অসম

assam

আৰক্ষীৰ বাধা নেওচি ওলাই আহিল হাজাৰ হাজাৰ চাহ-আদিবাসী, চৰকাৰক নিৰ্বাচনত প্ৰত্য়ুত্তৰ দিবলৈ সাজু - Tea tribe union protest

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 8:33 PM IST

Protest in Doom Dooma : মাটিৰ পট্টা আৰু জনজাতিকৰণৰ দাবীত চাহ-আদিবাসী জনগোষ্ঠীৰ গণ সমাবেশ । নিপীড়িত চাহ-আদিবাসীসকলৰ প্ৰাপ্য অধিকাৰ বিচাৰি গণতান্ত্ৰিক আন্দোলন । ডুমডুমাৰ পৰাই চৰকাৰক সকীয়নী ।

Tea tribe union protest in Tinsukia
চাহ জনগোষ্ঠী,আদিবাসীৰ প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়া, ১ ছেপ্টেম্বৰ: প্ৰশাসনৰ প্ৰৱল বাধা নেওচি দেওবাৰে তিনিচুকীয়া জিলাৰ চাহ নগৰীত চৰকাৰক হুংকাৰ প্ৰদান কৰি অনুষ্ঠিত হয় এক বিশাল গণ সমাবেশ । ডুমডুমা নগৰ খেলপথাৰত আটছা, আছা, এ চি এম এছ, মহিলা সমিতি, জাতীয় মহাসভা, চাহ কৰ্মচাৰী সন্থাকে আদি কৰি চাহ জনগোষ্ঠী, আদিবাসীৰ কেইবাটাও সংগঠনৰ আহ্বানত এই সমাবেশ অনুষ্ঠিত হয় ৷

চাহ জনগোষ্ঠী,আদিবাসীৰ প্ৰতিবাদ (ETV Bharat Assam)

সংগঠনকেইটাই সমাবেশ আয়োজন কৰিবলৈ জিলা প্ৰশাসনৰ অনুমতি বিচাৰিছিল যদিও প্ৰদান নকৰিলে অনুমতি । তাৰ বিপৰীতে আজি পুৱাৰে পৰা শ শ আৰক্ষীয়ে ৰাজপথত বাধা প্ৰদান কৰে সমাবেশলৈ অহা লোকসকলক । তাৰ পাছতো আৰক্ষীৰ বাধা নেওচি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সমাবেশত হাজাৰ হাজাৰলোক উপস্থিত হয় ৷

শ্ৰমিকৰ নামত পট্টা দিবই লাগিব : আটছা

এই সমাবেশত আটছা নেতৃত্বই শাসকীয় চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়," অসমত বাস কৰা চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক ভূমিৰ অধিকাৰৰ পৰা ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰলৈ এক দীৰ্ঘদিন ধৰি দাবী জনাই থকাৰ পিচতো কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে । শ্ৰমিকৰ আবাস গৃহ থকা মাটি শ্ৰমিকৰ নামত পট্টা দিবই লাগিব । জনজাতিকৰণ কৰিবই লাগিব । দৈনিক মজুৰি বৃদ্ধি নকৰিলে গাদীত থকা চৰকাৰখনক ওফৰাই দিয়া হ'ব ৷"

২০২৬ চনৰ নিৰ্বাচনত দিব প্ৰত্য়ুত্তৰ :

আনহাতে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বই চৰকাৰক হুংকাৰ প্ৰদান কৰি কয়, "মাটিৰ পট্টা আৰু জনজাতিকৰণ নহ'লে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব । এই আন্দোলন ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে ৷ গতিকে পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ নিৰ্বাচনত এসেকা দিয়া হ’ব শাসকীয় দলটোক ৷"

লগতে পঢ়ক:ডুমডুমাত গণ সমাবেশ অনুষ্ঠিত কৰিবলৈ কিয় অনুমতি নিদিলে জিলা প্ৰশাসনে ? - Tea tribe union protest

আদিবাসী অধিকাৰ সম্পৰ্কীয় গণসমাৱেশৰ অনুমতি নিদিয়াৰ বাবে আছাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details