ডিব্ৰুগড়,২১ জুন:শুকুৰবাৰৰ পৰা অসমৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে কাৰ্যকৰী হ'ল ডিব্ৰুগড় পৌৰ নিগম । ইয়াৰ লগে লগে ডিব্ৰুগড়বাসীৰ বাবে আজি এক বিশেষ দিন হিচাপে বিবেচিত হ'ল । কিয়নো গুৱাহাটীৰ মহানগৰৰ পাচতে এখন আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড় চহৰখন । অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, মোহনবাৰী বিমানবন্দৰ আৰু শেহতীয়াকৈ গেছ ক্ৰেকাৰ প্ৰকল্প আৰম্ভ হোৱাত ডিব্ৰুগড় চহৰখন ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হৈ উঠিছে ।
উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে বিবেচিত হৈছে ডিব্ৰুগড় চহৰ । ১৮৭৩ চনতে গঠিত অসমৰ প্ৰথমখন ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী কৰি আহিছিল ডিব্ৰুগড়ৰ ৰাইজে । দীৰ্ঘদিন ধৰি চলি থকা চৰ্চাৰ অন্তত শুকুৰবাৰে ডিব্ৰুগড় পৌৰসভা পৌৰনিগম হিচাপে কাৰ্যকৰী হৈ উঠিল । ২২ টা ৱাৰ্ডেৰে গঠিত ডিব্ৰুগড় পৌৰ নিগম । শুকুৰবাৰে ডিব্ৰুগড় পৌৰসভাৰ পৰা পৌৰনিগমলৈ উন্নীত কৰণৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয় ।
১৮৭৩ চনতেই গঠন হোৱা ডিব্ৰুগড় পৌৰসভা পৌৰ নিগমলৈ উন্নীত হোৱাৰ পাছত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত মুঠ ২২ গৰাকী পাৰিষদৰ সদস্যক লগত লৈ প্ৰথম গৰাকী মেয়ৰ হিচাপে শপত গ্ৰহণ কৰে ড৹ চৈকত পাত্ৰৰ লগতে উপ-মেয়ৰ হিচাপে শপত গ্ৰহণ কৰে উজ্জ্বল ফুকনে । উক্ত অনুষ্ঠানত নৱ-নিৰ্মিত ডিব্ৰুগড় পৌৰ নিগমৰ ভৱনটোও মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
ডিব্ৰুগড় জিলা আয়ুক্তই নৱ গঠিত মেয়ৰ, উপ-মেয়ৰ আৰু পাৰিষদ সকলক শপত বাক্য পাঠ কৰোৱায় । এই শপতগ্ৰহণ অনুষ্ঠানত ডিব্ৰুগড়ৰ ৰাইজৰ লগতে উপস্থিত থাকে ভাৰতৰ বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল, প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বড়া, বিধায়ক প্রশান্ত ফুকন, ৰাজ্যৰ পৌৰ প্ৰশাসন বিভাগৰ সঞ্চালক টংকেশ্বৰ দাস , ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিক্রম কৈৰীৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি ।