অসম

assam

ETV Bharat / state

চিনাকী নিমকীৰ সফলতাৰ অচিনাকী কাহিনী - DIBRUGARH BUSINESS WOMEN

অলপ ময়দা-ৰিফাইন তেলেৰে ঘৰতেই ৯০ টকাৰে আৰম্ভ কৰা চিনাকী নিমকী এতিয়া যাব বিশ্বৰ বজাৰলৈ ৷ কৰ্ম-সংস্কৃতিৰে আদৰ্শ দেখুওৱা দুই যুৱতীৰ সফল ব্যৱসায়িক যাত্ৰা ৷

Dibrugarh women earns lakhs par month With nimki Startup
চিনাকী নিমকীৰ গৰাকী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 17, 2024, 1:58 PM IST

ডিব্ৰুগড় : ৰাজ্যখনৰ হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰা সময়ত ডিব্ৰুগড় চহৰৰ মিলন নগৰৰ দুই যুৱতীয়ে দেখুৱাইছে কৰ্ম সংস্কৃতি । আদৰ্শমূলক কাম-কাজৰ বাবে এতিয়া সমগ্ৰ ডিব্ৰুগড় চহৰৰ লগতে উজনি অসমত সৰৱ চৰ্চা লাভ কৰিছে ডিব্ৰুগড়ৰ গীতাঞ্জলি শইকীয়া আৰু শিৱানী শইকীয়াই ।

জীৱনত কিবা এটা কৰি দৰিদ্ৰ পৰিয়ালটোক আৰ্থিকভাৱে টনকিয়াল কৰাৰ দুৰ্বাৰ হেঁপাহ থকা দুই যুৱতীয়ে ছয় বছৰ পূৰ্বে ৯০ টকা মূলধনেৰে অলপ ময়দা আৰু ৰিফাইন তেল লৈ ঘৰতেই আৰম্ভ কৰিছিল নিমকী বনাবলৈ । ঘৰতেই নিমকী বনাই এখন চাইকেল লৈ ঘৰৰ কাষৰ দোকানসমূহত নিজেই প্ৰথমে নিমকীসমূহ দি আহিছিল ।

চিনাকী নিমকীৰ গৰাকী (ETV Bharat Assam)

জীৱনত কিবা এটা কৰি সফল হোৱাৰ প্ৰৱল ইচ্ছা থকা গীতাঞ্জলি আৰু শিৱানীয়ে অতি উন্নতমানৰ নিমকী বনাই দোকানত দিয়াৰ চেষ্টা কৰিছিল । ফলত নিজ গৃহতে নিমকী বনাই সমগ্ৰ ডিব্ৰুগড় চহৰত নিমকীৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছিল । লাহে লাহে দোকানবিলাকে সঘনাই বিচৰা হ'ল নিমকী । যেন গীতাঞ্জলি শইকীয়া আৰু শিৱানী শইকীয়াৰ সপোনে এখোজ আগুৱালে ।

ঘৰতেই নিমকী বিক্ৰী কৰি পোৱা ধনেৰে ‘‘চিনাকি ফুড প্ৰডাক্ট’’ নামৰ এটি সৰু উদ্যোগ আৰম্ভ কৰিলে । যি উদ্যোগ এতিয়া সংস্থাপিত কৰিছে বহু যুৱতীক । ছয়গৰাকীকৈ মহিলাক এতিয়া নিজৰ ফেক্টৰীতে কৰ্ম সংস্থাপন দিবলৈ সক্ষম হোৱা দুই যুৱতীয়ে আজি বিজ্ঞানসন্মতভাৱে বজাৰলৈ পেকেজিং কৰি মুকলি কৰিলে চিনাকী নিমকী ।

  • মাত্ৰ ৯০ টকা মূলধনেৰে আৰম্ভ কৰা নিমকী ব্যৱসায়েৰে মাহিলী লাখ টকা উপাৰ্জন :

নিজৰ পৰিয়ালৰ আৰ্থিক সমস্যাৰ পৰা দূৰ কৰিবলৈ গীতাঞ্জলি শইকীয়া আৰু শিৱানী শইকীয়াই কেৱল মাত্ৰ ৯০ টকাৰ পৰা ব্যৱসায় আৰম্ভ কৰি বৰ্তমান মাহিলী উপাৰ্জন কৰিছে কেইবালাখ টকা । পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবেই মাত্ৰ ৯০ টকা মূলধন হিচাপে লৈ ২০১৯ চনৰ ৩ মাৰ্চত দুই যুৱতীয়ে আৰম্ভ কৰিছিল "চিনাকি ফুড প্ৰডাক্ট" নামৰ এটি সৰু ব্যৱসায় । ঘৰতে আৰম্ভ কৰিছিল নিমকী প্ৰস্তুত কৰা কাৰখানা ।

