গুৱাহাটী, ১১ অক্টোবৰ:মহিষমৰ্দিনী বন্দনাৰে মুখৰ হৈছে সমগ্ৰ ৰাজ্য । শাৰদীয় দুৰ্গা পূজাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে । বিল্ববোধনৰে ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছতে ৰাজ্যজুৰি উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । ৰাজ্য়ৰ শক্তিপীঠৰ লগতে নীলাচলৰ বুকুৰ কামাখ্যা মন্দিৰতো চলিছে দেৱী দুৰ্গাৰ আৰাধনা ।
শুকুৰবাৰে অষ্টমী আৰু নৱমীৰ দিনটোত কামাখ্যা ধাম পুৱাৰে পৰা লোকাৰণ্য হৈ পৰিছে । পুৱাৰে পৰা অগণন ভক্তই ভিৰ কৰি কামাখ্যা দেৱালয়ত আশিস ল'বলৈ শাৰী পাতিছে । নিজৰ মনোকামনা পূৰণৰ অৰ্থে মা কামাখ্যালৈ আগবঢ়াইছে পূজা-অৰ্চনা ।
ইপিনে,মন্দিৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি আজি পুৱাৰ ভাগত অষ্টমী পূজাৰ লগতে নৱমী পূজা অনুষ্ঠিত হৈছে । অৰ্থাৎ পুৱাই সম্পন্ন হয় সন্ধিপূজা । কুমাৰী পূজা দুপৰীয়া হয় । বৃহস্পতিবাৰৰ নিশাৰে পৰাই মা কামাখ্যাৰ দৰ্শনৰ বাবে বহু ভক্তই ভিৰ কৰিছে । কিন্তু আজি ১২০০-১৩০০ ভক্তকহে মন্দিৰৰ গৰ্ভগৃহত দৰ্শন কৰিবলৈ দিয়া হ'ব বুলি সদৰী কৰিছে মন্দিৰ কৰ্তৃপক্ষই । কিয়নো আজিৰ দিনটো ৩ ঘন্টামানহে মন্দিৰৰ দুৱাৰ খোলা থাকিব ।
উল্লেখ্য় যে বিগত ২৯ ছেপ্টেম্বৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হয় পষেকীয়া দুৰ্গোৎসৱ । এই পষেকীয়া দুৰ্গোৎসৱৰ মাজেৰে কামাখ্যা দেৱালয়ত অনুষ্ঠিত হৈ আহিছে বিভিন্ন পূজা-অৰ্চনা ।