অসম

assam

ETV Bharat / state

পুনৰ ইতিহাস ৰচিলে অসমৰ জলকোঁৱৰ এলভিছ আলী হাজৰিকাই - Elvis Ali Hazarika - ELVIS ALI HAZARIKA

Elvis Ali Hazarika : প্ৰখ্যাত সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই গঢ়িলে আন এক অভিলেখ ৷ পোলেণ্ডৰ Gulf of puck সাঁতোৰা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হৈছে এলভিছ আলী হাজৰিকা ৷

ELVIS ALI HAZARIKA
সাতোঁৰবিদ এলভিছ আলী হাজৰিকাই গঢ়িলে অভিলেখ (ETV Bharat Assam)

By ETV Bharat Sports Team

Published : Aug 17, 2024, 5:29 PM IST

Updated : Aug 17, 2024, 6:05 PM IST

গুৱাহাটী, 17 আগষ্ট : পুনৰ ইতিহাস ৰচিলে অসমৰ জলকোঁৱৰ, সাতোঁৰবিদ এলভিছ আলী হাজৰিকাই ৷ ৰাষ্ট্ৰীয় তথা প্ৰখ্যাত সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই গঢ়িলে আন এক অভিলেখ ৷ এইবাৰ পোলেণ্ডৰ Gdansk Pomerania (ডানস্ক পমেৰেনিয়াৰ) পাৰত অৱস্থিত বাল্টিক সাগৰৰ Gulf of puck (গাল্ফ অব্ পক্) সাঁতুৰিলে এলভিছ আলী হাজৰিকাই ৷ পোলেণ্ডৰ Gulf of puck সাঁতোৰা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হৈছে এলভিছ আলী হাজৰিকা ৷

এলভিছ আলী হাজৰিকাই গঢ়িলে আন এক অভিলেখ (ETV Bharat Assam)

এই সফলতা লাভ কৰাৰ পাছত ই টিভি ভাৰতক এলভিছ আলী হাজৰিকাই কয়, "যথেষ্ঠ প্ৰত্যাহ্বানপূৰ্ণ আছিল এই যাত্ৰা ৷ কিয়নো বহুতো জেলিফিছ, চীল আৰু অন্যান্য সাগৰীয় জীৱৰ সৈতে সাঁতুৰিছিলো ৷ তদুপৰি হিমশীতল ঠাণ্ডা পানী, নিমখীয়া পানী, গধুৰ প্ৰৱাহে এই যাত্ৰা অধিক কঠিন কৰি তুলিছিল যদিও মোৰ সপোন এটা পূৰণ হ’ল ৷"

উল্লেখ্য যে, জলকোঁৱৰ এলভিছ আলী হাজৰিকাই একেবাৰে কম বয়সৰ পৰাই সাঁতুৰিবলৈ আৰম্ভ কৰিছিল ৷ National Senior, Junior আৰু Sub Junior সাঁতোৰ প্ৰতিযোগিতাত অভিলেখ সংখ্যক 134 টা স্বৰ্ণ পদক জয় কৰা সম্ভৱত দেশৰ একমাত্ৰ খেলুৱৈ এলভিছ আলী হাজৰিকা ৷ কেবাটাও ৰাষ্ট্ৰীয় অভিলেখৰো অধিকাৰী এলভিছ ৷ বয়স বঢ়াৰ পিছতো থমকি নৰৈ বিগত বৰ্ষত তেওঁ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ উপৰিও এলভিছে 2019 চনত মেক্সিকোৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ কাটালানা চেনেল আৰু 2022 চনত নৰ্ডাৰ্ণ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ নৰ্থ চেনেল সফলতাৰে সাঁতুৰি পাৰ হ’বলৈ সক্ষম হৈছিল ৷

উল্লেখ্য যে, এলভিছ আলী হাজৰিকাই 2023 বৰ্ষৰ 19 জুলাইত নৰ্থ চেনেল অতিক্ৰম কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় । ৩১ ঘণ্টাত তেওঁ ৭৮ কিলোমিটাৰ সাঁতুৰি এই কৃতিত্ব অৰ্জন কৰিছিল।

লগতে পঢ়ক :Elvis Ali Hazarika creates history : ইংলিচ চেনেল সাঁতুৰি ইতিহাস সৃষ্টি এলভিছ আলী হাজৰিকাৰ

Last Updated : Aug 17, 2024, 6:05 PM IST

ABOUT THE AUTHOR

...view details