অসম

assam

ETV Bharat / state

বৈদিক পৰম্পৰাৰে ৫১০ বছৰ ধৰি চলি আহিছে এইখন দুৰ্গা পূজা

Traditional Durga Puja: সম্পূৰ্ণ অনাড়ম্বৰভাৱে মাথো বৈদিক পৰম্পৰা অনুসৰি চলি অহা এখন বিশেষ পূজা ৷ যাৰ আছে এক অনন্য ইতিহাস ৷ চাওক সবিশেষ-

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 1:09 PM IST

Durga puja
Traditional Durga Puja (ETV Bharat)

ৰঙিয়া, 11 অক্টোবৰ:দুৰ্গা পূজাৰ জাক-জমকতাৰ বিপৰীতে ৰঙিয়াৰ ভট্টপাৰাত কেইবা শতিকাৰ পৰা চলি আহিছে এখন বৈদিক পূজা । ৫১০ বছৰ ধৰি ৰঙিয়াত হৈ থকা এই পূজাভাগ অনুষ্ঠিত হয় দক্ষিণা কালী মন্দিৰত । ৰঙিয়াৰ ঐতিহাসিক দ্বিপ্তেশ্বৰী মন্দিৰৰ সমসাময়িক এই পূজাভাগ । স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আমন্ত্ৰণ মৰ্মে পশ্চিমবংগৰ পৰা অহা আচাৰ্য‍ বিদ্যাধৰ বাগিশদেৱৰ উত্তৰসূৰী আচাৰ্য‍ চূড়ামণি দেৱৰ সময়ত ১৫১৫ চনত স্থাপিত হৈছিল উক্ত মন্দিৰটো ।

তেতিয়াৰ পৰাই আচাৰ্যৰ পৰিয়ালে সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে পূজা ভাগ অনুষ্ঠিত কৰি আহিছে । বিগত কেইবাটাও দশকৰ পৰা পৰিয়ালৰ সদস্যসকলে লগ হৈ এখন মন্দিৰ পৰিচালনা সমিতিৰ গঠন কৰি মন্দিৰটোৰ লগতে মন্দিৰত অনুষ্ঠিত হোৱা পূজাসমুহ চোৱাচিতাৰ দায়িত্ব পালন কৰি আহিছে । এইবেলিও ৫১০ সংখ্যক বৰ্ষৰ বাবে মন্দিৰটোত পূজা অনুষ্ঠিত কৰা হৈছে ।

বৈদিক পৰম্পৰা অনুসৰি চলি অহা এখন বিশেষ পূজা (ETV Bharat)

দেৱীৰ প্ৰতিটো শক্তিৰূপক পূজা কৰা মন্দিৰটোত ঘট প্ৰতিষ্ঠা কৰি দুৰ্গা পূজা কৰা হয় । সম্পূৰ্ণ বৈদিক নিয়মেৰে অনুষ্ঠিত পূজাভাগত সন্ধিপূজাৰ দিনা মন্দিৰৰ তৰফৰ পৰা বলি দিয়া হয় । নৱমীৰ দিনা ৰাজহুৱা বলি বিধানৰ ব্যৱস্থা কৰা হয় । বৰ্তমান বেছিভাগ লোকে মন্দিৰত বলিৰ বাবে উছৰ্গা কৰি ছাগলী বা পাৰ চৰাই মুকলি কৰি এৰি দিয়া পৰিলক্ষিত হয় বুলি মন্দিৰৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিছে ।

ইয়াৰ উপৰিও পূজাৰ আটাইকেইটা দিনত পৰিয়ালটোৰ মহিলাসকলে মন্দিৰৰ চৌহদত নাম-প্ৰসংগ অনুষ্ঠিত কৰে । পূজাৰ অন্তত ৰাইজৰ বাবে ভোগৰো ব্যৱস্থা কৰে মন্দিৰ পৰিচালনা সমিতিয়ে । বছৰেকীয়া পূজাভাগত পৰিয়ালটো ওতঃপ্ৰোতভাৱে জড়িত থাকে যদিও স্থানীয় ৰাইজেও মন্দিৰটোৰ পূজাভাগত বিপুল উৎসাহেৰে অংশগ্ৰহণ কৰে । ইতিমধ্যে তিনিবাৰকৈ নিৰ্মাণ কৰা মন্দিৰটোৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰৰ তৰফৰ পৰা দহলাখ টকা আগবঢ়োৱা হৈছিল ।

মন্দিৰ পৰিচালনা সমিতিৰ সদস্যসকলে জানিবলৈ দিয়া অনুসৰি মন্দিৰটোৰ নিৰ্মাণ আৰু পৰিচালনা পৰিয়ালটোৱে কৰি আহিছে যদিও চৰকাৰে আগবঢ়োৱা ধনেৰে মন্দিৰৰ ভোগঘৰটো নতুনকৈ নিৰ্মাণ কৰা হৈছে । বাহ্যিক জাক-জমকতাৰ পৰা আঁতৰত থাকি বৈদিক নিয়মেৰে আয়োজন কৰা পূজা ভাগে ভক্তৰ মন মুহিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:বলি-বিধানৰ পৰিৱৰ্তে উছৰ্গা প্ৰথাৰে চলি আহিছে 250 বছৰীয়া ঐতিহাসিক দেৱী দ'লৰ দুৰ্গা পূজা

কাজিৰঙাৰ কাকগোঁসানী থানত পৰম্পৰাগত দুৰ্গাপূজা

ABOUT THE AUTHOR

...view details