তিনিচুকীয়া :তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ ন-তালপথাৰ গাঁৱৰ দিগন্ত চুতীয়াই ২০১১-১২ চনতেই বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান কৰিছিল । বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ন-তালপথাৰ গাঁৱৰ প্ৰহ্লাদ চুতীয়া আৰু বগী চুতীয়াৰ পুত্ৰ দিগন্ত চুতীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰাৰ কিছুদিন পাছতেই সন্ধানহীন হৈ পৰিছিল । কিছুদিন পিছত দিগন্তই বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান কৰাৰ বিষয়ে দিগন্তৰ পৰিয়ালৰ লোকসকল অৱগত হৈছিল ।
আলফা শিবিৰৰ পৰা পলায়নক লৈ ৰহস্য
প্ৰায় ১২‐১৩ বছৰে ঘৰৰ সৈতে কোনো যোগাযোগ নথকা দিগন্তৰ খবৰ এইবাৰ কিছু পৃথক ধৰণে পৰিয়ালে লাভ কৰিছে । কিছুদিনৰ পূৰ্বে আলফা স্বাধীনৰ শিবিৰৰ পৰা দিগন্ত চুতীয়াই পলায়ন কৰা আৰু তাৰ পাছতেই আধা ৰাস্তাৰ পৰাই দিগন্তক এনএছচিএনে কৰায়ত্ত কৰি পুনৰ আলফাৰ শিবিৰলৈ লৈ যোৱাৰ খবৰ ওলোৱাৰ পাছতে চিন্তিত হৈ পৰিছে দিগন্তৰ বৃদ্ধ পিতৃ-মাতৃৰ লগতে আত্মীয় । ১২-১৩ বছৰে কোনো খবৰ নোপোৱা পুত্ৰৰ এনে খবৰ লাভ কৰি উদ্বিগ্ন হৈ পৰিছে পিতৃ-মাতৃ ।
NSCN কেডাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নেকি ?