গুৱাহাটী, ৩১মাৰ্চ:ড্ৰাগছেই কাল হ'ল এজন যুৱকৰ । ড্ৰাগছ সেৱন কৰি পিতৃ-মাতৃক প্ৰহাৰ কৰা কাৰ্যত এজন যুৱকক বাধা দিয়া বাবে চুমু আলী নামৰ এজন যুৱকৰ জীৱনলৈ অমানিশা নামি আহে । ড্ৰাগছ আসক্ত ইছাদ আলীয়ে পূৰ্ব পৰিকল্পনা অনুসৰি প্ৰতিৱেশী চুমু আলীক হানি-খুচি নৃশংসভাবে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ নোৱাপাৰাৰ জান্নাতপুৰত ।
উল্লেখ্য় যে নোৱাপাৰাৰ জান্নাতপুৰৰ বাসিন্দা চুমু আলীয়ে দিন হাজিৰা কৰি পিতৃ-মাতৃক পোহপাল দি আছিল । ঘৰৰ ওচৰতে বাস কৰা ইছাদ আলীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰি অঞ্চলটোৰ সামাজিক পৰিবেশ বিনষ্ট কৰি আছিল । দুদিন পূৰ্বে ড্ৰাগছ সেৱন কৰি ইছাদ আলীয়ে পিতৃ-মাতৃক প্ৰহাৰ কৰি আছিল । তেনেতে ঘটনাটো প্ৰত্যক্ষ কৰি চুমু আলীয়ে তেওঁলোকৰ ঘৰলৈ গৈ পিতৃ-মাতৃৰ বাবে পৃথিৱীখন দেখা বুলি কৈ গালত চৰ মাৰে । ইয়াতে ক্ষুন্ন হৈ ইছাদে চুমু আলীক হত্যাৰ ভাবুকি দিয়ে । ইছাদ আলীৰ খং দেখা পাই চুমু নিজ ঘৰলৈ আহে ।
শনিবাৰে নিশা ন মান বজাত ইছাদে কৌশলেৰে চুমু আলীক মিলি জুলি পথলৈ মাতি নিয়ে । ইছাদে তিনি সহযোগীৰ সহায়ত চুমু আলীক হত্যা কৰি মিলি জুলী পথৰ এটা পৰিত্যক্ত চৌহদত মৃতদেহটো পেলাই উভতি আহে । সেই সময়ত চুমুক বিচাৰি যোৱা পিতৃয়ে ইছাদক লগ পাই চুমু ক'ত আছে বুলি প্ৰশ্ন কৰে । কিন্তু ইছাদে চুমুৰ বিষয়ে অজ্ঞাত প্ৰকাশ কৰে । আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে মৃতদেহ পৰি থকা দেখা পাই সাতগাওঁ আৰক্ষীক খবৰ দিয়ে ।
পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । এই ঘটনাৰ পিচতে অঞ্চলটোৰ ৰাইজ উত্তেজিত হৈ পৰে । ইপিনে, উত্তেজিত জনতাই অভিযুক্ত ইছাদৰ ঘৰৰ গ্লাছ ভাঙি চূৰমাৰ কৰাৰ লগতে ঘৰৰ ক্ষতি সাধন কৰাৰ বাবেও উদ্যত হয় । চুমুৰ মৃতদেহ অভিযুক্ত ইছাদৰ ঘৰৰ চৌহদত কবৰস্থ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাইজে । ইতিমধ্যেই সাতগাঁও আৰক্ষীয়ে উত্তেজিত লোকক নিয়ন্ত্ৰণ কৰাৰ লগতে কটকটীয়া নিৰাপত্তা বেষ্টনি গঢ়ি তুলিছে ইছাদৰ ঘৰৰ চৌহদত । ইয়াৰ মাজতেই ইছাদক হাতীগাঁৱৰ ভেটাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে সাতগাঁও আৰক্ষীয়ে । সম্প্ৰতি সাতগাঁও আৰক্ষীয়ে থানাৰ লকআপত জেৰা কৰি আছে ইছাদ আলীক ।
লগতে পঢ়ক:নিশা শিলচৰৰ সোণাইৰোডত লোমহৰ্ষক হত্যাকাণ্ড - Murder At Silchar