গোলাঘাট, ১২ মাৰ্চ: গোলাঘাট জিলাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিচাযুক্ত দ্ৰব্যৰ সামগ্ৰীৰ সহবৰাহ । জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট নগৰৰ বিভিন্ন অঞ্চলত এতিয়াও বিভিন্ন পন্থা অৱলম্বন কৰি এচাম লোকে চলাই আহিছে ড্ৰাগছৰ বেহা । এই ড্ৰাগছ ব্যৱসায়ীৰ কৱলত পৰি যুৱ প্ৰজন্ম ধ্বংসৰ গৰাহত পৰি নিজৰ জীৱন আৰু পৰিয়াললৈ নমাই আনিছে কাল অমানিশা । তেনে এক ঘটনা সংঘটিত হৈছে গোলাঘাটত । গোলাঘাটৰ জ্যোতি নগৰত কালি সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । ড্ৰাগছ আসক্ত পুত্ৰই পিতৃক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
হত্যাকাণ্ডটো সংঘটিত কৰি বিচনাৰ তলত পুতি থয় পিতৃ বুবুল বৰাক । উক্ত হত্যাকাণ্ড সংঘটিত কৰি অভিযুক্ত পুত্ৰ পিকু বৰা পলায়ন কৰিছিল যদিও বৰ্তমান গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক । ইয়াৰ পিচতেই ঘটনাস্থলীত উপস্থিত হয় গোলাঘাট আৰক্ষী আৰু দণ্ডাধীশ । ড্ৰাগছ সেৱন কৰি কিছুদিনৰ পূৰ্বে জেলৰ পৰা ওলাই আহিছিল যুৱকজন ৷ মাতৃয়ে এই সন্দৰ্ভত উল্লেখ কৰা মতে, সোমবাৰে গোলাঘাট সমন্বয় ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানলৈ ওলাই গৈছিল মাতৃ । তাৰ পাচতে কনিষ্ঠ পুত্ৰ পিকু বৰাৰ সৈতে পিতৃৰ বাকযুদ্ধ হোৱাৰ ফলতে এনে ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকশ কৰিছে মাতৃয়ে ।