাপে পৰিচয় দিয়া যুৱক এজন সোমাল লক আপত । কি কাৰণে এই যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ?

Fake police arrested
FAKE POLICE OFFICER (ETV Bharat)

নলবাৰী, ২৪ ছেপ্টেম্বৰ:কেতিয়াবা ৰে'ল আৰক্ষী বিষয়া, কোনো সময়ত চিআৰপিএফ জোৱান আৰু আন কেতিয়াবা নিজকে অসম আৰক্ষীৰ বিষয়া বুলি পৰিচয় দি আহিছিল যুৱকজনে । এই পৰিচয়ৰে মানুহৰ মাজত ঘূৰি ফুৰিছিল তেওঁ । বাইক চলাই ঠিক হিন্দী চিনেমাৰ নায়কৰ দৰে । পিছে মঙলবাৰে যুৱকজনৰ দিন আছিল খুবেই বেয়া । হিৰোৰ কায়দাৰে ঘূৰি ফুৰা যুৱকৰ পৰিচয় গোমৰ ফাক হৈ গ’ল । এতিয়া যুৱকজন ৰঙাঘৰৰ আলহী । কি কাৰণে আৰক্ষী বিষয়া হিচাপে পৰিচয় দিয়া যুৱকজন আৰক্ষীৰ লক আপৰ আলহী হ'বলগীয়া হ'ল ?

  • ভুৱা পৰিচয় দি বিপদত যুৱক

মানুহৰ আগত আৰক্ষী বিষয়া বুলি ভুৱা পৰিচয় দিয়া এইজন যুৱকৰ আচল পৰিচয় বেলেগহে । তেওঁৰ পেছা হেনো ডকাইতি । সেয়েহে নলবাৰী আৰক্ষীৰ জালত পৰি সোমাল ৰঙাঘৰত । ভুৱা আৰক্ষীজনে বিভিন্ন ঠাইত দীৰ্ঘদিনে সংঘটিত কৰি আহিছিল বিভিন্ন অপৰাধজনিত ঘটনা । অৱশেষত নলবাৰীত ধৰা পৰিল আৰ পি এফ, আৰক্ষী বিষয়া আৰু চিআৰপিএফ ৰূপে চিনাকী দিয়া সঞ্জয় দাস ।

ভুৱা অসম আৰক্ষীৰ বিষয়া আটক (ETV Bharat Assam)
  • ৰে'ল আৰক্ষী নে চিআৰপিএফ ?

দীৰ্ঘদিনে নলবাৰীত নিজকে ৰে'ল আৰক্ষী ৰূপে, কেতিয়াবা চিআৰপি এফ আৰু কেতিয়াবা অসম আৰক্ষীৰ আৰক্ষী বিষয়া বুলি চিনাকী দি অহা সঞ্জয় দাস অৱশেষত আৰক্ষীৰ জালত পৰে । উল্লেখযোগ্য যে নলবাৰী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী ভিন্ন অঞ্চলত চুৰি, ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত থকাৰ সন্দেহ এই ভুৱা বিষয়াজনৰ বিৰুদ্ধে ।

সোমবাৰে নিশা নলবাৰী সদৰ থানাৰ আৰক্ষীয়ে কৌশলেৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ভুৱা ৰে'ল আৰক্ষী বিষয়াজনক । উল্লেখযোগ্য যে ধৃত সঞ্জয় দাস নলবাৰীৰ ক'লা ফকিৰতোলাত এমাহ ধৰি আছিল ভাড়তীয়া হিচাপে । মানুহে সুধিলে নিজকে ৰে'লৱে আৰক্ষী বুলি পৰিচয় দিয়া সঞ্জয়ৰ পৰা আৰক্ষীয়ে জব্দ কৰে কেইবাটাও মোবাইল, ২০ খন ম'বাইল চিম কাৰ্ড আৰু অন্যান্য সামগ্ৰী । আনহাতে, ধৃত সঞ্জয়ে তেওঁৰ লাগত আৰু এজন লোক জড়িত বুলি স্বীকাৰ কৰিছে । ভুৱা আৰক্ষী সঞ্জয় দাসক সম্প্ৰতি নলবাৰী সদৰ আৰক্ষীয়ে জেৰা চলাই আছে ।

লগতে পঢ়ক:আৰক্ষী পৰিদৰ্শকৰ চিনাকি দি সৰুপথাৰত লুটিলে ৭ লাখ টকা - fake police officer at sarupathar

ডিব্ৰুগড়ত আটক চুমী, বৰঝাৰতো আৰক্ষীৰ জালত পৰিল প্ৰায় ১০০ কোটি টকাৰ কেলেংকাৰীত জড়িত মাইনাও ব্ৰহ্ম - Online trading scam

ABOUT THE AUTHOR

...view details