লখিমপুৰ, 14 আগষ্ট:দেশৰ 78 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো কেইঘন্টামান বাকী । কেইঘন্টামানৰ পাছতে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি উদযাপিত হ’ব স্বাধীনতা দিৱস । সকলোৱে ত্ৰিৰংগ পতাকাৰ তলত সমবেত হৈ শ্বহীদক স্মৰণ কৰাৰ লগতে দেশৰ প্ৰতি শ্ৰদ্ধা নিবেদিব । এই সময়ত পোহৰলৈ আহিছে এক দুখজনক চিত্র ।
স্বাধীনোত্তৰ সময়ৰে পৰা খাদী ত্ৰিৰংগ পতাকাখনৰ যথেষ্ট আদৰ আছিল যদিও বৰ্তমান বজাৰত খাদী পতাকাৰ আদৰ কমা পৰিলক্ষিত হৈছে । ইয়াৰ বিপৰীতে বৃদ্ধি পাইছে চিল্কৰ পতাকাৰ আদৰ ৷ এই তথ্য প্ৰদান কৰিছে লখিমপুৰৰ খাদী গ্ৰামোদ্যোগ ভাণ্ডাৰে ৷
খাদী গ্ৰামোদ্যোগ ভাণ্ডাৰৰ পৰিচালক হিমৰাজ কোঁৱৰে এই সন্দৰ্ভত জনাই, "বিগত সময়ত স্বাধীনতা দিৱস অথবা গণৰাজ্য দিৱসৰ পূৰ্বে সন্তোষজনকভাৱে খাদী পতাকা বিক্ৰী কৰিবলৈ সক্ষম হৈছিলো । ৰাইজেও যথেষ্ট সমাদৰ কৰিছিল খাদী পতাকাখনক । পিছে এইবাৰ একেবাৰে নাই খাদী পতাকাৰ বিক্রী । ন্যূনতম হাৰত বিক্রী হৈছে খাদী পতাকা ।" অৱশ্যে ইয়াৰ বিপৰীতে ৰাস্তা-ঘাটে, দোকানে-পোহাৰে উভৈনদী হৈ পৰা চিল্কৰ পতাকাৰ আদৰ বাঢ়িছে বুলি কয় পৰিচালক হিমৰাজ কোঁৱৰে ।