প্ৰথম অৱস্থাত নিজে দোকানে দোকানে নিমকী দিছিল । ইয়াৰ মাজতে বহু অৱহেলা হতাশাক হেলাৰঙে জয় কৰি আগুৱাই গৈছিল । উচ্চ শিক্ষিত গীতাঞ্জলী আৰু শিৱানীয়ে এতিয়া নিজৰ পৰিয়ালৰ লগতে আন ছয়গৰাকী যুৱতীক কৰ্ম-সংস্থাপন প্ৰদান কৰিছে ।

এতিয়া দুই যুৱতীৰ ‘‘চিনাকী প্ৰডাক্ট’’ উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ লগতে উত্তৰ অসমৰ ধেমাজি, লখিমপুৰ, বৰপেটাত নিমকীৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে । এই দুই যুৱতীৰ ঈৰ্ষণীয় সফলতাত ডিব্ৰুগড়ৰ সচেতন ৰাইজে শলাগ লোৱাৰ লগতে বহুতৰ বাবে আদৰ্শ হৈ পৰিছে ।

  • পেকেজিং চিনাকী নিমকী মুকলি কৰিলে দুই যুৱতীয়ে :

ঘৰতে সৰু নিমকী উদ্যোগ স্থাপন কৰি অতি সোৱাদ যুক্ত নিমকী প্ৰস্তুত কৰি বজাৰ দখল কৰিবলৈ সক্ষম হোৱা গীতাঞ্জলি শইকীয়া আৰু শিৱানী শইকীয়াৰ সফলতাত দিলে আৰু এখোজ । সাহস, একাগ্ৰতা আৰু ধৈৰ্য থাকিলে সকলো কামেই যে সফল কৰিব পাৰি সেই কথা প্ৰমাণ কৰি দেখুওৱা দুই যুৱতীয়ে আজি আনুষ্ঠানিকভাৱে পেকেজিং চিনাকী নিমকী মুকলি কৰিলে ।

ডিব্ৰুগড় সাহিত্য সভা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত উদ্যোগপতি, নদী পৰ্যটনৰ লগত জড়িত গৌতম বৰদলৈৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পেকেজিং চিনাকী নিমকী মুকলি কৰে । এতিয়াৰে পৰা বিভিন্ন কোম্পানীয়ে বজাৰত উলিওৱা খাদ্য পেকেটৰ সৈতে দোকানে দোকানে একেলগে দেখা যাব চিনাকী নিমকী ।

  • প্ৰতিগৰাকী যুৱতীক স্ব-নিৰ্ভৰশীলৰ বাবে আগুৱাই আহিবলৈ আহ্বান গীতাঞ্জলি, শিৱানীৰ :

অতি সোৱাদ যুক্ত নিমকী প্ৰস্তুত কৰি বজাৰ দখল কৰিবলৈ সক্ষম হোৱা গীতাঞ্জলি শইকীয়া আৰু শিৱানী শইকীয়াই সফলতাৰে আৰু এখোজ আগুৱাই যোৱা পাছতে সংবাদ মাধ্যমত কয়, ‘‘আজি আমাৰ বাবে আনন্দৰ দিন । আজিৰে পৰা উন্নতমানৰ পেকেজিং নিমকী বজাৰৰ বাবে মুকলি কৰা হৈছে । আমাৰ এই যাত্ৰা একেবাৰে সহজ নাছিল । বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি আমি আজি এই স্থানত আহি পাইছোহি ।’’

‘‘৯০ টকা মূলধন লৈ আৰম্ভ কৰা ব্যৱসায়টোৰ কথা চিন্তা কৰিলে আজি আমি আচৰিত হৈ পৰো । এই ক্ষেত্ৰত বেংকে ঋণ প্ৰদান কৰি সহযোগিতা কৰিছে । বহু দোকানীয়ে ল'ব খোজা নাছিল যদিও যিসকলে নিমকী বিক্ৰী কৰি আমাক উৎসাহিত কৰিছিল সকলোকে ধন্যবাদ জনাইছো । খৰিৰ জুইত নিমকী ভাজি মমত নিমকীৰ পেকেট কৰিছিলো । কিন্তু এতিয়া সকলো মেচিনৰ দ্বাৰা কৰা হয় । নিমকীসমূহ ছমাহলৈকে যাতে বেয়া নহয় তাৰ বাবে গুৰুত্ব প্ৰদান কৰা হৈছে । বহু চেষ্টা কৰি এই স্থানত উপনীত হ'ব পাৰিছো, সেয়ে সকলো যুৱতীক স্ব-নিৰ্ভৰশীলৰ বাবে আগুৱাই আহিবলৈ আহ্বান জনাইছো ।’’ তেওঁলোকে কয় ৷

লগতে পঢ়ক :চাকৰিয়েই শেষ আশা নহয়; নিমকী বেচিও থিয় দিব পাৰি নিজৰ ভৰিত; গীতাঞ্জলি-শিৱানীয়ে দেখুৱাই দিলে - Self reliant Business women

লগতে পঢ়ক :Dibrugarh Women self reliant story: নিমকী ব্যৱসায়েৰে স্বাৱলম্বী হোৱা ডিব্ৰুগড়ৰ দুগৰাকী কৰ্মোদ্যমী যুৱতী

ABOUT THE AUTHOR

...view details