অসম

assam

ETV Bharat / state

বেৰাচাপৰিত চিয়াং নদীৰ বক্ষৰ পৰা উদ্ধাৰ চীনত নিৰ্মিত চিলিণ্ডাৰ; চিন্তিত গঞা - Chinese LPG cylinder recovered - CHINESE LPG CYLINDER RECOVERED

Chinese cylinder recovered: জোনাইত চিয়াং নদীৰ বুকুৰ পৰা উদ্ধাৰ গেছ চিলিণ্ডাৰ সদৃশ ধাতৱীয় সামগ্ৰী উদ্ধাৰ । চীনা মাণ্ডাৰিন ভাষাৰ এটা লেবেল লগোৱা এই চিলিণ্ডাটো উদ্ধাৰক লৈ চাঞ্চল্যই বিৰাজ কৰিছে জোনাইৰ বেৰাচাপৰিত ।

Chinese LPG cylinder recovered from Siang river
চিয়াং নদীত বুকুৰ পৰা উদ্ধাৰ হৈছে এই গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰীবিধ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 1:17 PM IST

জোনাই, 9 জুলাই : জোনাইৰ মহকুমাৰ বেৰাচাপৰিত চাঞ্চল্যৰ সৃষ্টি কৰিছে এটা চিলিণ্ডাৰ সদৃশ ধাতৱীয় সামগ্ৰীয়ে ৷ স্থানীয় লোকসকলে সন্দহ কৰা অনুসৰি, এই সামগ্ৰীবিধ হৈছে চীন দেশত নিৰ্মিত এটা গেছ চিলিণ্ডাৰ ৷ চিয়াং নদীত বুকুৰ পৰা উদ্ধাৰ হৈছে এই গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰীবিধ ৷

চিয়াং নদীত বুকুৰ পৰা উদ্ধাৰ হৈছে এই গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰীবিধ (ETV Bharat Assam)

বিৱৰণি অনুসৰি, কিছুদিন পূৰ্বে জোনাইৰ মহকুমাৰ বেৰাচাপৰিত চিয়াং নদীৰ বক্ষত মাছ মাৰি আছিল কেবাজনো মাছমৰীয়াই ৷ মাছ মাৰি থকা অৱস্থাতে মাছমৰীয়াসকলে চিয়াং নদীত এটা অদ্ভূত এটা সামগ্ৰী উটি অহা প্ৰত্যক্ষ কৰে ৷

প্ৰথমতে বাঢ়নী পানীত উটি অহা এই সামগ্ৰীবিধ কাঠৰ কুণ্ডা বুলি সন্দেহ কৰিছিল ৷ সেয়ে লগে লগে মাছমৰীয়া কেইজনে সামগ্ৰীবিধ নৈ পৰা পাৰলৈ তুলি আনে ৷ তেতিয়াহে মাছমৰীয়া কেইজনে প্ৰত্যক্ষ কৰে যে কাঠৰ কুণ্ডা বুলি সন্দেহ কৰা সামগ্ৰীবিধ প্ৰকৃততে এটা চিলিণ্ডাৰহে ৷ যাৰ উচ্চতা প্ৰায় 4 ফুট ৷

উদ্ধাৰ হোৱা চিলিণ্ডাৰটোত মাণ্ডাৰিন আৰু ইংৰাজী ভাষাত কিছু অস্পষ্টকৈ তথ্য লিখা আছে ৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে চিলিণ্ডাৰটো চীনৰ পৰা চিয়াং নদীৰে আহি অসম পাইছেহি ৷ এই ৰহস্যময় চিলিণ্ডাৰটোক লৈ জোনাইৰ বেৰাচাপৰিবাসী চিন্তিত হৈ পৰিছে ৷

লগতে পঢ়ক :কান্ধত সামগ্ৰী তুলি বানাক্ৰান্তক সাহাৰ্য বিতৰণ বিধায়কৰ - Assam Flood 2024

একাংশৰ মতে, এয়া চীনৰেই কিবা নতুন ৰণ কৌশল ৷ সম্ভৱতঃ চীনে নদীৰ জৰিয়তে নতুন কৌশল অৱলম্বন কৰি অসমত নিজৰ আধিপত্য বিচাৰিবলৈ পাং পাতিছে ৷ সেয়ে এই সন্দৰ্ভত আৰক্ষী কিম্বা প্ৰশাসনে তদন্ত কৰিব লাগে বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে ৷

তাৰোপৰি চিলিণ্ডাৰ সদৃশ সামগ্ৰীটো যদিহে বিস্ফোৰণ ঘটে তেন্তে অনাগত সময়ত কিবা অঘটন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে অঞ্চলটোৰ ৰাইজে ৷ উপায়ন্তৰ হৈ মাছমৰীয়া আৰু গাঁওপ্ৰধানে সংবাদ মাধ্যমৰ কাষ চাপে । লগতে তেওঁলোকে জোনাই মহকুমা প্ৰশাসনক এই চিলিণ্ডাৰ সদৃশ সামগ্ৰীটো নিজৰ জিম্মাত ল’বলৈ আহ্বান জনাইছে ।

ইফালে এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে উক্ত স্থানলৈ ৰাওনা হৈছে আৰক্ষী আৰু প্ৰশাসনৰ লোক ৷ জানিব পৰা মতে, চিলিণ্ডাৰ সদৃশ সামগ্ৰীটো নিজৰ জিম্মাত লৈ ঘটনাৰ তদন্ত কৰিব আৰক্ষীয়ে ৷

লগতে পঢ়ক :জোনাইত খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি হাতে-কামে লাগিল গঞা - jonai erosion problems

ABOUT THE AUTHOR

...view details