অসম

assam

ETV Bharat / state

ষ্টার্টআপৰ পৰা কেনেদৰে গ্ৰহণ কৰিব সুযোগ : ষ্টার্টআপ অসমৰ চীফ অপাৰেটিং অফিচাৰৰ বিশেষ সাক্ষাৎকাৰ - Startup Assam

Startup Assam: ষ্টার্টআপ কি ? অসমত ষ্টার্টআপ কি পৰ্যায়ত আছে ? ভাল ষ্টার্টআপ হৈছে নে ? ষ্টার্টআপক অসম চৰকাৰে কেনেধৰণৰ সুবিধা দিছে ? অসম চৰকাৰৰ আসাম ষ্টার্টআপ দ্য নেষ্ট কি ? ভৱিষ্যতে কেনেধৰণৰ ষ্টার্টআপ আৰম্ভ কৰিব পাৰি, এই সকলোখিনি জনাৰ বাবে ষ্টার্টআপ, অসমৰ চীফ অপাৰেটিং অফিচাৰ ৰাজৰ্ষি শৰ্মাৰ সৈতে ই টিভি ভাৰতৰ সাংবাদিক ভৱেশ মেধিৰ এক বিশেষ সাক্ষাৎকাৰ ।

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 10:50 PM IST

Updated : Jul 9, 2024, 10:58 PM IST

Startup Assam
ষ্টার্টআপ অসমৰ চীফ অপাৰেটিং অফিচাৰৰ বিশেষ সাক্ষাৎকাৰ (ETV BHARAT ASSAM)

গুৱাহাটী, ৯ জুলাই: অসম চৰকাৰে উত্তৰ-পূৱ ভাৰতত উদ্যোগীকৰণৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ অসমত নতুন উদ্যোগ স্থাপনৰ অৰ্থাৎ ষ্টাৰ্টআপৰ এটা পৰিবেশ ব্যৱস্থা আগবঢ়োৱাৰ লক্ষ্য কৰিছে । অসমৰ এই ষ্টাৰ্টআপ পলিচী(নীতি)ৰ মুখ্য লক্ষ্য হʼল সংস্থাপনৰ ব্যৱস্থা, নতুন উদ্যোগীসকলক প্ৰাৰম্ভিক অৱস্থাত সহায় আৰু ৰাজ্যখনত ষ্টাৰ্টআপ সকলক প্ৰশাসন দিয়া । ষ্টার্টআপ অসমৰ সন্দৰ্ভত ই টিভি ভাৰতৰ এক চমু প্ৰতিবেদন ৷

ষ্টার্টআপ অসমৰ চীফ অপাৰেটিং অফিচাৰৰ বিশেষ সাক্ষাৎকাৰ (ETV BHARAT ASSAM)

লগতে পঢ়ক:Assam Startup Fest 2023: তিনিদিনীয়া ষ্টাৰ্ট আপ মহোৎসৱ মুকলি মন্ত্ৰী বিমল বড়াৰ

ষ্টার্টআপ, অসমৰ চীফ অপাৰেটিং অফিচাৰ ৰাজৰ্ষি শৰ্মাই কয় যে ষ্টার্টআপ হৈছে নতুন চামৰ সৃষ্টিমূলক চিন্তাধাৰাবোৰ ষ্টার্টআপৰ জৰিয়তে বাণিজ্যিকভাৱে আকৰ্ষণীয় কৰি বজাৰত প্ৰয়োগ কৰা । তেওঁ কয় যে অসম চৰকাৰে উত্তৰ-পূৱ ভাৰতত উদ্যোগীকৰণৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ অসমত নতুন উদ্যোগ স্থাপনৰ (ষ্টাৰ্টআপ) এটা পৰিবেশ সৃষ্টি কৰাৰ বাবে ২০১৭ চনত এই ব্যৱস্থা আৰম্ভ কৰিছিল । সেই উদ্দেশ্যে আগত ৰাখি অসমৰ এই ষ্টাৰ্ট আপ পলিচী (নীতি)ৰ প্ৰস্তুত কৰিছিল । এই নীতিৰ মুখ্য লক্ষ্য হʼল সংস্থাপনৰ ব্যৱস্থা, নতুন উদ্যোগী বা ষ্টাৰ্ট আপসকলক প্ৰাৰম্ভিক অৱস্থাত সহায় আৰু ৰাজ্যখনত ষ্টাৰ্টআপ সকলক প্ৰশিক্ষণ দিয়া ।

