গোলাঘাট :ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ কেতিয়াবা যদি জনাঞ্চলত বন্যহস্তীয়ে আহি উপদ্ৰৱ চলোৱা, আন কেতিয়াবা আকৌ গজৰাজৰ গচকত মানুহৰ মৃত্যু হোৱা ইত্যাদি বাতৰিয়ে সঘনে সংবাদ শিৰোনাম দখল কৰি আহিছে ৷ আনকি কেতিয়াবা আকৌ মানুহৰ কিছু অদ্ভূতকাণ্ডৰ পৰিণাম ভোগ কৰিব লগা হয় বন্য জীৱ-জন্তুৱে ৷
এই প্ৰতিবেদনত আজি আমি উল্লেখ কৰিবলৈ লৈছো এনে এটা ঘটনাই ৷ স্থান গোলাঘাট ৷ তেতিয়া সময় পুৱা প্ৰায় 4 বাজিছে ৷ হঠাৎ ৰিণিকি ৰিণিকি ভাহি আহিল কোনো জীৱৰ বিননি ৷ পিছে কাৰ সেই মাত ? সেই অবুজ মাত শুনি শোৱাপাটিৰ পৰা উঠি আহিল স্থানীয় লোক ৷ গঞা ৰাইজে একগোট হৈ সেই মাতটোৰ সন্ধানত ওলাই গ’ল ৷ নিৰ্দিষ্ট স্থানত উপস্থিত হৈ হতবাক হ’ল গঞা ৷
এটা বন্যহস্তী; পৰি ৰৈছে এটা সৰু গাঁতত ৷ সম্ভৱতঃ নিশা বন্যহস্তীৰ জাক এটা গোলাঘাট জিলাৰ অন্তৰ্গত মৰঙি মৌজাৰ সুন্দৰপুৰৰ মাজেৰে পাৰ হৈ গৈছিল ৷ তেতিয়াই সেই হাতীৰ জাকৰে এটা হস্তী উক্ত গাঁতটোত পৰি যায় ৷ কেবাঘন্টা ধৰি উক্ত গাঁতটোত পৰি ৰোৱা এই হাতীটোৰ চটফটনি দেখি গঞা ৰাইজে খবৰ দিয়ে বকিয়াল বন বিভাগক ৷ মঙলবাৰে পুৱাই এই খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত হয় বন বিভাগৰ লোক ৷ তাৰ পাছতে অকণো পলম নকৰাকৈ বন বিভাগৰ লোকে এখন এক্সকেভেটৰৰৰ সহায়ত গাঁতটোৰ কিছু অংশ কাটি হাতীটো উদ্ধাৰ কৰে ৷