অসম

assam

তেজপুৰত অখিল ভাৰতীয় মাৰোৱাৰী সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা - All India Marwari Federation

By ETV Bharat Assamese Team

Published : May 5, 2024, 3:04 PM IST

All India Marwari Federation: তেজপুৰৰ কে আৰ চি পেলেছ হোটেলত অখিল ভাৰতীয় মাৰোৱাৰী সন্মিলনৰ পূৰ্বোত্তৰ প্ৰদেশীয় সন্মিলনৰ পঞ্চম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা । অখিল ভাৰতীয় মাৰোৱাৰী সন্মিলনৰ উপাধ্যক্ষ মধুসূদন চিকাৰিয়াসহ বিশিষ্ট নাগৰিকসকল উপস্থিত । জিলা সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়াই অসমীয়া আৰু মাৰোৱাৰী সমাজৰ সমন্বয়ৰ ওপৰত ভাষণ প্ৰদান কৰে ।

All India Marwari Federation
তেজপুৰত অখিল ভাৰতীয় মাৰোৱাৰী সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা (ETV Bharat Assam)

তেজপুৰত অখিল ভাৰতীয় মাৰোৱাৰী সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা (ETV Bharat Assam)

তেজপুৰ, ৫ মে':সাংস্কৃতিক নগৰী তেজপুৰৰ কে আৰ চি পেলেছ হোটেলৰ সভাকক্ষত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অখিল ভাৰতীয় মাৰোৱাৰী সন্মিলনৰ পূৰ্বোত্তৰ প্ৰদেশীয় সন্মিলনৰ পঞ্চম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা । এই উপলক্ষে শনিবাৰে দুপৰীয়া বন্তি প্ৰজ্বলন দ্বাৰা সভাৰ শুভাৰম্ভ কৰে অখিল ভাৰতীয় মাৰোৱাৰী সন্মিলনৰ উপাধ্যক্ষ মধুসূদন চিকাৰিয়া, পূৰ্বোত্তৰ প্ৰদেশীয় সন্মিলনৰ ৰাজ্যিক সভাপতি কৈলাশ কাব্ৰা আৰু শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়াই ।

পূৰ্বোত্তৰ মাৰোৱাৰী সমাজৰ তেজপুৰ শাখাৰ সভাপতি সুনীল চাৰাফে আদৰণি ভাষণ দিয়া উদ্বোধনী অনুষ্ঠানত পূৰ্বোত্তৰ সন্মিলনৰ ৭০ টা শাখাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । উদ্বোধনী অনুষ্ঠানত অসমীয়া সমাজ আৰু মাৰোৱাৰী সমাজৰ মাজত বুজাবুজি আৰু সমন্বয় বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে সন্মিলনৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ মধুসূদন চিকাৰিয়া আৰু শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়াই ।

ভাষণ প্ৰসঙ্গত ড৹ শইকীয়াই ঢকুৱাখানাৰ ৪০০ বছৰ পুৰণি জৈন মন্দিৰ, অসমীয়া সমাজলৈ চন্দ্ৰ কুমাৰ আগৰৱালা, হৰিবিলাস আগৰৱালা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰমুখ্যে স্মৰণীয় ব্যক্তিসকলৰ অবদান, অসমৰ আৰ্থ সামাজিক উন্নয়নত মাৰোৱাৰী লোকসকলৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । আনহাতে সন্মিলনৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ মধুসূদন চিকাৰিয়াই উপস্থিত পূৰ্বোত্তৰ মাৰোৱাৰী সন্মিলনৰ প্ৰতিটো শাখাৰ প্ৰতি অসমীয়া ভাষা শুদ্ধকৈ শিকোৱাৰ বাবে পদক্ষেপ ল'বলৈ আহ্বান জনায় ।

আনহাতে সন্মিলনৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সন্মিলন উপলক্ষে প্ৰকাশিত সন্মিলন সমাচাৰ 'আত্মবোধ' উন্মোচন কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়াই । অনুষ্ঠানত মাৰোৱাৰী সমাজৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :বৰ্ণাঢ্য কাৰ্যসূচীৰে মাকুম আৰু জোনাইত আয়োজন ৰঙালী বিহু - Rongali Bihu 2024

ABOUT THE AUTHOR

...view details