কাজিৰঙা:কাজিৰঙাত পোনপ্ৰথমবাৰৰ বাবে উদযাপন কৰা হ’ল এটি হাতী পোৱালিৰ জন্মদিন । পৰী নামৰ হাতী পোৱালিজনীয়ে শনিবাৰে এটা বছৰ সম্পূৰ্ণ কৰা উপলক্ষে উদযাপন কৰা হ’ল জন্মদিনৰ । কাজিৰঙাত প্ৰায় তিনিকুৰি দহটা বিভাগীয় ঘৰচীয়া হাতী থকাৰ পাছতো এক বিশেষ কাৰণ আছে যাৰ বাবে এজনী পোৱালি হাতীৰ জন্মদিন উদযাপন কৰা হ’ল ।
১১ জানুৱাৰী পৰীৰ জন্মদিন । ২০২৪ বৰ্ষত ভূমিষ্ঠ হোৱা পৰীয়ে সম্পূৰ্ণ কৰিলে এটা বছৰ । এবছৰীয়া হ’ল কাজিৰঙাৰ পৰী । পৰী হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এটি কণমানি হাতী পোৱালি । পৰীৰ জন্মদিন শনিবাৰে উলহ-মালহেৰে উদযাপন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বিভাগীয় হস্তিনী ভাদৈৰ সন্তান পৰী । কণমানি শুঁৰডালেৰে সৈতে তিৰবিৰাই থকা চকুজুৰিৰে অনবৰতে ধেমালি কৰি ফুৰা পৰীৰ অভিব্যক্তিয়ে মোহাচ্ছন্ন কৰি ৰাখে সকলোকে ।
বনাঞ্চলটোৰ বিভাগীয় হাতীসমূহৰ লগতে বনাঞ্চলটোৰ মাউত-বনকৰ্মী সকলোৱে আনন্দ লাভ কৰে পৰীৰ সান্নিধ্যত । আনকি, বনাঞ্চলখন ভ্ৰমণ কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকেও থমকি ৰৈ আনন্দ লয় পৰীৰ ধেমেলীয়া কৰ্ম-কাণ্ডৰ । পৰীৰ মাতৃ ভাদৈয়ে যেতিয়া পিঠিত পৰ্যটকক লৈ উদ্যানৰ অন্তৰ্ভাগলৈ যায়, কাষে কাষে পৰীৰ থুপুক-থাপাক খোজৰ চন্দোময় গতিয়ে আমোদ দিয়ে পৰ্যটকক ।