অসম

assam

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন, পদত্যাগ ভাৰপ্ৰাপ্ত সভাপতিৰ

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 7:28 AM IST

New committee of Dibrugarh AASU: অৱনী কুমাৰ গগৈক সভাপতি আৰু অৰ্জুন ছেত্ৰীক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন । দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভিত হৈ পদত্যাগ ভাৰপ্ৰাপ্ত সভাপতি ঋতুপৰ্ণ হাতীবৰুৱাৰ । ডিব্ৰুগড় জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ সমস্যাসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ সংকল্প নতুন সভাপতি তথা সম্পাদকৰ ।

Dibrugarh District AASU forms new committee
ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

ডিব্ৰুগড়,৮ ফেব্ৰুৱাৰী:অসমৰ জাতীয় জীৱনৰ শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা । উজনি অসমৰ আছুৰ শক্তিশালী সাংগঠনিক ভেঁটি থকা জিলা হৈছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা । এই সদৌ ডিব্রুগড় জিলা ছাত্র সন্থাৰ বিংশতিতম সাধাৰণ অধিবেশন টেঙাখাত আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত সোমবাৰৰ পৰা দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হয় টেঙাখাত মহাবিদ্যালয় খেলপথাৰত ৷

এই অধিবেশনৰ কার্যসূচী অনুসৰি সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত বুধবাৰে চূড়ান্ত হয় ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নতুন সমিতি । অৱনী কুমাৰ গগৈক সভাপতি আৰু অৰ্জুন ছেত্ৰীক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন কৰা হয় । সমগ্ৰ ডিব্ৰুগড় জিলাখনৰ ১৫ খনকৈ আঞ্চলিক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছুৰ প্ৰতিনিধিৰে গঠিত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিকৰ পৰা বিভিন্নজনে লাভ কৰিছে বিভিন্ন দায়িত্ব ।

নতুন সমিতি চূড়ান্ত হোৱা পাছতে নতুন সভাপতি সম্পাদকক অধিৱেশনস্থলীতে গামোচা পিন্ধাই আদৰণি জনাই আছু কৰ্মীসকলে । দায়িত্ব লাভ কৰিয়ে সভাপতি অৱনী কুমাৰ গগৈ আৰু সম্পাদক অৰ্জুন ছেত্ৰীয়ে টেঙাখাত মহাবিদ্যালয়ৰ চৌহদত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি শ্বহীদক শ্ৰদ্ধা জনায় ।

দায়িত্ব লাভ কৰি নতুন সভাপতি সম্পাদকে কয়, ডিব্ৰুগড় জিলাখনত ছাত্ৰ- ছাত্ৰীৰ বহু সমস্যা আছে সেইসমূহ সমাধানৰ বাবে শক্তিশালীভাৱে চৰকাৰৰ দৃষ্টিগোচৰ কৰা হ'ব । লক্ষ্যণীয় বিষয়টো হ'ল জিলাৰ নতুন সমিতি চূড়ান্ত হোৱা পাছতেই কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভিত হৈ পদত্যাগ কৰে ভাৰপ্ৰাপ্ত সভাপতি ঋতুপৰ্ণ হাতীবৰুৱাই । জানিব পৰা অনুসৰি জিলাৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত থকা ঋতুপৰ্ণ হাতীবৰুৱাই সভাপতিৰ পদ দাবী কৰিছিল যদিও শেষত কেন্দ্ৰীয় নেতৃত্বই অৱনী কুমাৰ গগৈক এই দায়িত্ব দিয়াত পদত্যাগ কৰে বুলি ঋতুপৰ্ণ হাতীবৰুৱাই জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে মঙলবাৰে অনুষ্ঠিত অধিবেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উৎপল শৰ্মা, সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে সাংস্কৃতিক জগতৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিম, কণ্ঠশিল্পী ৰিছা ভাৰদ্বাজ, পম্পী পূৰৱীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:মিচিং যুৱ মহোৎসৱলৈ বছৰি 1 কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details