ETV Bharat / bharat

কানাডাৰ হিন্দু মন্দিৰত আক্ৰমণক গৰিহণা পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ - MANN CONDEMNS HINDU TEMPLE ATTACK

কানাডা হৈছে বহু পঞ্জাবীৰ বাবে দ্বিতীয় ঘৰ হিচাপে । কোনেও তাত এনে ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাটো নিবিচাৰে । মানে কয় ।

Mann condemns Hindu temple attack
কানাডাৰ হিন্দু মন্দিৰত আক্ৰমণক গৰিহণা পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ (ETV Bharat)
author img

By PTI

Published : Nov 5, 2024, 1:26 PM IST

চণ্ডীগড় : কানাডাৰ ব্ৰেম্পটনৰ এটা হিন্দু মন্দিৰত সংঘটিত আক্ৰমণৰ ঘটনাক মঙলবাৰে গৰিহণা দিয়ে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে । লগতে ভৱিষ্যতে এনে ঘটনা প্ৰতিহত কৰিবলৈ তেওঁ কানাডা চৰকাৰৰ ওচৰত বিষয়টো উত্থাপন কৰিবলৈ কেন্দ্ৰক আহ্বান জনায় ।

উল্লেখ্য যে, দেওবাৰে ব্ৰেম্পটনৰ এটা হিন্দু মন্দিৰত খালিস্তানী পতাকা হাতত লৈ একাংশ প্ৰতিবাদকাৰীয়ে তাত উপস্থিত থকা লোকৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল । "মই এই ঘটনাটোক তীব্ৰ গৰিহণা দিছো । ভৱিষ্যতে এনে ঘটনা প্ৰতিহত কৰাৰ বাবে মই ভাৰত চৰকাৰৰ পৰা এই বিষয়টোক লৈ কানাডা চৰকাৰৰ সৈতে আলোচনাৰো দাবী জনাইছো ।" ভাটিণ্ডাত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মানে কয় ।

তেওঁ লগতে কয় যে বহু পঞ্জাবীয়ে কানাডাক তেওঁলোকৰ দ্বিতীয় ঘৰ হিচাপে গণ্য কৰে আৰু কোনেও তাত এনে ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাটো নিবিচাৰে । ইফালে উক্ত ঘটনাৰ পিচত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাৰতে কৈছে যে কানাডাত থকা নাগৰিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ত অতি ‘‘গভীৰভাৱে চিন্তিত’’ হৈ আছে ।

উল্লেখ্য যে, শেহতীয়াভাৱে ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক অৱনমিত হৈছে । খালিস্তানী বিচ্ছিন্নতাবাদীসকলক উত্তৰ আমেৰিকাৰ দেশখনে কৰা তথাকথিত সমৰ্থন আৰু ভাৰতে সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা কানাডিয়ান নাগৰিক হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰত জড়িত থকাৰ অভিযোগক লৈ ভাৰত-কানাডাৰ সম্পৰ্কত ফাঁট মেলিছে ।

ইয়াৰ মাজতে ব্ৰেম্পটনত থকা হিন্দু সভা মন্দিৰটো ধ্বংস কৰাৰ অভিযোগ উঠিছে কানাডাত থকা খালিস্তানী সমৰ্থকৰ বিৰুদ্ধে ৷ আনহাতে, এই কাৰ্যক গৰিহণা দিয়ে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ৷ ধৰ্মীয় স্বাধীনতাৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি ট্ৰুডোৱে কয় যে প্ৰতিগৰাকী কানাডাবাসীৰেই মুক্ত তথা সুৰক্ষিতভাৱে নিজ ধৰ্ম পালনৰ অধিকাৰ আছে ৷

লগতে পঢ়ক :কানাডাত হিন্দু মন্দিৰত আক্ৰমণ খালিস্তানী সমৰ্থকৰ: প্ৰধানমন্ত্ৰী ট্ৰুডোৱে ক’লে- এয়া গ্ৰহণযোগ্য নহয়
লগতে পঢ়ক :ভাৰতৰ সৈতে কানাডাই বেপৰোৱাভাৱে সম্পৰ্ক স্থাপন কৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.