ETV Bharat / state

গৱেষণাধৰ্মী মুখাশিল্পৰে স্বাৱলম্বিতাৰ বাট বুলাইছে প্ৰদীপ হাজৰিকাই - RAAS FESTIVAL PREPARATION

জৰাবাৰী সত্ৰৰ মুখাশিল্পী প্ৰদীপ হাজৰিকা ব্যস্ত মুখা প্ৰস্তুত কৰাত ৷ ২০১০ চনৰ পৰা এই শিল্পৰ লগত জড়িত মুখাশিল্পীগৰাকীয়ে ধৰি ৰাখিব খোজে স্বকীয়তা ।

Mask artist of Jarabari Satra
মুখাশিল্প (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 12:48 PM IST

আমগুৰি : শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱলৈ মাজত আছে মাথোঁ কেইটামান দিন । সমগ্ৰ ৰাজ্য এতিয়া কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে । ৰাস মহোৎসৱৰ পূৰ্বে মুখাশিল্পীৰ ব্য়স্ততাৰ অন্ত নাই । দিনে-নিশাই ব্য়স্ত হৈ সাজু কৰিছে মুখা । কাৰণ মুখা অবিহনে ৰাসলীলা অসম্ভৱ ।

বাদ পৰি ৰোৱা নাই মুখাশিল্পী প্ৰদীপ হাজৰিকাও ৷ আমগুৰি ঐতিহাসিক জৰাবাৰী সত্ৰৰ মুখাশিল্পীগৰাকী ব্যস্ত হৈ পৰিছে মুখা প্ৰস্তুত কৰাত । এই মুখাশিল্পক লৈ ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপন কৰি জীৱনৰ বাটত আগুৱাইছে মুখাশিল্পী প্ৰদীপ হাজৰিকাই । ২০১০ চনৰ পৰা মুখাশিল্পৰ লগত জড়িত প্ৰদীপ হাজৰিকাই শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ সাজসজ্জাৰ বাবে বিভিন্ন মুখা প্ৰস্তুত কৰাত ব্যস্ত হৈ উঠিছে ।

মুখাশিল্প (ETV Bharat Assam)

শিৱসাগৰ, যোৰহাট, দুলীয়াজানকে ধৰি মুখাশিল্পী প্ৰদীপ হাজৰিকাৰ ৰাসৰ মুখা বিদেশতো সমাদৃত হৈছে । সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে যোৱা চৈধ্যৰ বছৰ ধৰি শিল্পী প্ৰদীপ হাজৰিকাই নিজৰ লগতে অন্য পাঁচজন যুৱকক এই শিল্পকৰ্মত জড়িত কৰাই আৰ্থিকভাৱে সকাহ দি আহিছে ।

উল্লেখ্য যে, গুৰুজনাই ৰচনা কৰা প্ৰথমখন নাট ‘‘চিহ্ন যাত্ৰা’’ত প্ৰথমবাৰৰ বাবে মানুহৰ স্বাভাৱিক মুখমণ্ডলত প্ৰকাশ কৰিব নোৱৰা চৰিত্ৰ ৷ যেনে গৰুড় পক্ষী, ব্ৰহ্মা, শিৱ আদি চৰিত্ৰৰ বাবে মুখা নিৰ্মাণ কৰা হৈছিল । ৰামায়ণৰ কাহিনীত ৰাৱণ, কুম্ভকৰ্ণ, সূৰ্পনখা, জটায়ু, তাৰকা, মাৰিছ, সুবাহু, সুগ্ৰীৱ আদি চৰিত্ৰসমূহৰ বাবে মুখাৰ প্ৰাধান্যতা বহু পৰিমাণে বেছি । ভগৱানৰ দশ অৱতাৰৰ ৰূপটো মুখাৰ ব্যৱহাৰৰ ক্ষেত্ৰত মৎস্য, কুৰ্ম, নৰসিংহ আদিৰ বাবে বৰ্তমান প্ৰচলিত হৈ আছে ।

ৰাস মহোৎসৱত মুখা প্ৰদৰ্শনে এক চমৎকাৰিতা প্ৰকাশ কৰি আহিছে । শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৰৱৰ্তী গুৰু তথা আতা পুৰুষসকলেও ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ পৰা বহুকেইখন নাট লিখি এই মুখা কলাৰ যোগেদি সত্ৰীয়া সংস্কৃতিৰ ভড়াল চহকী কৰি থৈ গৈছে ।

মুখাশিল্পক জীয়াই ৰখাৰ অপ্ৰাণ চেষ্টা

মহাপুৰুষ মাধৱদেৱৰ পদৰঞ্জিত ঐতিহাসিক জৰাবাৰী সত্ৰৰ শিষ্য প্ৰদীপ হাজৰিকাৰ মুখাই অসমৰ বিভিন্ন জিলাৰ লগতে বিদেশতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । সত্ৰপীঠ মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্প যেনেদৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত তেনেদৰে অসমৰ প্ৰদীপ হাজৰিকাৰ দৰে একাংশ নৱপ্ৰজন্মই ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ মুখাশিল্পক জীয়াই ৰখাৰ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ।

যি সময়ত নৱ প্ৰজন্মই অসমীয়া সংস্কৃতিৰ প্ৰতি অৱহেলা কৰা বুলি এচামে অভিযোগ উত্থাপন কৰি আহিছে সেই সময়তে জৰাবাৰীৰ এই শিল্প সুলভ মনৰ অধিকাৰী প্ৰদীপ হাজৰিকাই দেখুৱাইছে অনন্য নিদৰ্শন । ঐতিহাসিক জৰাবাৰীৰ প্ৰদীপ হাজৰিকাই ৰাসোৎসৱৰ কাৰণে ৰাসত প্ৰয়োজন হোৱা বিভিন্ন মুখা অঘাসুৰ, বকাসুৰ, পুতনা, অজগৰ, ময়ুৰকে ধৰি প্ৰয়োজনীয় সকলো মুখা নিৰ্মাণত ব্যস্ত হৈ পৰিছে ।

ঘৰতেই স্থাপন কৰিছে সংগ্ৰহালয়

২০১০ চনৰপৰা মুখাশিল্পৰ লগত জড়িত প্ৰদীপ হাজৰিকাই নিজ গৃহতে সংগ্ৰহালয়ো স্থাপন কৰিছে । মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি আৰু ঐতিহাসিক চামগুৰি সত্ৰৰ হেমচন্দ্ৰ গোস্বামীক গুৰু হিচাপে পালন কৰি শিল্পী প্ৰদীপ হাজৰিকাই মুখাক বিকৃত ৰূপ প্ৰদান নকৰি প্ৰাচীন পৰম্পৰাক ধৰি ৰাখিবলৈ সক্ষম হৈছে । সাম্প্ৰতিক সময়ত বহু মুখা আৰু সাজ-সজ্জা বিকৃত ৰূপত উপস্থাপন বিশেষকৈ পাশ্চাত্যৰ প্ৰভাৱ পৰা বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে । তেওঁ গুৰুজনাৰ সৃষ্টিৰাজিক বিকৃত ৰূপত উপস্থাপন নকৰিবলৈ শিল্পীসকলক আহ্বান জনাইছে ।

লগতে পঢ়ক:পবিত্ৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই মাজুলীত আৰম্ভ হ’ল ৰাসৰ নাট মেলা পৰ্ব

ৰাস কমিটীলৈ আৰ্থিক অনুদান প্ৰদানৰ ঘোষণাই বৃদ্ধি কৰিছে উৎসাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.