অসম

assam

ETV Bharat / state

বায়ুসেনা ঘাটিত দুই কৰ্মচাৰীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

১১ হেজাৰ ভ'ল্টৰ বিদ্যুত তাঁৰত কাম কৰোতেও নাই সুৰক্ষা । কোনোৱে নভৱাকৈ ঘটিল ঘটনাটো ।

Death Due To Electrocution
চাবুৱা বায়ুসেনা বাহিনী ঘাটিত ভয়ংকৰ ঘটনা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 9 hours ago

মৰাণ : ডিব্ৰুগড়ৰ চাবুৱা বায়ুসেনা বাহিনী ঘাটিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । চাবুৱা বায়ুসেনা বাহিনীৰ চৌহদৰ ভিতৰত কৰ্মৰত অৱস্থাত দুই অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ মৃত্যু হোৱা ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ । ইয়াৰ পিছতেই বায়ুসেনা বাহিনীৰ অধীনৰ ঠিকা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।

ঘটনাৰ বিৱৰণি অনুসৰি বায়ুসেনা বাহিনী ঘাটিস্থিত বিদ্যুৎ উপ-কেন্দ্ৰৰ ১১ হেজাৰ ভ'ল্টৰ বিদ্যুত তাঁৰত লাগি দেওবাৰে থিতাতে সূজয় মুণ্ডা নামৰ শ্ৰমিকজনৰ মৃত্যু হয় । লগতে আন এজন সহকৰ্মী প্ৰবীণ ওৰাঙৰ চিকিৎসাধীন অৱস্থাত দেওবাৰে নিশা চিকিৎসালয়ত মৃত্যু হয় । ঠিকাভিত্তিত নিয়োজিত দুই কৰ্মচাৰীৰ মৃত্যুক লৈ অঞ্চলটোত চেঁপা উত্তেজনাই বিৰাজ কৰিছে ।

চাবুৱা বায়ুসেনা বাহিনী ঘাটিত ভয়ংকৰ ঘটনা (ETV Bharat Assam)

উত্থাপিত অভিযোগ মতে,কালিৰ দিনটোত এই ঘটনা সংঘটিত হ'ল যদিও বায়ুসেনা বাহিনী কৰ্তৃপক্ষই ঘটনাক লৈ কোনো ধৰণৰ তৎপৰতা নেদেখুৱালে । কেৱল ঠিকা প্ৰতিষ্ঠানটোৰ বিষয়াইহে এই ঘটনাটোৰ বিষয়ে পৰিয়ালক অৱগত কৰে । সোমবাৰে দুয়োটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতে পৰিয়ালে চমজি লৈছে যদিও বায়ুসেনা বাহিনীৰ অধীনৰ ঠিকা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।

কৰ্মীৰ বাবে নাই সুৰক্ষা ব্য়ৱস্থা

বায়ুসেনা বাহিনী ঘাটিত বিদ্যুৎ বিভাগত কাম কৰাৰ বাবে শ্ৰমিকৰ সুৰক্ষাৰ বাবে গ্ল'ভছ , বূট,হেলমেট পিন্ধাৰ ব্যৱস্থা কৰা নাছিল বুলি অভিযোগ উঠিছে । চাবুৱা বায়ুসেনা ঘাটিস্থিত বিদ্যুৎ উপ-কেন্দ্ৰত চাবুৱা কবিতা ইলেক্ট্ৰ'নিক প্ৰতিষ্ঠানৰ অধীনত হাতীআলি ২৮ নং লাইনৰ সুজয় মুণ্ডা আৰু চেংধৰা চাহ বাগিছাৰ প্ৰবীণ ওৰাং দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছিল । দেওবাৰে কি পৰিস্থিতিত ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল সেই বিষয়ে এতিয়াও বায়ুসেনা বাহিনীৰ কৰ্তৃপক্ষ আৰু ঠিকা প্ৰতিষ্ঠানে ৰাজহুৱা কৰা নাই ।

কবিতা ইলেক্ট্ৰ'নিক প্ৰতিষ্ঠানৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হৈ দুয়োজন ঠিকাভিত্তিক কৰ্মচাৰীৰ অকাল মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লগতে দল-সংগঠনে । দুয়োজন নিহতৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে কেইবাটাও দল-সংগঠনে ।

বাযুসেনা কৰ্তৃপক্ষৰ নীৰৱতা

ইপিনে,চাবুৱা বায়ুসেনা বাহিনীৰ ঘাটি চৌহদত সংঘটিত এই ঘটনাক লৈ নীৰৱতা অৱলম্বন কৰিছে বাযুসেনা কৰ্তৃপক্ষই । সেয়ে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে পৰিয়ালৰ লগতে দল-সংগঠনে ।

লগতে পঢ়ক:দেৰগাঁৱত শোকাৱহ ঘটনা, সংযোগৰ কাম কৰি থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ নিহত এজন - Death Due To Electrocution

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই প্ৰাণ গ'ল একে পৰিয়ালৰ দুটি শিশুৰ - Dibrugarh tragic incident

ABOUT THE AUTHOR

...view details