গোলাঘাট, ১৮ এপ্ৰিল : ৰাজ্যত অব্যাহত আছে চিকিৎসক নিগ্ৰহৰ ঘটনা । এইবাৰ পুনৰ মেৰাপানীত সংঘটিত হৈছে এই জঘন্য ঘটনা । মেৰাপানী সমূহীয়া চিকিৎসালয়ৰ এজন চিকিৎসকক কৰ্তব্যৰত অৱস্থাত দুই যুৱকে মৰিয়াই আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে । বুধবাৰে নিশা কৰ্তব্যৰত অৱস্থাতে চিকিৎসকজনক নিগ্ৰহৰ ঘটনা সংঘটিত হয় ।
এই ঘটনাত গুৰুতৰভাৱে আহত হয় ডাঃ মনিম আল মাছুদ আহমেদ । ঘটনা অনুসৰি, বুধবাৰে নিশা নৱগ্ৰাম বিজয়পুৰৰ পাপু শইকীয়া নামৰ এজন যুৱকে মূৰত আঘাতপ্ৰাপ্ত হৈ আন এজন বন্ধুৰ সৈতে মেৰাপানী চিকিৎসালয়লৈ আহে । সেই সময়ত চিকিৎসালয়খনত কৰ্তব্যত নিয়োজিত হৈ আছিল চিকিৎসক ডাঃ মনিম আল মাছুদ আহমেদ ।
পাপু নামৰ ৰোগীজনে আন এজন সতীৰ্থসহ চিকিৎসকজনৰ ওচৰলৈ চিকিৎসাৰ বাবে আহে যদিও কোনো ধৰণৰ টিকট সংগ্ৰহ নকৰাৰ বাবে ডাঃ আহমেদে ১নং কোঠাৰ পৰা টিকট এটা সংগ্ৰহ কৰি আনিবলৈ কয় । কিন্তু ইয়াৰ বিপৰীতে দুই যুৱকক চিকিৎসকজনে ১নং কোঠালৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা বুলিহে কয় ।