ETV Bharat / bharat

অযোধ্যাৰ ৰাম মন্দিৰত মণিপুৰৰ নৃত্যশিল্পীৰ ৰাসলীলা - Manipuri Dance at Ram temple

Manipuri Dance : মণিপুৰৰ প্ৰায় ৮০ গৰাকী শিল্পীয়ে ৰাম মন্দিৰ চৌহদত ৰামলালাৰ সন্মুখত সংকীৰ্তন আৰু ৰাসলীলা পৰিবেশন কৰে ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Manipuri Dance
ৰাম মন্দিৰ চৌহদত মণিপুৰৰ নৃত্যশিল্পীৰ অনন্য নৃত্য প্ৰদৰ্শন (ETV Bharat)

নিউজ ডেস্ক, ৭ অক্টোবৰ : দেশৰ সাংস্কৃতিক ক্ষেত্ৰখনত মণিপুৰৰ অৱদান দোহৰাৰ প্ৰয়োজন নাই । মণিপুৰৰ একক আৰু অনন্য় নৃত্যশৈলীয়ে দেশ-বিদেশত সমাদৰ লাভ কৰাৰ লগতে উত্তৰ-পূবৰ ৰাজ্যখনক মহীয়ান কৰিছে । এইবাৰ মণিপুৰী নৃত্যই আন এক মৰ্যাদা লাভ কৰে । বিশ্বৰ ভিতৰতে অতি পৱিত্ৰ আৰু গুৰুত্বপূৰ্ণ মন্দিৰ হিচাপে প্ৰখ্যাত অযোধ্যাৰ ৰাম মন্দিৰত মণিপুৰী নৃত্যশিল্পীয়ে নৃত্য আৰু সংকীৰ্তন পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে ।

মণিপুৰৰ প্ৰায় ৮০ গৰাকী শিল্পীয়ে ৰাম মন্দিৰ চৌহদত ৰামলালাৰ সন্মুখত সংকীৰ্তন আৰু ৰাসলীলা পৰিবেশন কৰে । অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম মণিপুৰৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য । ৰাজৰ্ষি ভাগ্যচন্দ্ৰৰ ২২৬ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে দেওবাৰে ৰাজৰ্ষি ভাগ্যচন্দ্ৰ সাংস্কৃতিক ফাউণ্ডেচনৰ দ্বাৰা এই অনুষ্ঠানটো আয়োজন কৰা হয় ।

Manipuri Dance
মণিপুৰী নৃত্যশিল্পীৰ ৰাসলীলা (ETV Bharat)

কথিত আছে যে ১৭৮৫ চনত ৰজা ভাগ্যচন্দ্ৰই তেওঁৰ কাৰ্যকালত নাট সংকীৰ্তন আৰু ৰাসলীলা প্ৰতিষ্ঠা কৰিছিল । এই বছৰৰ অনুষ্ঠানটো ইম্ফলৰ জৱাহৰলাল নেহৰু নৃত্য একাডেমীৰ দ্বাৰা ৰাম মন্দিৰত আয়োজন কৰা হয় । অৱশ্যে ইয়াৰ পূৰ্বেও বহুতো মুখ্য মন্দিৰত এনে কাৰ্যসূচী অনুষ্ঠিত হৈছে ।

Manipuri Dance
অংশগ্ৰহণকাৰী নৃত্যদলটো (ETV Bharat)

দেওবাৰে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰথমে হনুমান গড়ীক দৰ্শন উপাসনা কৰাৰ লগতে বজৰংৱলীৰ চৰণ চুই প্ৰণাম কৰে । তাৰ পিছত তেওঁ ৰাম মন্দিৰত উপস্থিত হয় । তাত তেওঁক শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক সম্পত ৰায়ে আদৰণি জনায় । ৰাজ্যপালগৰাকীয়ে ৰামলালাৰো দৰ্শন তথা পূজা-অৰ্চনা কৰে ।

Manipuri Dance
উপস্থিত থাকে অসম আৰু মণিপুৰৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য (ETV Bharat)

ইয়াৰ পূৰ্বে আৱৰ্ত ভৱনত উপস্থিত হোৱাৰ পিছত ৰাজ্যপালগৰাকীক গাৰ্ড অব অনাৰ প্ৰদান কৰা হয় । অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয়, "আজি ৰামলালা আৰু বজৰংৱলীৰ চৰণ স্পৰ্শ কৰি মই আমাৰ ৰাজ্য, আমাৰ সমাজ মণিপুৰ আৰু অসমত সুখ আৰু সমৃদ্ধিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো । অযোধ্যাৰ মৰ্যাদা অনুসৰি উন্নয়নমূলক কাম কৰা হৈছে । ইয়াৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জনাইছো ।"

আনহাতে, অযোধ্যাৰ উন্নয়নমূলক কাম সন্দৰ্ভত তেওঁ কয়, "ই আশ্চৰ্যজনক, অনন্য আৰু অলৌকিক । এনেয়ো ভগৱান ৰামৰ দৰবাৰ অতি সুন্দৰ ।" তেওঁ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু ৰাম মন্দিৰ ন্যাসক অভিনন্দন জনায় ।

লগতে পঢ়ক :শিশুসকলৰ বাবে বিশেষ হ'ব গুৱাহাটীৰ এটা পূজা মণ্ডপ ! - Guwahati Unique Puja Pandal
লগতে পঢ়ক :"চিন্তাৰ কোনো কাৰণ নাই"- বিশিষ্ট উদ্যোগপতি ৰতন টাটা - Ratan Tata health

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.