অসম ষ্টাৰ্টআপ নীতি, ২০১৭ৰ মুখ্য গুৰুত্বৰ ভিতৰত চাৰিটা খুঁটি আছে । তেওঁ কয় যে ষ্টার্টআপ আৰু পৰম্পৰাগত ব্যৱসায়ৰ মাজত পাৰ্থক্য আছে । পৰম্পৰাগত ব্যৱসায়তকৈ ষ্টার্টআপ সামগ্ৰীসমূহ কিছু ব্যতিক্রম বা সলনি হয় । যি কথাই ব্যৱহাৰিক দিশবোৰত পৰিৱৰ্তন আনে । বেংগালুৰু, মুম্বাই আৰু চেন্নাইৰ দৰে ঠাইত এন ইক' চিষ্টেম গঢ়ি উঠিছে । অসমো এই ক্ষেত্ৰত আগুৱাই আছে । সফল ষ্টার্টআপত বিনিয়োগ কৰাসকল সোনকালেই লাভান্বিত হয় কাৰণ ষ্টার্টআপসমূহে অতি সোনকালে বিস্তাৰ হয় আৰু শ্বেয়াৰ মূল্য অতি সোনকালে বৃদ্ধি পায় ।

লগতে পঢ়ক:Assam Start up Fest 2023: গুৱাহাটীলৈ আহিব গুগল,মাইক্ক্ৰ'চফ্টৰ চি ই অ'

তেওঁ কয় যে অসম চৰকাৰৰ নেতৃত্বত আসাম ষ্টার্টআপ দ্য নেষ্ট আৰম্ভ হৈছে । এই নেষ্টে নতুন উদ্যোগীসকলৰ কাৰণে প্ৰথমতে ভাল ধাৰণা কিছুমান আগবঢ়াই নিবলৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে । ফাইনেন্সিয়েল মডেলিং বা ফাণ্ডিৰ বাবে প্রেজেন্টেচন কেনেকৈ কৰিব লাগে ইত্যাদিসমূহ বিষয়ত প্ৰশিক্ষণৰ ব্যৱস্থা হয় । প্রধান কথা বিনিয়োগকাৰীৰ লগত কেনেকৈ সংযোগ স্থাপন হ'ব সেই বিষয়ত প্রশিক্ষণ দিয়ে । এতিয়ালৈকে ৫০০ তকৈ অধিক ষ্টার্টআপক প্ৰশিক্ষণ দিয়া হৈছে । আসাম ষ্টার্টআপ দ্য নেষ্টৰ অধীনত ভবিষ্যৎ থকা প্ৰকল্পত ৫ৰ পৰা ৪৫ লাখলৈকে সাহাৰ্য দিয়া হৈছে । অসম চৰকাৰে এতিয়ালৈকে প্রায় ৬৪ টা ষ্টার্টআপক আৰ্থিক সহায় কৰিছে আৰু ৬ কোটি আর্থিক সহায়ো পাইছে । ইতিমধ্যে নতুন প্রজন্ম ব্যতিক্রমী ষ্টার্টআপৰ প্ৰতি আগ্ৰহী হৈ উঠিছে । অসমত বৃহৎ পৰিসৰত ষ্টার্টআপৰ বিকাশৰ যথেষ্ট সম্ভাৱনা আছে ।

লগতে পঢ়ক:ৰঙা, নীলা নে ভোটজলকীয়াৰ চাহ ? প্ৰায় 52 বিধ সোৱাদ লৈ বিশ্বমুখী অসমৰ চাহ

Last Updated : Jul 9, 2024, 10:58 PM IST

ABOUT THE AUTHOR

...view details