ডিব্ৰুগড়:নৱবৰ্ষ পূৰ্বৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে ডিব্ৰুগড় জিলাত অপৰাধ ৰোধ কৰিবলৈ তৎপৰ হৈছে আৰক্ষী । ইয়াৰ মাজতে পিষ্টল, বোমা আৰু নগদ ধনসহ সন্দেহযুক্ত তিনিজন আলফা স্বাধীনৰ লিংকমেন আটক কৰিবলৈ সক্ষম হয় দুলীয়াজান আৰক্ষী । শুকুৰবাৰে নিশা দুলীয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ভাস্কৰ শইকীয়া, নামৰূপৰ DSP য়ে যুটীয়াভাৱে অভিযান চলাই তিনিজনকৈ আলফা স্বাধীনৰ লিংকমেন আটক কৰে ।
দুলীয়াজানৰ হুকুতা চাৰিআলিস্থিত নতুন বাছ আস্থানৰ এটা ভাৰাঘৰৰ পৰা বিতুপন গগৈক আটক কৰা পাছতেই জেৰা চলোৱাৰ অন্তত দুলীয়াজান আৰু টেঙাখাটৰ পৰা ভৰত হাজাৰী আৰু বলীন গগৈক আৰক্ষীয়ে আটক কৰে । বিতুপন গগৈ ওৰফে (জয়ন্ত অসম)ৰ পৰা এটা পিষ্টল, এটা বোমা লগতে নগদ প্ৰায় ৫০ হাজাৰ টকা আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে ।
তথ্য মতে, আটকাধীন বিতুপন গগৈ ওৰফে জয়ন্ত অসমৰ নেতৃত্বত ১৫ জনীয়া দলে উজনিৰ বিভিন্ন প্ৰান্তত কাম কৰি থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে । এই দলটোৱে বৰ্তমানলৈকে প্ৰায় ১ কোটি টকা বিভিন্ন স্থানত ধন দাবী কৰি সংগ্ৰহ কৰিছে ।
২৬ জানুৱাৰীৰ পুৰ্বে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ পৰিকল্পনা কৰিছিল । দুলীয়াজানৰ টেঙাখাতত থকা অইলৰ খাদত বোমা বিস্ফোৰণ কৰিবলৈ পৰিকল্পনা কৰাৰ কথা নিজে স্বীকাৰ কৰিছে দলটোৰ নেতৃত্বত থকা বিতুপন গগৈ ওৰফে জয়ন্ত অসমে ।