ধেমাজি, ৩০ মাৰ্চ : অসমীয়া হেঁপাহৰ ৰঙালী বিহুলৈ মাজত প্ৰায় এপষেক । গছৰ ডালে ডালে কুলি-কেতেকীৰ অমিয়া মাত আৰু বিহু আখৰাতলীত ঢোলৰ গুমগুমনিয়ে কঢ়িয়াই আনিছে ৰঙালীৰ বতৰা ৷ শিপিনী ব্যস্ত তাঁতশালত । ঢোল-পেঁপা, গগনা গোটোৱাত ব্যস্ত বিহুৱা নাচনী । চৌদিশে মাথোঁ ৰঙালীক আদৰাৰ ব্যাপক ব্যস্ততা ।
ৰঙালী বিহুৰ আটাইতকৈ প্ৰয়োজনীয় লোকবাদ্যবিধেই হৈছে ঢোল ৷ ঢোলত চাপৰ ঠিকমতে নপৰিলে নাচনীৰ লাহী কঁকাল নাভাঙে ৷ প্ৰকৃততে ক’বলৈ গ'লে ঢোলেহে আনে ৰঙালী বিহুৰ মাদকতা ৷ সেয়ে বিহুৰ প্ৰাকমুহূৰ্তত বিভিন্ন ঢোলৰে সৰু বৰ বিপণীসমূহ ভৰি পৰিছে ৷
ধেমাজি জিলাৰ ভিতৰতে বিখ্যাত অন্যতম ঢোলৰ ব্যৱসায় প্ৰতিষ্ঠান হৈছে মাছখোৱা চাৰিআলিত থকা অমূল্য বাদ্য ভাণ্ডাৰ ৷ এই অমূল্য বাদ্য ভাণ্ডাৰত ঢোল, খোল, তবলা, নেগেৰা আদি সকলো লোকবাদ্য নিৰ্মাণ কৰে ৷ বিপনীখনৰ স্বত্বাধিকাৰ শম্ভূ দাসে জানিবলৈ দিয়া অনুসৰি অমূল্য বাদ্য ভাণ্ডাৰত এইবেলি বিহুৰ বাবে লাভ কৰিছে পাঁচশৰো অধিক ঢোল ৷