অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

গুৰুৰ সমান হ'ব কোন ! কাৰ্বি পাহাৰৰ এখন বিদ্যালয়ৰ দৃশ্যই আপোনাৰো চকু সেমেকাব - Retirement of a headmaster

A story of an ideal teacher: কিমান প্ৰিয় হ'লে এজন শিক্ষকৰ বিদায়বেলাত হুকহুকাই কান্দি উঠিব পাৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক কৰ্মচাৰী ? গুৰু-শিষ্যৰ অপূৰ্ব নিৰ্দশন, জ্ঞান অন্বেষণ যাত্ৰাৰ অনন্য চানেকি দাঙি ধৰা এগৰাকী প্ৰধান শিক্ষকৰ বিদায়বেলাৰ দৃশ্যই চকু সেমেকাই তুলিব আপোনাৰো । কোন এইগৰাকী প্ৰিয় হেড ছাৰ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Emotional moments are created in a school during the retirement of a headmaster
ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়য় কান্দোনৰ ৰোল (ETV Bharat Assam)

কলিয়াবৰ, ১ অক্টোবৰ:সোমবাৰ, ৩০ ছেপ্টেম্বৰ । ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ত কান্দোনৰ ৰোল । কান্দিছে ছাত্ৰ-ছাত্ৰীয়ে, কান্দিছে শিক্ষক-কৰ্মচাৰীয়ে । গোটেই দিনটোত যেন শুনা গ'ল কেৱল উচুপনি আৰু উচুপনি । হেড ছাৰৰ বিদায়বেলা । সেয়ে বিদ্যালয়খনত উঠিল কান্দোনৰ ৰোল । চৰকাৰী নিয়ম অনুসৰি সোমবাৰে অৱসৰ গ্ৰহণ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ।

এগৰাকী প্ৰধান শিক্ষকৰ চাকৰিৰ অৱসৰৰ বেলাত বিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে হুকহুকাই কান্দিছে । শিক্ষকজনে ছাত্ৰ-ছাত্ৰীক সাৱটি ধৰি নিজেও শোকত ভাঙি পৰিছে । এয়া যেন প্ৰাপ্তিৰ চকুলো ! প্ৰধান শিক্ষকগৰাকীয়ে চকুলো টুকি প্ৰাৰ্থনা জনাই আৰু ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিবেশনৰ অন্তত সেৱা জনাই বিদায় লয় নিজৰ প্ৰিয় বিদ্যালয়খনৰ পৰা । শিক্ষক মুৰুলী বৰাই দেখুৱাই যায় গুৰু-শিষ্যৰ অপূৰ্ব নিৰ্দশন, দি যায় জ্ঞান অন্বেষণ যাত্ৰাৰ অনন্য চানেকি ।

ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়য় কান্দোনৰ ৰোল (ETV Bharat Assam)

কাৰ্বি আংলঙৰ ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰকৃত ত্ৰাণকৰ্তা, প্ৰাণ দিওতা মুৰুলী বৰাই শিক্ষকতা জীৱনক আনুষ্ঠানিকভাৱে বিদায় দি কলিয়াবৰৰ ঘৰলৈ অহাৰ সময়ত প্ৰিয় হেড ছাৰৰ লগত আহিল কেইবাজনো ছাত্ৰ-ছাত্ৰী । নিশাটো ছাৰৰ কলিয়াবৰৰ ঘৰতে কটাই ছাৰক দিলে এক মানসিক শান্তি । বিদায়ী শিক্ষকগৰাকীয়ে অতীত ৰোমন্থন কৰি পুলকিত হৈ উঠিলেও, বিদ্যালয়খনৰ পৰা চৰকাৰী নিয়ম পালন কৰি কায়িকভাৱে বিদায় ল'লেও বিদ্যালয়খনৰ মৰম আৰু স্থানীয় ৰাইজৰ আগ্ৰহ হয়তো নেওচিব নোৱাৰিব ।

কিয়নো ইতিমধ্যে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে স্থানীয় ৰাইজে নিযুক্তি দিছেই । সেয়ে মনত কিছু পৰিকল্পনাও পুহি ৰাখিছে মুৰুলী বৰাই । শিক্ষকতা বৃত্তি নহয়, ই এক সেৱা, সেই মনোভাৱেৰেই সুদীৰ্ঘকাল এই পৱিত্ৰ সেৱাত নিয়োজিত হৈ অৱসৰ লয় মুৰুলী বৰাই । নগাঁও আৰু কলিয়াবৰৰ সীমামূৰীয়া কাৰ্বি আংলং জিলাৰ চুচেনধেণ্টা পৰিষদীয় সমষ্টিৰ অপ্ৰাদেশীকৃত ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ১৯৮৯ চনতেই শিক্ষক হিচাপে নিয়োজিত হৈছিল কলিয়াবৰৰ হাটবৰৰ মুৰুলী বৰা ।

কাৰ্বি-আংলঙৰ এক পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী তথা সমাজ জীৱনৰ লগত একত্ৰিত হৈ কেৱল বিদ্যালয়ৰ চাৰিবেৰৰ মাজতে নিজকে আৱদ্ধ নাৰাখিলে শিক্ষকগৰাকীয়ে । ছাত্ৰ-ছাত্ৰীক সকলো দিশতে আগবঢ়াই নিয়াৰ যত্ন কৰিলে শিক্ষকতাৰ কালছোৱাত । গীত, নৃত্য, বাদ্য, অভিনয় আদিৰে সাংস্কৃতিক দিশতো ছাত্ৰ-ছাত্ৰীক পাৰ্গত কৰি তুলিলে শিক্ষক মুৰুলী বৰাই ।

শিক্ষকতাক সেৱাৰূপে গ্ৰহণ কৰা ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুৰুলী বৰা সকলো ছাত্ৰ-ছাত্ৰীৰে প্ৰিয় শিক্ষকৰূপে সমাদৃত হৈছিল । সকলো ছাত্ৰ-ছাত্ৰীৰে ঘৰত গৈ পঢ়া-শুনাৰ বুজ লোৱাৰ লগতে অনান্য দিশতো গুৰুত্ব প্ৰদান কৰি সকলোৰে আপোন, প্ৰিয় শিক্ষক হৈ পৰিছিল কলিয়াবৰৰ মুৰুলী বৰা ।

লগতে পঢ়ক:মুৰুলী বৰা; গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগৰ এক উৎকৃষ্ট উদাহৰণ - TEACHERS DAY 2024

বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈক ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত - State Award to Teacher 2024

ABOUT THE AUTHOR

...view details