অসম

assam

ETV Bharat / state

জনজাতীয় বেল্টৰ মাটি বেদখল; শদিয়াত প্ৰশাসনে চলালে বুলড’জাৰ

Eviction in Sadia: শদিয়াত জনজাতীয় বেল্টৰ মাটিত বসতি স্থাপন কৰা সন্দেহজনক নাগৰিকৰ বাসগৃহ উচ্ছেদ প্ৰশাসনৰ ।

By ETV Bharat Assamese Team

Published : 6 hours ago

Eviction in Sadia
শদিয়াত প্ৰশাসনৰ উচ্ছেদ (ETV Bharat Assam)

তিনিচুকীয়া, ১৬ অক্টোবৰ: অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাৰ শদিয়াত মঙলবাৰে সমজিলা প্ৰশাসনে এক উচ্ছেদ অভিযান চলায় । উচ্ছেদ অভিযানত শদিয়া ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত হানিফ আলী নামৰ এজন লোকৰ বাসগৃহটো উচ্ছেদ কৰে বুলড’জাৰেৰে ।

বিগত কিছু মাহ পূৰ্বে শদিয়াৰ বিভিন্ন দল-সংগঠনে ট্ৰাইবেল বেল্ট আৰু ব্লক শদিয়াত সন্দেহজনক লোকে অবৈধভাৱে মাটি ক্ৰয় কৰি শদিয়াৰ বিভিন্ন অঞ্চলত গৃহ নিৰ্মাণ কৰি বসতি স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছিল । লগতে উক্ত অঞ্চলত বহু অনৈতিক আৰু অবৈধ কাম চলি থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । তাৰ পিচতে শদিয়া সমজিলা প্ৰশাসনে উক্ত ঘটনাৰ তদন্ত কৰি শদিয়াৰ শান্তিপুৰ ঘোঁৰামৰা অঞ্চলত সন্দেহজনক নাগৰিকৰ উক্ত গৃহটোত উচ্ছেদ অভিযান চলায় ।

শদিয়াত প্ৰশাসনৰ উচ্ছেদ (ETV Bharat Assam)

উচ্ছেদ অভিযান চলোৱাৰ সময়ত ৰাজহচক্ৰ বিষয়াগৰাকীয়ে কয়, "মাটিখিনি চৰকাৰী মাটি । চৰকাৰী মাটি দখল কৰি আছিল তিনিজন ব্যক্তিয়ে । তাৰে ভিতৰত হানিফ আলী আৰু ছিদমোল্লাৰ তদন্তত কোনো তেনে নথি লাভ কৰা নাই । তেওঁলোকে ট্ৰাইবেল বেল্ট আৰু ব্লক ঘোষণাৰ আগৰো নহয় । গোটেইখিনি তদন্ত কৰি দেখা গ’ল তেওঁলোকে বেইআইনীভাৱে আছিল । গতিকে উচ্ছেদ কৰা হ’ল আৰু পৰ্যায়ক্ৰমে উচ্ছেদ কৰা হ’ব ৷"

উল্লেখ্য যে বিগত কিছুমাহৰ পূৰ্বে উক্ত স্থানতে এক ধৰ্ষণকাণ্ডৰ অভিযোগ উত্থাপন হৈছিল । উক্ত ঘটনাটো পোহৰলৈ অহাৰ পাছতে জাঙুৰ খাই উঠিছিল তিনিচুকীয়া জিলাৰ সকলো দল-সংগঠন ৷ আনহাতে, সকলো দল-সংগঠনে একত্ৰিত হৈ অভিযুক্তৰ বিৰুদ্ধে উচিত শাস্তি বিহাৰ লগতে অবৈধভাৱে ট্ৰাইবেল বেল্ট আৰু ব্লক অঞ্চলত বসবাস কৰা লোকসকলক উচ্ছেদ কৰিবলৈ দাবী জনাইছিল । শেহতীয়াকৈ প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৰ শলাগ লৈছে শদিয়াবাসীয়ে ।

লগতে পঢ়ক :এইবাৰ বুলড'জাৰ চলিল বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত - EVICTION DRIVE IN GOALPARA
লগতে পঢ়ক :বৃহৎ নিৰাপত্তা বেষ্টনীৰ মাজত সোণাপুৰৰ কচুতলীত পুনৰ আৰম্ভ উচ্ছেদ - Sonapur eviction drive

ABOUT THE AUTHOR

...view details