অসম

assam

ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন প্ৰদৰ্শিত হ'ব আইফেল টাৱাৰ - SANKARDEV SANGHA JORHAT SESSION

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনলৈ সাজু যোৰহাটৰ ৰাইজ । এইবাৰ প্ৰদৰ্শিত হ'ব বিশ্বৰ অন্য এক আশ্চৰ্য আইফেল টাৱাৰ । চলিছে প্ৰস্তুতি ।

Eiffel Tower to be screened at 94th Annual Session of Srimanta Sankardeva Sangha
শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন প্ৰদৰ্শিত হ'ব আইফেল টাৱাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 28, 2025, 10:03 PM IST

টীয়ক: মাজত মাত্ৰ কেইটিমান দিন । ৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা ভক্তিৰসত বুৰ যাব ম’হবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । কৃষ্ণ, কৃষ্ণ বন্দনাৰে মুখৰিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানটোৰ অধিবেশনথলী । ৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই অধিবেশন । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাত আয়োজক সমিতিৰ লগতে আই-বাপসকলে তীব্ৰ গতিত চলাই গৈছে প্ৰস্তুতি ।

অতিথিক আদৰিবলৈ ত্ৰুটি ৰখা নাই আয়োজক সমিতিয়ে । লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু যোৰহাটীয়া ভকত বৈষ্ণৱ । সমান্তৰালভাৱে টীয়ক জগদুৱাৰৰ নপমুৱা গাঁৱৰ পৰাগ বৰাৰ নেতৃত্বত অধিবেশনৰ অন্যতম আকৰ্ষণ হিচাপে বিবেচিত হ'ব বিশ্বৰ অন্য এক আশ্চৰ্য আইফেল টাৱাৰ । প্ৰায় ৮০ ফুট উচ্চতাৰে বাঁহেৰে নিৰ্মাণ কৰি থকা এই টাৱাৰ প্ৰস্তুত কৰাত বিগত প্ৰায় এমাহ জুৰি ব্যস্ত কেইবাজনো বৈষ্ণৱ ।

শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন প্ৰদৰ্শিত হ'ব আইফেল টাৱাৰ (ETV Bharat Assam)

এনে এক গুৰুজনাৰ মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দত মতলীয়া গাঁওবাসী । গুৰুজনাৰ গুনানুকীৰ্তন কৰি বিশেষ আইফেল টাৱাৰৰ নিৰ্মাণকাৰ্য কৰি গৈছে গাঁৱৰ বুঢ়া-মেথা সকলোৱে । উল্লেখযোগ্য যে অধিবেশনত বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে অধিবেশনস্থলী বিভিন্ন শিল্পৰে আটক ধুনীয়াকৈ সজাই পৰাই তুলিবলৈ চেষ্টা চলাইছে আয়োজক সমিতিয়ে ।

এইবাৰ ৮০ ফুট উচ্চতাৰ এই টাৱাৰটো হ'ব অধিবেশনৰ মূল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু । আইফেল টাৱাৰটো নিৰ্মাণৰ লগত জড়িত এগৰাকী শিল্পীয়ে এই সন্দৰ্ভত কয়, "প্ৰায় ২০ দিন ধৰি এই কাম চলি আছে । আমাৰ ব্যক্তিগত প্ৰচেষ্টাত এইকাম চলি আছে । আমি প্ৰায় ৮ জন যুৱক জড়িত হৈ আছোঁ আৰু ওচৰৰ দুই-এজনেও লাগি দিছে অলপ । প্ৰায় ৬ দিন মানৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগে । এতিয়ালৈকে ৭০ হাজাৰ মান খৰচ হৈছেই আৰু মুঠ ৮০ হাজাৰমান খৰচ হোৱাৰ সম্ভাৱনা আছে । টাৱাৰটো ৮০ ফুট ওখ হ'ব আৰু ৪০ ফুট বহল হ'ব ।"

লগতে পঢ়ক:বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন গতিত চলিছে প্ৰস্তুতি - SANKARDEV SANGHA JORHAT SESSION

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ গুৰু আসন প্ৰতিষ্ঠা - SANKARDEV SANGHA JORHAT SESSION

ABOUT THE AUTHOR

...view details