অসম

assam

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 9:03 PM IST

Updated : Jul 21, 2024, 10:05 PM IST

ETV Bharat / state

অপতৃণ পাৰ্থেনিয়াম ধ্বংস অভিযানত নামিল দুই সহস্ৰাধিক লোক - Poisonous Weed Parthenium

Parthenium weed: পাৰ্থেনিয়াম নামৰ অপতৃণবিধকক পুলিয়ে পোখাই উভালি পেলাবলৈ সংকল্প লৈছে যোৰহাটৰ একাংশ লোকে ৷ দুই সহ্ৰাধিক লোকে চিনামৰা ৰে’ল লাইনৰ পৰা যোৰহাট নগৰ লাহতি ৰে’ল লাইনৰ দাঁতিত ছানি ধৰা অপতৃণ পাৰ্থেনিয়াম উভালি ধ্বংস কৰে ৷

POISONOUS WEED PARTHENIUM
অপতৃণ পাৰ্থেনিয়াম উভালি ধ্বংস কৰে ৰাইজে (ETV Bharat Assam)

যোৰহাট, 21 জুলাই : সমগ্ৰ অসমৰ লগতে যোৰহাটতো অতি মৰাত্মক ৰূপত পাৰ্থেনিয়াম নামৰ অপতৃণই ছানি ধৰা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ এই পাৰ্থেনিয়ামৰ ৰে’ল লাইনৰ দাঁতিত আৰু ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুত গতিত বংশ বৃদ্ধি হ'বলৈ ধৰিছে ৷ সেয়েহে পাৰ্থেনিয়াম নামৰ অপতৃণবিধকক পুলিয়ে পোখাই উভালি পেলাবলৈ সংকল্প লৈছে যোৰহাটৰ একাংশ লোকে ৷

যোৰহাটত পাৰ্থেনিয়াম ধ্বংস অভিযান (ETV Bharat Assam)

দেওবাৰে 54 নং চিনামৰা গাঁও পঞ্চায়তৰ নেতৃত্বত দুই সহ্ৰাধিক লোকে চিনামৰা ৰে’ল লাইনৰ পৰা যোৰহাট নগৰ লাহতি ৰে’ল লাইনৰ দাঁতিত ছানি ধৰা অপতৃণ পাৰ্থেনিয়াম উভালি ধ্বংস কৰে ৷ যোৰহাটৰ পৰাই এই বাৰ্তা সমগ্ৰ অসমলৈ বিয়পি পৰক বুলিও দোহাৰে তেওঁলোকে ৷ পাৰ্থেনিয়াম ধ্বংস অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰি অভিযন্তা বিকাশ বৰদলৈয়ে কয় যে, এই মৰাত্মক পাৰ্থেনিয়াম অসমলৈ কেতিয়া আহিছিল সেয়া সঠিকভাৱে ক'ব পৰা নাযায় ৷ সম্ভৱত ৰে’ল লাইন নিৰ্মাণকাৰী সংস্থাৰ কামৰ সময়ত এই পাথেনিয়ামৰ প্ৰথমে ৰে’ল লাইনৰ দাঁতিত বংশ বৃদ্ধি হৈছিল ৷

তেওঁ লগতে কয় যে, ইয়াৰ সংস্পৰ্শলৈ আহিলে পাৰ্থেনিয়াম নামৰ অপতৃণ বিধৰ বাবে শ্বাস প্ৰশ্বাস, ছালৰ বেমাৰ আৰু কেঞ্চাৰ দৰে মৰাত্মক বেমাৰ হ'ব পাৰে ৷ মানুহৰ লগতে মুকলিকৈ থকা জীৱকুলৰ বাবে ই অতি ক্ষতিকাৰক হিচাপে চিহ্নত হৈছে ৷ পাৰ্থেনিয়াম নামৰ অপতৃণবিধৰ দ্ৰুত হাৰত বংশ বৃদ্ধি হৈ খেতি পথাৰৰ লগতে চাহ বাগিচালৈও সম্প্ৰসাৰিত হৈছে ৷ ফলত চাহ উদ্যোগৰ বাবে অশনি সংকেত পাৰ্থেনিয়ামে নমাই আনিছে বুলি অভিযন্তাগৰাকীয়ে উল্লেখ কৰে ৷

উল্লেখ্য যে, বৰ্তমান ৰাজ্যৰ ভিন্ন প্ৰান্তত যাৰ বাবে পাৰ্থেনিয়াম নামৰ অপতৃণ বিধে য’তে ত’তে ছানি ধৰা পৰিলক্ষিত হৈছে ৷ ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’ল লাইনৰ পৰা খেতি পথাৰলৈকে এইবিধ বিষাক্ত অপতৃণই ছানি ধৰিছে৷ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে পথচাৰী ৷ বিশেষজ্ঞসকলৰ মতে এই গছজোপাই সংকট কঢ়িয়াই আনিব পাৰে মানুহৰ জীৱনলৈ ৷ আনকি এই ফুল বতাহত উৰি আহি মানুহৰ সংস্পৰ্শলৈ অহাৰ ফলত শ্বাস-প্ৰশ্বাসত বাধা প্ৰদান কৰে বুলিও বিশেষজ্ঞসকলে জনায় ৷ যিয়ে এজন লোকক শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে জ্বৰ, ব্ৰংকাইটিছ, হাপানী আদি ৰোগত ভুগাব পাৰে ৷

লগতে পঢ়ক :বাক্সাৰ ঘাইপথত বিষাক্ত পাৰ্থেনিয়াম; সাৱধানতা অৱলম্বনৰ আহ্বান প্ৰকৃতিপ্ৰেমীৰ - Poisonous Weed Parthenium

Last Updated : Jul 21, 2024, 10:05 PM IST

ABOUT THE AUTHOR

...view details