হাফলং, ৮ আগষ্ট :স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত পুনৰ ডিমা হাছাওত প্ৰতিবাদ । বৃহস্পতিবাৰে স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ডিমাছা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ অনুসৰি ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাক সামৰি পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই প্ৰতিবাদী কাৰ্যসূচীত ডিমাছা ছাত্ৰ সন্থাৰ লগতে জিলাখনৰ বিভিন্ন ছাত্ৰ সংগঠনে অংশগ্ৰহণ কৰে ।
ডিমাছা ছাত্ৰ সন্থাৰ দাবী :
ইফালে ডিমাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙে কয়,"এই প্ৰতিবাদ আজিৰ নহয়, ৩৩ বছৰৰ পৰা ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন দল-সংগঠনে সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ অনুসৰি পৃথক স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত আন্দোলন কৰি আহিছে । কিন্তু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আমাৰ এই দাবীৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ।" তেওঁ লগতে কয়,"পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবী আমাৰ সাংবিধানিক অধিকাৰ, আমাৰ কৃষ্টি, সংস্কৃতি আৰু ভাষা ৰক্ষাৰ বাবে পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠন অত্যন্ত জৰুৰী । এই দাবী ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ সাধাৰণ ৰাইজৰ দাবী ।"