বাক্সা: এইবাৰ নাঙল এৰি ট্ৰেক্টৰত উঠিল আন এগৰাকী বি পি এফ নেতা । সমাগত পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বড়োভূমিৰ ৰাজনীতিত আকৌ পট-পৰিৱৰ্তন । কেইদিনমান পূৰ্বে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ একালৰ ঘনিষ্ঠ সহযোগী তথা দলটোৰ উপ-সভাপতি খাম্ফা বৰগয়াৰীয়ে দলত্য়াগ কৰাৰ পিছত এইবাৰ ট্ৰেক্টৰত উঠি বহিল প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী ।
শুক্ৰবাৰে ইউ পি পি এলত আনুষ্ঠানিকভাৱে যোগদান কৰে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে । বিশাল সমদল লৈ যোগদান কাৰ্যসূচীত উপস্থিত হয় বাক্সাৰ প্ৰভাৱশালী নেতাগৰাকী । এইগৰাকী নেতাই কেইদিনমান পূৰ্বে বি পি এফ ত্যাগ কৰিছিল । আজি বি টি চিৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৰ উপস্থিতিত মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত ইউ পি পি এলৰ বিশাল যোগদান সভাত হিতেশ বসুমতাৰীয়ে দলটোত যোগদান কৰে ।
এই অনুষ্ঠানটোত উপস্থিত থাকে খাম্পা বৰগয়াৰী, চন্দন ব্ৰহ্ম আদি কেইবাগৰাকীও নেতা । উল্লেখ্য যে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বি এল টিৰ মাজত স্বাক্ষৰিত বি টি চি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী আছিল হিতেশ বসুমতাৰী ৷ আজি যোগদান কাৰ্যসূচীত প্ৰায় পাঁচশ লোকে ইউ পি পি এল দলত যোগদান কৰে ৷
মূল্যবোধৰ ৰাজনীতি বুজি নাপায় হাগ্ৰামাই :
ইয়াৰ পিছতেই বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত কয়, "বি টি আৰত আমি সৰ্বস্তৰৰ উন্নয়নৰ বাবে কাম কৰি আছো । ইউ পি পি এলত একত্ৰিকৰণৰ যাত্ৰা আৰম্ভ হৈছে । সস্তীয়া ৰাজনীতি আৰু মূল্যবোধৰ ৰাজনীতি কি এইবোৰ বুজি নাপায় হাগ্ৰামা মহিলাৰীয়ে ৷ ৰাজনীতিৰ নামত বেপাৰ চলাই আছে ৷ যিয়ে বি পি এফ দলত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে সিয়ে দুই লাখকৈ টকা দিব লাগে ৷"