অসম

assam

ETV Bharat / state

নাহৰৰ দেশত বেলটৰ যুঁজ; ১৪ টা পদত ২৯ গৰাকী প্ৰাৰ্থীৰ যুঁজ - DU Election 2024 - DU ELECTION 2024

Dibrugarh University: পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । ৪ টা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থীৰ জয়লাভ । ১৪ টা পদত ২৯ গৰাকী প্ৰাৰ্থীয়ে কৰিছে প্ৰতিদ্বন্দ্বিতা ।

Dibrugarh University
নাহৰৰ দেশত বেলটৰ যুঁজ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 3, 2024, 1:20 PM IST

ডিব্ৰুগড়,৩ অক্টোবৰ :নাহৰৰ দেশ হিচাপে জনাজাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উখল-মাখল পৰিৱেশ । স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শিক্ষাৰ্থীসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পুৱাৰে পৰা অনুষ্ঠিত হৈছে নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাত ১৮ টা পদ আছে যদিও বৃহস্পতিবাৰে ১৪ টা পদৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত হৈছে । কিয়নো ছাত্ৰ একতা সভাৰ বাকী ৪ টা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী বিজয়ী হৈছে । ১৪ টা পদত মুঠ ২৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

সভাপতি পদত তিনি গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । একেদৰে সাধাৰণ সম্পাদককে ধৰি আন কেইবাটাও পদত দুগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । বিশ্ববিদ্যালয়ৰ ৫ হাজাৰ শিক্ষাৰ্থীয়ে নিৰ্বাচিত কৰিব তেওঁলোকৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধিসকলক । বিয়লি ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিচতে আৰম্ভ হ'ব ভোটগণনা । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ বিগত প্ৰায় এটা মাহে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ।

নাহৰৰ দেশত বেলটৰ যুঁজ (ETV Bharat)

প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকল :

সভাপতি : অৰ্চনা কলিতা, যুগল কিশোৰ গগৈ আৰু সুভাংশু শইকীয়া

উপ-সভাপতি : ভাস্কৰ জ্যোতি পাৱে, শুভাংগ বৰঠাকুৰ

সাধাৰণ সম্পাদক : অৰুণাভ হাজৰিকা, লেনিশ মিলি

সহকাৰী সাধাৰণ সম্পাদক : হিৰুজ বৰুৱা, পলাশ জ্যোতি চলিহা

আলোচনী সম্পাদক : ধ্ৰুৱজ্যোতি বৰগোঁহাই, মৃণ্ময় বৰা

সংগীত সম্পাদক : গৌৰৱজ্যোতি নেওগ, ৰাজদ্বীপ হাজৰিকা

সাংস্কৃতিক সম্পাদক : ভৈৰৱ কুমাৰ গগৈ, উতথ্য কাশ্যপ

তৰ্ক আৰু আলোচনা চক্ৰ সম্পাদক : হামিম শাফিক শইকীয়া, নিয়াজুল ইছলাম

কলা আৰু সাহিত্য সম্পাদক : অংকিতা শৰ্মা, কৰৱী গগৈ

সাধাৰণ ক্ৰীড়া সম্পাদক :অনুৰাগ শইকীয়া, উদয়নজ্যোতি বুঢ়াগোঁহাই

আন্তঃদ্বাৰ ক্ৰীড়া সম্পাদক :চিৰঞ্জীৱ বৰা, হেমা লামা

ফুটবল সম্পাদক : অবিনাশ সুত, ৰাহুল ডাৰিক

সমাজ সেৱা সম্পাদক : গ্লৰী মুছাহাৰী, খামীৰঞ্জন ভূঞা

জিমনেচিয়াম সম্পাদক : জাখ্যজ্যোতি গগৈ, পলাশ ৰঞ্জন শইকীয়া

ভলীবল সম্পাদক : নিজম বসুমতাৰী

ছাত্ৰ জিৰণি কোঠা : দ্বীপ জ্যোতি ফুকন

ছাত্ৰী জিৰণি কোঠা : প্ৰতিষ্ঠা কাশ্যপ

ক্ৰিকেট সম্পাদক :জয়িং চাওহাই

লগতে পঢ়ক :কৃষ্ণচূড়াৰ দেশত উৰিল গেৰুৱা পতাকা - GU Election results 2024

ABOUT THE AUTHOR

...view details