লখিমপুৰ, ২২ আগষ্ট :এইবাৰ ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা লাভ কৰিছে এগৰাকী অসমীয়াই ৷ নাম ড৹ পূৰৱী শইকীয়া ৷ ড৹ শইকীয়াই এই বঁটা লাভ কৰাৰ বাবে লখিমপুৰত উঠিছে আনন্দৰ জোৱাৰ ৷ কিয়নো ড৹ পূৰৱী শইকীয়া হৈছে লখিমপুৰৰ চিয়াজুলি বাগান গাঁৱৰ নিবাসী কৃষক প্ৰয়াত চন্দ্ৰেশ্বৰ শইকীয়া আৰু আইধান শইকীয়াৰ কনিষ্ঠ কন্যা ৷
বৰ্তমান শইকীয়া বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা হিচাবে কৰ্মৰত ৷ বৃহস্পতিবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ড৹ পূৰবী শইকীয়াই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা চলিত বৰ্ষৰ বিজ্ঞানৰ সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা গ্ৰহণ কৰে ৷
- ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ :
এইবাৰ কেন্দ্ৰীয় চৰকাৰে ৩৩ টা ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ ঘোষণা কৰে । ড৹ শইকীয়াকে ধৰি বঁটাপ্ৰাপ্ত সকলো গৱেষকক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দিনৰ ১১ বজাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰে । ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰচাৰিত এই বঁটা প্ৰদান অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰি ড৹ পূৰৱী শইকীয়াই পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণী পৰ্যন্ত শিক্ষাগ্ৰহণ কৰা জন্ম গাঁওখনত অৱস্থিত দীৰ্ঘা মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় ।
এই আনন্দতে শিক্ষক সমাজে তেওঁৰ মাতৃক বাসগৃহত গৈ এখন চেলেং চাদৰ আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে । ইফালে লখিমপুৰৰ জীয়াৰী ড৹ পূৰৱী শইকীয়াই আজি বঁটা গ্ৰহণ কৰা বুলি জানিব পাৰি সমগ্ৰ জিলাবাসীয়েই তেওঁৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে ৷
লগতে পঢ়ক :বিশ্ব আলোকচিত্ৰ দিৱসত সৌৰভ দুৱৰাক 'ফটো সাংবাদিকতা বঁটা' প্ৰদান - World Photography Day
- পূৰৱী শইকীয়াৰ শিক্ষাজীৱন :
সৰুৰে পৰা মেধাসম্পন্ন পূৰৱী শইকীয়াই চিয়াজুলিস্থিত দীৰ্ঘা মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল । উক্ত মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে ।