ETV Bharat / state

মাজুলীত পূৰ্ণ গতিত চলিছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা - MAJULI RAAS PREPARATION

Raas in Majuli : ৰাস বুলি কলেই ব্যস্ততা বাঢ়ে মাজুলীবাসীৰ । দেশী-বিদেশী হাজাৰ হাজাৰ লোকক আদৰণি জনাবলৈ সাজু হয় মাজুলীবাসী ।

Raas festival in Assam
ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 1:23 PM IST

মাজুলী: শৰতৰ স্নিগ্ধ জোনাক নিশা পদূলিয়ে পদূলিয়ে আমোলমোল তলসৰা দুৱৰিত শেৱালীৰ গোন্ধ । শৰৎ মানেই শইচ সম্ভৱা সেউজীয়া পথাৰ, শুভ্ৰ কহুৱাৰ মিচিকিয়া হাঁহিৰ আহ্বান ৷ নীলা আকাশত শুকুলা মেঘৰ লুকাভাকু । মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন । ৰাস মহোৎসৱলৈ কেইটামান দিন বাকী থকা অৱস্থাত এতিয়া ব্যস্ততা বাঢ়িছে মাজুলিবাসীৰ । এই ৰাস ৰাইজৰ আগত প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে মাজুলীৰ অৰ্ধ শতাধিক ৰংগমঞ্চ আৰু ১২ খনকৈ সত্ৰ ৷ নিশা দুপৰলৈকে চলিছে ৰাসৰ আখৰা ।

ৰাস বুলিলেই পোন প্ৰথমে মাজুলীৰ ছবিখনেই চকুলৈ ভাঁহি আহে । কিয়নো মাজুলীৰ লগত আছে ৰাসৰ এৰাব নোৱৰা সম্পৰ্ক । ইতিমধ্যে আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা ৷ অক, বক, কেশী, পুতনা, কংসক বধিবলৈ সাজু মাজুলীৰ শিল্পী ৷ বান বাৰিষাৰ দুখ-দুৰ্ভাৱনা পাহৰি এতিয়া মাজুলীৰ সকলো ব্যস্ত শাৰদীয় ৰাস উৎসৱত । খোল-তাল বাঁহীৰ সুৰৰ লগতে ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ-বতাহ ।

ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি (ETV Bharat Assam)

মাজুলীত উৎসৱৰ বতৰত আগমন ঘটিছে বহু দেশী-বিদেশী পৰ্যটকৰ । মাজুলীত পালন কৰা উৎসৱসমূহৰ ভিতৰত প্ৰধান উৎসৱেই হৈছে এই ৰাস মহোৎসৱ । শিশু কৃষ্ণৰ জন্মলীলাৰ লগতে সম্পূৰ্ণ ৰাসৰ আখৰা চলিছে সত্ৰ নগৰী মাজুলীত ।

লক্ষ্মী পূৰ্ণিমাৰ দিনা মাজুলীত ৰাসৰ নাটক মেলা আৰম্ভ হয় । সেইদিনৰ পৰাই ৰাসৰ আখৰাৰ আৰম্ভ হয় । অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ মাজুলীৰ উজনি মাজুলীৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনেৰে অভিনয় হ'বলগীয়া বৃহত্তৰ মূদৈবিল মিলনজ্যোতি ৰংগমঞ্চৰ ৰাসৰ আখৰাও চলিছে পূৰ্ণোদ্য়মে । এই বৰ্ষত কুৰি বছৰত ভৰি দিয়া এই মঞ্চত ১৬ নৱেম্বৰত শেষৰ দিনা প্ৰদৰ্শিত হ'ব শিশুৰাস ।

লগতে পঢ়ক:পবিত্ৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই মাজুলীত আৰম্ভ হ’ল ৰাসৰ নাট মেলা পৰ্ব

ৰাস কমিটীলৈ আৰ্থিক অনুদান প্ৰদানৰ ঘোষণাই বৃদ্ধি কৰিছে উৎসাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.