মৰাণ, ৯ ছেপ্টেম্বৰ:অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰে বিলাসী জীৱন কটোৱা ২২ বছৰীয়া ডিব্ৰুগড়ৰ বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ কাহিনীয়ে ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰিছে । কম বয়সতে আনৰ টকাৰে বিলাসী জীৱন কটোৱা বিশাল ফুকন শনিবাৰৰ পৰা থাকিবলগীয়া হৈছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ।
বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি ক্ৰয় কৰা সম্পত্তিক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । সোমবাৰে বিশাল ফুকন আৰু ৰঞ্জিত কাকতিয়ে অনলাইন ট্ৰেডিঙৰ নামত কৰা প্ৰৱঞ্চনা সম্পৰ্কে প্ৰথমবাৰৰ বাবে মুখ খুলিলে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে।
- ট্ৰেডিঙৰ বৈধতা সংস্থাসমূহৰ সৈতে যোগাযোগ :
ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে বিশাল ফুকনৰ অনলাইন ট্ৰেডিং সন্দৰ্ভত কয়," বিশাল ফুকনৰ গোচৰ চি আই ডিক দিয়া হৈছে । বিশাল ফুকনৰ ১৮ টা বেংক একাউন্ট ছীল কৰা হৈছে । যিবিলাক সম্পত্তি ছীল কৰা হৈছে তাৰ সকলো পৰীক্ষা কৰি থকা হৈছে । সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে অনলাইন ট্ৰেডিঙৰ বৈধতা সংস্থাসমূহৰ সৈতে যোগাযোগ কৰা হৈছে তথ্য সংগ্ৰহৰ বাবে ।"
- ৭৮ জনলৈ জাৰি কৰা হৈছে জাননী :
আৰক্ষী অধীক্ষকগৰাকীয়ে পুনৰ কয়," বিশাল ফুকনৰ ঘটনাৰ লগত জড়িত ৬ জনক থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে । এই ৬ জনৰ বিৰুদ্ধে জাৰি কৰা হৈছে লুক-আউট ন'টিছ ৷ আনহাতে, ৭৮ জন লোকক জেৰাৰ বাবে বাবে জাননী জাৰি কৰা হৈছে । বিশাল ফুকনৰ পৰিয়ালৰ বহুকেইজন লোকক থানাত হাজিৰ হ'বলৈ জাননী দিয়া হৈছে । " লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "বিশাল ফুকনৰ ঘটনাক লৈ চুমী বৰা, তেওঁৰ স্বামীৰ লগতে ভাতৃক থানাত হাজিৰ হ'বলৈ জাননী দিয়া হৈছে যদিও থানালৈ অহা নাই । চুমী বৰাক গ্ৰেপ্তাৰৰ বাবে বহিঃৰাজ্যৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰা হৈছে । "
- প্ৰায় ১০০ কোটিৰ প্ৰৱঞ্চনা বিশাল ফুকনৰ :
বিশাল ফুকনে কিমান ধনৰ লেনদেন কৰিছিল তাৰ সম্পূৰ্ণ তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়," বিশাল ফুকনৰ ঘটনাক লৈ আয়কৰ বিভাগক পত্ৰ প্ৰেৰণ কৰা হৈছে । বিশাল ফুকনৰ সমগ্ৰ প্ৰৱঞ্চনাৰ ঘটনাটো প্ৰায় ১০০ কোটি মান হ'ব ।"