জোনাই, ১ মাৰ্চ :অসমৰ বিভিন্ন বনাঞ্চলত যোৱা ২২ ফেব্ৰুৱাৰীৰ আৰম্ভ হৈছে হস্তী গণনা কাৰ্যসূচী ৷ অসম চৰকাৰৰ বন বিভাগৰ অধীনত আৰম্ভ হৈছে এই হস্তী গণনা কাৰ্যসূচী । বন বিভাগৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ধেমাজি জিলাৰ জোনাইৰ পবা বনাঞ্চলতো সফলতাৰে সমাপন হয় হস্তী গণনা কাৰ্যসূচী ৷
উল্লেখ্য যে জোনাই আঞ্চলিক বন বিভাগৰ অধীনৰ পবা সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ দলে বিগত এসপ্তাহ ধৰি চলায় এই হস্তী গণনা কাৰ্যসসূচী । এই হস্তী গণনা কাৰ্যসূচীৰ অন্তিম দিনাৰ কাযৰ্সূচীত অসম চৰকাৰৰ বন বিভাগৰ অৱসৰপ্ৰাপ্ত বন সংৰক্ষক নীতিশ চক্ৰৱৰ্তী, ধেমাজি জিলা বন বিষয়া কৃষ্ণ দেউৰী, জোনাই বন বিষয়া মুকুট ৰাভা উপস্থিত থাকে ৷
পৰম্পৰাগতভাৱে গণেশ বাবালৈ পূজা আগবঢ়াই জোনাইৰ বন বিভাগৰ দলটোৱে পবা সংৰক্ষিত বনাঞ্চলত আৰম্ভ কৰে এই হস্তী গণনা কাৰ্যসূচী ৷ পবা সংৰক্ষিত বনাঞ্চলক মুঠ ৫টা খণ্ডত বিভক্ত কৰি এসপ্তাহ ধৰি বন বিভাগৰ দলে হস্তী গণনা কাৰ্যসূচী সম্পন্ন কৰে ৷ এই হস্তী গণনা কাৰ্যসূচীত বন বিভাগৰ দলটোৱে হাতীৰ দণ্ডী, আৱাস ভূমি, খাদ্য সম্ভাৰৰ লগতে আন আন বহু দিশৰ ওপৰত অধ্যয়ন চলায় ৷ লগতে এই হস্তী গণনা কাৰ্যসূচীত পবা সংৰক্ষিত বনাঞ্চলত হাতীৰ সংখ্যাৰ ওপৰতো অধ্যয়ন চলোৱা হয় ৷