অসম

assam

একেদিনাই দুটাকৈ গঁড় হত্যা: কাৰণ বিচাৰি কাজিৰঙাত উপস্থিত ডি জি পি

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 10:35 PM IST

Rhino killing : কাজিৰঙাত গঁড় হত্যাক কেন্দ্ৰ কৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ পৰ্যালোচনা সভা অনুষ্ঠিত ৷ চোৰাং চিকাৰী চিনাক্ত কৰিবলৈ উদ্যানৰ প্ৰৱেশ-প্ৰস্থানৰ ৰিক্ত স্থানত কমাণ্ডো মোতায়নৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

DGP GP SINGH at Kaziranga
কাজিৰঙাত একেদিনাই দুটাকৈ গঁড় হত্যা

কাজিৰঙাত একেদিনাই দুটাকৈ গঁড় হত্যা,

কাজিৰঙা, 6 ফেব্ৰুৱাৰী : কাজিৰঙাত একেদিনাই দুটাকৈ গঁড় হত্যা কৰা চোৰাং চিকাৰীক বিচাৰি তৎপৰ হৈছে প্ৰশাসন ৷ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে মঙলবাৰে কাজিৰঙাত উপস্থিত হৈ ইতিমধ্যেই চোৰাং চিকাৰীকেইটাক চিনাক্ত কৰা হৈছে বুলি স্পষ্ট কৰিছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সৈতে মংগলবাৰে কাজিৰঙা বন বিভাগৰ সভাকক্ষত গঁড় হত্যাৰ সন্দৰ্ভত অনুষ্ঠিত এক পৰ্যালোচনা সভাত অংশ লৈ সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান সিঙে কয় যে, যোৱা ২২ জানুৱাৰীত কাজিৰঙাত দুটাকৈ গঁড় হত্যা কৰা আটাইকেইটা চিকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশৰ প্ৰৱেশ আৰু প্ৰস্থানৰ ৰিক্ত এলেকাসমূহত কমাণ্ডো মোতায়নৰ প্ৰস্তাৱ ৰখা হৈছে ৷

উল্লেখ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিয়াগোম বন বিভাগৰ নিৰাপত্তা বেষ্টনীক প্ৰত্যাহ্বান জনাই চোৰাং চিকাৰীয়ে নতুন বছৰৰ প্ৰথম মাহতে অত্যাধুনিক মাৰণাস্ত্ৰৰে দুটাকৈ গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই যোৱা ২৬ জানুৱাৰীৰ নিশা ঘটনাত জড়িত জগু পেগু নামৰ এজন লোকক চোৰাং চিকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। লগতে মাটিত পুতি থোৱা অৱস্থাৰ পৰা এটা খৰ্গও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তদুপৰি, গঁড় হত্যাত ব্যৱহৃত এ কে ৪৭ ৰাইফল, সজীৱ গুলীসহ উদ্ধাৰ কৰাৰ লগতে বিভিন্ন আপত্তিজনক নথিপত্ৰ উদ্ধাৰ হৈছিল ৷

ইয়াৰ পিচতে চোৰাং চিকাৰীৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জগু পেগুৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা ২৮ জানুৱাৰীৰ নিশা বোকাখাত আৰক্ষীৰ এটা দল সহ চোৰাং চিকাৰী জগু পেগুক লৈ গঁড়ৰ খৰ্গ উদ্ধাৰৰ বাবে আগৰাতলি বনাঞ্চলৰ উত্তৰে থকা চাপৰিলৈ যাত্ৰা কৰিছিল । ব্ৰহ্মপুত্ৰৰ মাজভাগ পাওঁতে জগু পেগুৱে হেণ্ডকাফ সহ ব্ৰহ্মপুত্ৰৰ পানীত জাঁপ দিয়ে ৷

ইপিনে, আজি দহদিনে গঁড় চিকাৰী জগু পেগুৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষী-বন বিভাগে। ইয়াৰ মাজতে জগু পেগুক এ কে ৪৭ ৰাইফল যোগান ধৰাৰ অভিযোগত যোৱা ২ ফেব্ৰুৱাৰীত গোগামুখৰ পৰা আটক কৰা হয় সুখদেউ কুটুমক ৷ পৰৱৰ্তী সময়ত সুখদেউক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ সমান্তৰালভাৱে বোকাখাতৰ লৱনঘাটৰ পৰাও এটা দম্পতীক গঁড়ৰ খৰ্গৰ অংশসহ আৰক্ষীয়ে আটক কৰিছে ৷

লগতে পঢ়ক:ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব পাঁচবাৰৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে

ABOUT THE AUTHOR

...view details